জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ “ঈদ – উজ – আজহা” উপলক্ষে অহা ২৮ মে’ত   বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে  অসমতো ঈদগাহ  ময়দান আৰু মছজিদ সমূহত  সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো  অনুষ্ঠিত হবলগীয়া “ঈদ – উজ – আজহা”ৰ  সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

জালুকবাৰী ঈদগাহ কমিটিৰ কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ  , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত জানিবলৈ দিয়া  মতে সিদিনা  পুৱা  ৭.৩০  বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত হবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । সমূহীয়া নামাজত ইমামতি কৰিব  জালুকবাৰী বুঢ়া  মছজিদৰ ইমাম  মৌলানা মুফটি মোৱাজ উদ্দিনে।

নামাজৰ লগত সংগতি ৰাখি সিদিনা  ইমাম , ঈদগাহ , মছজিদ ,  কবৰস্থানৰ  উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব । আনহাতে সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে সিদিনা যদি পুৱাৰে পৰা বৰষুণ হৈ থাকে তেন্তে উত্তৰ জালুকবাৰী অঞ্চলৰ দুয়োটা মছজিদত নামাজ পঢ়া হব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *