দেশৰ ৩৫-৪০ শতাংশ অধিবক্তাৰ ডিগ্ৰী ভুৱাঃ বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ বিস্ফোৰক দাবী

ভাৰতৰ আদালতসমূহত ওকালতি কৰি থকা প্ৰায় ৩৫ ৰ পৰা ৪০ শতাংশ লোকৰে আইনৰ ডিগ্ৰী সম্পূৰ্ণ ভুৱা। নতুন দিল্লীত এক বিশেষ সাক্ষাৎকাৰত এই বিস্ফোৰক দাবী কৰে জ্যেষ্ঠ অধিবক্তা তথা বাৰ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই। ভুৱা প্ৰমাণপত্ৰৰ জোৰত আদালতত ওকালতি চলাই থকা এনে লোকসকলৰ বাবে সমগ্ৰ আইনী ক্ষেত্ৰখনৰ মৰ্যাদা লাঘব হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এক মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত সৃষ্টি হোৱা ‘ককৰোচ জনতা পাৰ্টি’ নামৰ চৰ্চাৰ প্ৰসংগত মত প্ৰকাশ কৰোঁতে বি চি আইৰ অধ্যক্ষগৰাকীয়ে কয় যে মুখ্য ন্যায়াধীশে আচলতে সেইসকল লোককহে আঙুলিয়াই দিছিল, যিসকলে ভুৱা ডিগ্ৰী কিনি বা তৈয়াৰ কৰি আদালতৰ মজিয়াত ওকালতি কৰিবলৈ আহে।

বাৰ কাউন্সিল অব ইণ্ডিয়াই যেতিয়া দেশজুৰি অধিবক্তাসকলৰ শৈক্ষিক অৰ্হতা আৰু ডিগ্ৰী পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তেতিয়া প্ৰায় ৪০ শতাংশ অধিবক্তাই নিজৰ নথিপত্ৰ পুনৰীক্ষণ ফৰ্মসমূহ জমা দিয়াৰ পৰা বিৰত আছিল। ফৰ্ম পূৰণ নকৰা এই বৃহৎ সংখ্যক অধিবক্তাৰ ডিগ্ৰী ভুৱা হোৱাৰ পূৰ্ণ সন্দেহ প্ৰকাশ কৰে কেন্দ্ৰীয় সংস্থাটোৱে।

আইনী ব্যৱস্থাটোক পংকিলতাৰ পৰা মুক্ত কৰিবলৈ বাৰ কাউন্সিলে এই সমগ্ৰ বিষয়টো ইতিমধ্যে প্ৰধান ন্যায়াধীশৰ দৃষ্টিগোচৰ কো বুলিও জানিবলৈ দিয়ে মনন কুমাৰ মিশ্ৰই। মুখ্য ন্যায়াধীশ সূৰ্য কান্তইও এই ঘটনাৰ ভয়াৱহতা অনুভৱ কৰি সমগ্ৰ ভুৱা ডিগ্ৰীৰ কাৰবাৰটোৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইৰ জৰিয়তে এক উচ্চস্তৰীয় তদন্ত কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। বাৰ কাউন্সিল অব ইণ্ডিয়াই অতি শীঘ্ৰে এই সন্দৰ্ভত এক বিতং আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ভুৱা অধিবক্তাসকলৰ বিৰুদ্ধে এক সৰ্বাত্মক অভিযান আৰম্ভ কৰিব বুলিও জ্যেষ্ঠ অধিবক্তাজনে হুংকাৰ দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *