15
May
ইউৰোপ আৰু উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ ভূ-ৰাজনৈতিক তথা অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক বিশেষ লক্ষ্য হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই পৰিকল্পনাৰ অংশ হিচাপেই শুকুৰবাৰে পাঁচখন দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২০ মে’লৈকে চলিবলগীয়া এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰমে সংযুক্ত আৰৱ আমিৰশ্বাহী, নেদাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৫ মে’ত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰাই আৰম্ভ কৰে তেওঁৰ এই পাঁচদিনীয়া বিদেশ ভ্ৰমণ। আবু ধাবীত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আলোচনাত শক্তি খণ্ডৰ সহযোগিতা, বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক ইছ্যুসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।…
