মেদান্তা দ্য মেডিচিটীৰ চিকিৎসকে প্লাণ্টাৰ ফেচিয়াটিছ ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি সকীয়াই দিছে যে, পুনৰাবৃত্তিমূলক গোৰোহাৰ বিষক আওকাণ কৰিলে দীৰ্ঘম্যাদী গতিশীলতাৰ সমস্যা আৰু দীৰ্ঘদিনীয়া অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। ৪২ বছৰীয়া কৰ্পৰেট পেছাদাৰী সুকৃতাৰ অৱস্থাৰ পিছত এই পৰামৰ্শ দিয়া হৈছে, যিগৰাকী মহিলাই প্ৰায় ছমাহ ধৰি গোৰোহাৰ বিষত ধাৰাবাহিকভাৱে বিষত ভুগি আছিল আৰু পিছত প্লাণ্টাৰ ফেচিয়াটিছ ধৰা পৰিছিল। চিকিৎসকসকলে কয় যে, ভাৰতৰ আনুমানিক ৪-৭% লোকক আক্ৰান্ত কৰা এই অৱস্থাই গোৰোহাত তীব্ৰ বিষ, গতিশীলতা হ্ৰাস, চিকিৎসা নকৰিলে আঁঠু বা নিতম্বত জটিলতা সৃষ্টিৰ পিছতো প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায়ে উপেক্ষা কৰা হয়।
মেদান্তা গুৰুগ্ৰামৰ অৰ্থপেডিক্স বিভাগৰ উপাধ্যক্ষ ডাঃ এটিক ভাসদেৱে কয় যে, প্লাণ্টাৰ ফেচিঅ’চাইটিছ তেতিয়া হয় যেতিয়া প্লাণ্টাৰ ফেচিয়া অৰ্থাৎ গোৰোহাৰ হাড়ক ভৰিৰ আঙুলিৰ সৈতে সংযোগ কৰা কলাত বাৰে বাৰে পৰা চাপ, মেদবহুলতা, দীৰ্ঘসময় ধৰি ঠিয় হৈ থকা বা ভুল জোতা পিন্ধাৰ বাবে প্ৰদাহযুক্ত হৈ পৰে। তেওঁ কয় যে, ৪০ বছৰৰ ওপৰৰ ব্যক্তি, দৌৰবিদ, নৃত্যশিল্পী, এথলীট আৰু সঘনাই হাই হিল পিন্ধা লোকসকল ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ’ব পাৰে। চিকিৎসকে কয় যে টোপনিৰ পৰা উঠাৰ পিছত বা দীৰ্ঘ সময় ঠিয় হৈ থকাৰ পিছত প্ৰায়ে লক্ষণবোৰ বেছিকৈ দেখা যায়। চিকিত্সকে লগতে কয় যে গুৰুতৰ অৱস্থাৰ ক্ষেত্ৰত এক্স-ৰে, আল্ট্ৰাছাউণ্ড, বা এমআৰআই স্কেনৰ দৰে নিদান পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে।
গুৱাহাটী মহানগৰীত বিশেষকৈ কৰ্মৰত পেছাদাৰী আৰু ফিটনেছ সচেতন বাসিন্দাসকলৰ মাজত ভৰিৰ স্বাস্থ্য আৰু অস্থিৰোগ চিকিৎসাৰ সন্দৰ্ভত সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। গুৱাহাটীৰ স্বাস্থ্যসেৱাৰ বজাৰতো যোৱা কিছু বছৰত সহায়ক ভৰিকেন্দ্ৰিক, ফিজিঅ’থেৰাপি সেৱা আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ গুৰুত্ব বৃদ্ধি পাইছে। ডাঃ ভাসদেৱে ২৩ মে’ত গুৱাহাটীৰ ছান ভেলী হাস্পতালত ৰোগীক পৰামৰ্শ-চিকিত্সা আগবঢ়াব। মেদান্তাই বহুভাষিক বিকল্পৰে এক সমৰ্পিত উত্তৰ-পূর্বাঞ্চলৰ হেল্পলাইনো আৰম্ভ কৰিছে যাতে ৰোগীসকলক এপইণ্টমেণ্ট আৰু চিকিৎসকৰ পৰামৰ্শৰ বাবে সহায় কৰিব পাৰে।
সময়মতে চিকিত্সা, সঠিক জোতাৰে দীৰ্ঘম্যাদী বিষ কৰিব পাৰে প্ৰতিৰোধ: বৰ্ধিত প্লাণ্টাৰ ফেচিয়াটিছৰ ৰোগৰ ওপৰত আলোকপাত মেদান্তাৰ
