৫০ লাখ টকাৰ হেৰ’ইন জব্দ; শিলচৰ বাইপাছত আৰক্ষীৰ জালত এজন

কাছাৰ জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত থকা আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে শিলচৰ বাইপাছৰ সমীপত জব্দ কৰা হৈছে প্ৰায় ৫০ লাখ টকা মূল্যৰ হেৰ’ইন। জিলাখনত ড্ৰাগছৰ অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ উদ্দেশ্যে চলোৱা এক নিয়মীয়া তালাচী অভিযানৰ সময়তে আৰক্ষীৰ এটা দলে এই বৃহৎ সফলতা লাভ কৰে।

এক গোপন সূত্ৰৰ পম খেদি শিলচৰ বাইপাছ পথত খাপ পিটি থকা আৰক্ষীৰ দলটোৱে মিজোৰামৰ পঞ্জীয়নভুক্ত এখন বোলেৰ’ বাহন অৱৰোধ কৰি তালাচী চলাওতেই উদ্ধাৰ হয় এই নিষিদ্ধ ড্ৰাগছখিনি।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, জব্দ কৰা বোলেৰ’ বাহনখনৰ ভিতৰত অতি গোপনীয়ভাৱে লুকুৱাই থোৱা আঠটাকৈ চাবোনৰ বাকচৰ পৰা প্ৰায় ৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়। ক’লা বজাৰত এই জব্দকৃত হেৰ’ইনখিনিৰ আনুমানিক মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষী বিভাগে জানিবলৈ দিছে।

এই ড্ৰাগছ সৰবৰাহৰ গোচৰত চহৰুল ইছলাম নামৰ এজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কটো ক’লৈ বিস্তৃত হৈ আছে আৰু ইয়াৰ মূল মাফিয়া কোন, সেই সমগ্ৰ বিষয়টো উদ্ঘাটন কৰিবলৈ কাছাৰ আৰক্ষীয়ে বৰ্তমান এক গভীৰ তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *