দীপৰ বিলত ১৫ টা বন্যহস্তীৰ অৱস্থান :: বিচ্ছিন্ন হোৱা এটা পোৱালী উদ্ধাৰ

মহানগৰীৰ নিকটবৰ্তী দীপৰ বিলত বৃহৎ বন্যহস্তীৰ জাকে চিন্তিত কৰি তুলিছে ওচৰ চুবুৰীয়াবাসীক । উল্লেখ্য যে দীপৰ বিলত অৱস্থান কৰিছে প্ৰায় ১৫ জনীয়া হাতীৰ এটা জাক । জানিব পৰা মতে যোৱা পৰহি খাদ্যৰ সন্ধানত প্ৰায় ১৮ জনীয়া এটা বৃহৎ হাতীৰ জাকৰ আগমন ঘটে বিলটোত।

পিছত  হাতীৰ জাকটো গুচি যায় যদিও পোৱালী এটা বিচ্ছিন্নহৈ ৰৈ যায়।  স্থানীয় মাছমৰীয়া কেইজনে বিচ্ছিন্ন হোৱা হাতীৰ পোৱালীটো উদ্ধাৰ কৰি স্থানীয় বন বিভাগৰ সহযোগত হাতীৰ পোৱালীটো বনাঞ্চলত এৰি দিয়ে ।নিশা প্ৰায় ১০ বজাত আকৌ এটা ১৫ জনীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত দীপৰ বিলত আহি সহৱস্থান কৰা বুলি প্ৰকৃতিপ্ৰেমী তথা দীপৰ বিলৰ হকে কাম কৰা যুৱ সমাজকৰ্মী প্ৰমোদ কলিতাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দীপৰ বিলত বৰ্তমান সঘনাই খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক অহাটো এক নিত্যনৈমিত্তিক ঘটনাহৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *