28
May
গোষ্ঠীগত সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ বাহিৰৰ কেডাৰৰ কোনো আই পি এছ বিষয়াক আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়াৰ বাবে সোমবাৰে অনুমতি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীক লৈ গঠিত এখন সংমণ্ডল বিচাৰপীঠে মণিপুৰ চৰকাৰৰ এই আবেদন মঞ্জুৰ কৰে। উল্লেখ্য যে, ত্ৰিপুৰা কেডাৰৰ আই পি এছ বিষয়া তথা মণিপুৰৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ কাৰ্যকাল অহা ৩১ মে’ত সমাপ্ত হ’ব। ৰাজ্যখনৰ বৰ্তমানৰ বিশেষ পৰিস্থিতি আৰু আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত…
