25
May
ভাৰতৰ আদালতসমূহত ওকালতি কৰি থকা প্ৰায় ৩৫ ৰ পৰা ৪০ শতাংশ লোকৰে আইনৰ ডিগ্ৰী সম্পূৰ্ণ ভুৱা। নতুন দিল্লীত এক বিশেষ সাক্ষাৎকাৰত এই বিস্ফোৰক দাবী কৰে জ্যেষ্ঠ অধিবক্তা তথা বাৰ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই। ভুৱা প্ৰমাণপত্ৰৰ জোৰত আদালতত ওকালতি চলাই থকা এনে লোকসকলৰ বাবে সমগ্ৰ আইনী ক্ষেত্ৰখনৰ মৰ্যাদা লাঘব হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এক মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত সৃষ্টি হোৱা ‘ককৰোচ জনতা পাৰ্টি’ নামৰ চৰ্চাৰ প্ৰসংগত মত প্ৰকাশ কৰোঁতে বি চি আইৰ অধ্যক্ষগৰাকীয়ে কয় যে মুখ্য ন্যায়াধীশে আচলতে সেইসকল লোককহে আঙুলিয়াই দিছিল, যিসকলে ভুৱা ডিগ্ৰী কিনি বা তৈয়াৰ কৰি…
