ধুবুৰীত শিক্ষা প্ৰতাৰণাৰ ঘটনা; ভুৱা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি এজাহাৰ দাখিল

চৰকাৰী স্বীকৃতি অবিহনেই মুকলিকৈ চলি থকা এখন ভুৱা শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকৰ প্ৰমাণপত্ৰ লৈ এতিয়া কাৰাগাৰৰ ভাত খাবলগীয়া হ’ল এজন ছাত্ৰই। ধুবুৰী জিলাত অলপতে পোহৰলৈ অহা এক বৃহৎ শিক্ষা প্ৰৱঞ্চনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ সন্তানক এক প্ৰৱঞ্চক চক্ৰৰ জালৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে অৱশেষত ধুবুৰী সদৰ আৰক্ষী থানাত এক আনুষ্ঠানিক এজাহাৰ দাখিল কৰে ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে। জিলাখনৰ খলিলপুৰ নাথপাৰা অঞ্চলৰ বাসিন্দা প্ৰতিমা ঘোষে দাখিল কৰা এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে।

এজাহাৰৰ তথ্য অনুসৰি, প্ৰতিমা ঘোষৰ পুত্ৰ সাগৰ ঘোষে ধুবুৰী চহৰৰ ঝগৰাৰপাৰ ৩য় খণ্ডত অৱস্থিত ‘ইংলিছ এডুকেচন একাডেমী’ নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিল। এই প্ৰতিষ্ঠানখনে ‘ইংলিছ স্কুল একাডেমী’ নামেৰেও অঞ্চলটোত কাম-কাজ চলাই আছিল। ছ’চিয়েল মিডিয়াৰ মুখৰোচক বিজ্ঞাপন, ডাঙৰ ডাঙৰ বেনাৰ আৰু অনলাইন প্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হৈয়েই ছাত্ৰজনৰ পৰিয়ালে এইখন এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আৰু পৰীক্ষা অনুষ্ঠিত কৰিব পৰা বৈধ প্ৰতিষ্ঠান বুলি বিশ্বাস কৰিছিল। প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী জাহিদুল হুছেইনৰ ভুৱা আশ্বাসত ভোল গৈ সাগৰে তাত নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু পাছত মেট্ৰিক উত্তীৰ্ণ হোৱাৰ এখন প্ৰমাণপত্ৰও লাভ কৰিছিল।

সমগ্ৰ জালিয়াতিৰ ঘটনাটো যোৱা ২৯ এপ্ৰিলত পোহৰলৈ আহে, যেতিয়া সাগৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ বাবে বিদ্যাপাৰা ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যায়। নামভৰ্তিৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই তেওঁ দাখিল কৰা মেট্ৰিকৰ প্ৰমাণপত্ৰখন পৰীক্ষা কৰোঁতে কেতবোৰ গুৰুতৰ খেলিমেলি ধৰা পেলায়। প্ৰমাণপত্ৰখন সম্পূৰ্ণ ভুৱা বুলি সন্দেহ হোৱাত বিদ্যালয় কৰ্তৃপক্ষই লগে লগে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পাছতেই আৰক্ষীয়ে ধুবুৰী থানাত ১৪২/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰি ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে এজাহাৰত প্ৰকাশ কৰা মতে, তেওঁৰ পুত্ৰই এই প্ৰমাণপত্ৰখন যে ভুৱা আছিল, সেই বিষয়ে একোৱেই জনা নাছিল। সমগ্ৰ পৰিয়ালটোৱে সৰল বিশ্বাসতে সন্তানক তাত পঢ়ুৱাইছিল। এতিয়া এটা অসৎ আৰু প্ৰৱঞ্চক চক্ৰৰ ফান্দত পৰি ছাত্ৰজনে কোনো দোষ নকৰাকৈও সমাজত লাঞ্ছিত হ’বলগীয়া হৈছে আৰু তীব্ৰ মানসিক নিৰ্যাতনৰ মাজত দিন কটাবলগীয়া হোৱা বুলি দাবী কৰে ভুক্তভোগীৰ মাতৃয়ে। ইয়াৰ উপৰিও স্থানীয় শিক্ষা বিভাগ আৰু নিৰীক্ষণকাৰী সংস্থাসমূহৰ চৰম গাফিলতিৰ বাবেই জিলাখনত বিগত দুবছৰ ধৰি এনে এখন ভুৱা প্ৰতিষ্ঠানে মুকলিকৈ ব্যৱসায় চলাই যাবলৈ পালে বুলিও মাতৃগৰাকীয়ে ক্ষোভেৰে অভিযোগ কৰে।

প্ৰতিমা ঘোষে এতিয়া এই প্ৰৱঞ্চনাৰ নেটৱৰ্ক আৰু ইয়াৰ মালিকে কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি আহিছে, তাৰ এক উচ্চস্তৰীয় তদন্ত দাবী কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাৰ অধীনত দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। এই ঘটনাই ধুবুৰীৰ সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে আৰু সকলোৱে জিলাখনত চলি থকা এনে ভুৱা শিক্ষানুষ্ঠানসমূহ উৎখাত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *