গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০৭ সংখ্যক বৈঠকখন খানামুখৰ ৰূপালীম নগৰস্থিত মহেশ্বৰ লহকৰৰ বাসভৱনত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য সংস্ক্তি জগতৰ উত্তৰণত এক উল্লেখযোগ্য ভুমিকা লৈ অহা অন্বেষ গোষ্ঠীয়ে বিগত ২০১৬ চনৰে পৰা আলোচনী প্ৰকাশকে ধৰি বিভিন্ন সাহিত্য সংস্ক্তিমুলক কামকাজত আগভাগ লৈ আহিছে।
আনহাতে গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক পৰীক্ষিত হালৈয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে৷ সহকাৰী সম্পাদক অতুল কলিতাই ৷ উল্লেখযোগ্য যে অন্বেষ গোষ্ঠীৰ কোষাধ্যক্ষ মহেশ্বৰ লহকৰৰ সোনালী জয়ন্তী সংখ্যক বিবাহ বাৰ্ষিকীৰ লগত সংগতি ৰাখি তেওঁলোকৰ পৰিয়ালৰ আমন্ত্ৰণ ক্ৰমে বৈঠকখন তেওঁলোকৰ বাসগৃহত অনুষ্ঠিত কৰা হয়৷ ইয়াৰ লগতে অন্বেষ গোষ্ঠীৰ আন এগৰাকী সদস্যা জোৎস্নাময়ী মালাকাৰৰ জন্মদিনো এই বৈঠকতে পালন কৰা হয়৷
বৈঠকখনত অন্বেষৰ গোষ্ঠীৰ সদস্যসকলে কবিতা , গীত আদি পৰিবেশন কৰে৷ অনুষ্ঠানৰ মাজতে এক গাম্ভীৰ্যতাপূৰ্ণ পৰিবেশত আৰাধনা সাংস্কৃতিক গোষ্ঠী , নলবাৰীৰ শিল্পীসকলে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক শ্ৰুতিমধুৰ অনুষ্ঠান পৰিবেশন কৰে৷ অন্বেষ গীতেৰে আৰম্ভ কৰা ১০৭ সংখ্যক বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশনৰে সামৰণি পৰে৷
