Sonakshi Sarkar

1847 Posts
দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত

দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত

নেচাৰ এনভাৰমেণ্ট এণ্ড ৱাইল্ড লাইফ চচাইটি (নিউজ)য়ে দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিবেশন সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত পৰীভ্ৰমী চৰাই পৰ্যবেক্ষণ আৰু নেচাৰ গাইড হিচাপে পেছাগত সুযোগ বিষয়ক শ্রেণীকক্ষ আলোচনা অন্তর্ভুক্ত আছিল। পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীটো নিউজৰ দলৰ উদ্যোগত বিগত নৱেম্বৰ মাহৰ পৰা যোৱা এপ্ৰিললৈ স্থানীয় যুৱ গোটৰ সক্ৰিয় অংশগ্রহণেৰে পৰিচালিত হয় । সমগ্র সমীক্ষা কালত যুৱ অংশগ্ৰহণকাৰীসকলক দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণ, ক্ষেত্ৰ নিৰ্দেশিকা পুথি (Field Guide Books) ব্যৱহাৰ, লগতে ই-বাৰ্ড আৰু আই নেচাৰেলিষ্টৰ  দৰে অনলাইন জৈৱবৈচিত্ৰ্যৰ তথ্য ভাণ্ডাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হৈছিল । অংশগ্ৰহণকাৰীসলক চৰাইৰ অসমীয়া নাম শিকিবলৈ আৰু নথিভুক্ত কৰিবলৈও উৎসাহিত কৰা হৈছিল,…
Read More
নৱগঠিত চৰকাৰৰ প্ৰথম পদক্ষেপ, আজি অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

নৱগঠিত চৰকাৰৰ প্ৰথম পদক্ষেপ, আজি অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

অসমৰ সামগ্ৰিক বিকাশ আৰু সুৰক্ষাৰ লক্ষ্যৰে নৱগঠিত চৰকাৰে আজিৰে পৰাই আৰম্ভ কৰিব প্ৰশাসনিক কাম-কাজ। ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ কাৰ্যসূচী ঘোষণা কৰে। অসমীয়া পৰিচয়ৰ ৰক্ষণাবেক্ষণৰ লগতে ৰাজ্যৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ ওপৰত চৰকাৰে বিশেষভাৱে মনোনিৱেশ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। চৰকাৰৰ কৰ্মপন্থাৰ সন্দৰ্ভত ড° শৰ্মাই কয়, "আজিৰে পৰাই চৰকাৰে কাম আৰম্ভ কৰিব। আমাৰ কামৰ মাজেৰে অসম, অসমীয়া মানুহ আৰু দেশৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা প্ৰতিফলিত হ'ব"। ভাষণতকৈ কামত অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, "বৰ্তমান ভাষণৰ সময় উকলি গৈছে, এতিয়া কেৱল কাম…
Read More
নীট-ইউজি বাতিলক লৈ উত্তাল ৰাজনীতি, পেপাৰ লিক মাফিয়াৰ ওপৰত কেজৰিৱালৰ আক্ৰমণ

নীট-ইউজি বাতিলক লৈ উত্তাল ৰাজনীতি, পেপাৰ লিক মাফিয়াৰ ওপৰত কেজৰিৱালৰ আক্ৰমণ

মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউজি ২০২৬ বাতিল হোৱাক লৈ আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। এই পেপাৰ লিকৰ আঁৰত শীৰ্ষ পৰ্যায়ৰ বৃহৎ ষড়যন্ত্ৰ আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে বিগত ১০ বছৰত দেশত প্ৰায় ৮৯ খন পেপাৰ লিক হোৱা তথ্য দাঙি ধৰি চৰকাৰৰ কাৰ্যপ্ৰণালীক ক্ষুৰধাৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কয়, "চৰকাৰ চলোৱাটো কোনো সহজ কাম নহয়, এয়া এক দায়িত্বশীল কাম। যিসকলে দেশৰ এটা পৰীক্ষা লিক নোহোৱাকৈ পাতিব নোৱাৰে, তেওঁলোকে কেনেকৈ দেশ চলাব? এয়া কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ বাহিৰে…
Read More
যাদৱ পৰিয়ালত শোকৰ ছাঁ, আকস্মিকভাৱে প্ৰয়াত প্ৰতীক যাদৱ

যাদৱ পৰিয়ালত শোকৰ ছাঁ, আকস্মিকভাৱে প্ৰয়াত প্ৰতীক যাদৱ

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে পুৱা লক্ষ্ণৌত ৰহস্যজনকভাৱে মৃত্যু ঘটে। উত্তৰ প্ৰদেশৰ বিজেপি নেত্ৰী অপৰ্ণা যাদৱৰ স্বামী প্ৰতীকক পুৱা প্ৰায় ৫:৩০ বজাত লক্ষ্ণৌৰ চিভিল হাস্পতাললৈ নিয়া হয়। অৱশ্যে চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰা বুলি চিকিৎসকে প্ৰকাশ কৰে। মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ প্ৰতীকৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৮ বছৰ। চিকিৎসা বিভাগৰ সূত্ৰই এয়া এক বিষক্ৰিয়াৰ ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। হাস্পতালৰ সঞ্চালক ডাঃ জি পি গুপ্তাই সংবাদ মাধ্যমক জনোৱা মতে প্ৰতীক যাদৱক তেওঁৰ বাসগৃহৰ পাকঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ইতিমধ্যে তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। অহা…
Read More
বোকাজানত ভয়াৱহ দুৰ্ঘটনা: গেছ চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ গ’ল কণমানিৰ

বোকাজানত ভয়াৱহ দুৰ্ঘটনা: গেছ চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ গ’ল কণমানিৰ

বোকাজানত মঙলবাৰে এক শোকাৱহ চিলিণ্ডাৰ বিস্ফোৰণে কাঢ়ি নিয়ে এটি নাবালকৰ জীৱন। কাৰাগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বালিজান অঞ্চলৰ এটা ভঙাচিঙা সামগ্ৰীৰ গুদামত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ হোৱা এই বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হোৱাৰ লগতে হাহাকাৰ পৰিৱেশৰ সূচনা হয়। বিস্ফোৰণত থিতাতে মৃত্যু হোৱা শিশুটিক ফখৰুদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক খবৰ অনুসৰি, ভঙাচিঙা আৰু পেলাই দিয়া সামগ্ৰীৰ ব্যৱসায় কৰা দোকানখনৰ ভিতৰত থকা এটা গেছ চিলিণ্ডাৰ কোনো ৰহস্যজনক পৰিস্থিতিত ফাটি যায়। এই বিস্ফোৰণৰ তীব্ৰতা ইমানেই অধিক আছিল যে ইয়াৰ ফলত থিতাতে শিশুটিৰ মৃত্যু হোৱাৰ লগতে ওচৰ-পাজৰৰ আন্তঃগাঁথনিৰো যথেষ্ট ক্ষতিসাধন হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা…
Read More
চৰিত্ৰ হননৰ অভিযোগে উত্তাল ৰাজনীতি, ১ টকাৰ মানহানিৰ গোচৰ তৰাৰ হুংকাৰ সুজাতাৰ

চৰিত্ৰ হননৰ অভিযোগে উত্তাল ৰাজনীতি, ১ টকাৰ মানহানিৰ গোচৰ তৰাৰ হুংকাৰ সুজাতাৰ

গুৱাহাট নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যৰ জৰিয়তে মানহানি আৰু চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কুংকী চৌধুৰীৰ মাতৃ সুজাতাই ড° শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণৰ দিনাই এই পত্ৰখন সামাজিক মাধ্যমত ৰাজহুৱা কৰে। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এজন বিজেপি নেতাই তেওঁক উদ্দেশ্য কৰি কৰা মন্তব্যই ব্যক্তিগত আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক ‘গো-মাংস ভক্ষণকাৰী’, ‘অ-সনাতনী’ আৰু ‘ভাৰতবিৰোধী কমিউনিষ্ট’ বুলি আখ্যা দিয়াটো সম্পূৰ্ণ ভিত্তিহীন বুলি…
Read More
একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনীতিত আজি সংযোজন হৈছে এক ঐতিহাসিক অধ্যায়। বিজেপিৰ জ্যেষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত এন ডি এৰ গুৰুত্বপূৰ্ণ মিত্ৰ দলৰ চাৰিগৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। বিজেপিৰ ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, বিজেপিৰ অজন্তা নেওগ…
Read More
নীট-ইউ জি ২০২৬ পৰীক্ষা বাতিল, নতুনকৈ হ’ব পৰীক্ষা

নীট-ইউ জি ২০২৬ পৰীক্ষা বাতিল, নতুনকৈ হ’ব পৰীক্ষা

নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে ফাদিল হোৱাৰ ঘটনা সন্দৰ্ভত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ২০২৬ৰ ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে নেচনেল টেষ্টিং এজেন্সীয়ে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব পৰা যায়। নেচনেল টেষ্টিং এজেন্সীয়ে উল্লেখ কৰে যে তদন্তৰ সময়ত উন্মোচিত তথ্য আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিবেদনে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত ৰখাটো উপযুক্ত নহ’ব। গতিকে নীট-ইউ জি ২০২৬ পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অতি সোনকালে…
Read More
অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অবস্থান শুভেন্দু অধিকাৰীৰ, গুৱাহাটীত আহি দিলে ডাঙৰ ঘোষণা

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অবস্থান শুভেন্দু অধিকাৰীৰ, গুৱাহাটীত আহি দিলে ডাঙৰ ঘোষণা

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বিমানবন্দৰত উপস্থিত হৈ তেওঁ নতুন চৰকাৰখনৰ বাবে অসমবাসীক অভিনন্দন জনোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰত সহায় কৰা বিজেপি কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এতিয়া চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে উন্নয়নৰ এক নতুন যাত্ৰা আৰম্ভ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অসম আৰু ত্ৰিপুৰাত বিজেপি চৰকাৰ থকাৰ বাবে অনুপ্ৰৱেশৰ সমস্যা প্ৰায় শেষ হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শুভেন্দু অধিকাৰীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "পূৰ্বৰ চৰকাৰে বি এছ এফক ভূমি পৰ্যন্ত আবণ্টন দিয়া নাছিল। এতিয়া অসম আৰু ত্ৰিপুৰাৰ দৰে পশ্চিমবংগতো…
Read More
ভোটাৰ কৰ্তন অভিযোগেৰে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছ, বংগ নিৰ্বাচনক লৈ নতুন বিতৰ্ক

ভোটাৰ কৰ্তন অভিযোগেৰে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছ, বংগ নিৰ্বাচনক লৈ নতুন বিতৰ্ক

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ 'বিশেষ নিবিড় সংশোধন' বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সদ্য ক্ষমতাচ্যুত তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া আইনী যুঁজৰ ৰূপ লৈছে। জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাজ্যখনৰ কমেও ৩১খন আসনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈ কৰ্তন কৰা ভোটাৰৰ সংখ্যা অধিক আছিল। উদাহৰণস্বৰূপে, জংগীপাড়া সমষ্টিত তৃণমূল প্ৰাৰ্থীজন মাত্ৰ ৮৬২ টা ভোটত পৰাজিত হৈছিল যদিও সেই একেটা সমষ্টিতে প্ৰায় ৫,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল। এই কাৰ্যই নিৰ্বাচনী ফলাফলত এক বৃহৎ…
Read More