নিশাৰ অন্ধকাৰৰ মাজতে অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত তচনচ হৈ পৰিল এটা বৃহৎ নিৰ্মাণকাৰ্য। উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বেটৱা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এখন পকী দলং হঠাতে খহি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল অতি কমেও ৬ গৰাকী শ্ৰমিকে। এই ঘটনাত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে, মোৰাকন্দাৰ পৰা কান্দ ঔৰ গাঁৱক সংযোগ কৰিবলগীয়া এই দলংখনৰ কাম নিশাৰ ভাগতো চলি আছিল। নিশা প্ৰায় ২ বজাত হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ বাবে একাংশ শ্ৰমিকে এখন হাইড্ৰা যন্ত্ৰৰ তলত আশ্ৰয় লৈছিল। ঠিক সেই সময়তে দলংখনৰ এটা বিশাল অংশ খহি শ্ৰমিকসকলৰ ওপৰত পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰচণ্ড বতাহৰ বাবে প্ৰথমে দলঙৰ ওপৰৰ তৰপটো ভাঙি পৰে আৰু তাৰ পাছতেই ইয়াক ধৰি ৰখা খুঁটাসমূহো খহি পৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে হামিৰপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ বৰ্মাৰ নেতৃত্বত আৰক্ষী আৰু এছ ডি আৰ এফৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ধ্বংসস্তূপৰ তলৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃত শ্ৰমিক কেইজনক লোকেন্দ্ৰ, কুলদীপ নিষাদ, সাৱন্ত যাদৱ, গভীৰজিৎ, পুষ্পেন্দ্ৰ সিং চৌহান আৰু ৰাজেশ পাল বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে আটাইতকৈ কম বয়সীয়া শ্ৰমিকজন আছিল বান্দা জিলাৰ চিল্লা গাঁৱৰ ১৯ বছৰীয়া কুলদীপ নিষাদ।
আনহাতে, দলংখনৰ খুঁটাত আৱদ্ধ হৈ থকা আৱধেশ নিষাদ, কাল্লু যাদৱ আৰু ৰাজেশ নিষাদ নামৰ আন তিনিজন শ্ৰমিকৰ ভিতৰত দুজনক সুকলমে উদ্ধাৰ কৰা হৈছে। বৰ্তমানো এজন শ্ৰমিক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকাৰ আশংকাত উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে চলাই থকা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যদিও নিৰ্মাণস্থলীত শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ অভাৱক লৈও এতিয়া একাংশ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।
