বিগত কেইবাদিনো ধৰি ৰাজ্যখনত অব্যাহত থকা অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে মণিপুৰৰ বিভিন্ন প্ৰান্তত চলোৱা ধাৰাবাহিক অভিযানত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে নিষিদ্ধ ঘোষিত সংগঠনৰ পাঁচটাকৈ সক্ৰিয় উগ্ৰপন্থী কেডাৰ। যোৱা ২২ আৰু ২৩ মে’ত নিৰাপত্তা বাহিনীয়ে চলোৱা এই সুকীয়া সুকীয়া অভিযানত উগ্ৰপন্থী কেইটাক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, বিস্ফোৰক আৰু গুৰুত্বপূৰ্ণ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুৰক্ষা কৰ্মীসকলে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ২৩ মে’ত চলোৱা এক অভিযানত ইম্ফলৰ ৱাংখেই অয়াংপল্লী পথৰ পৰা ‘মণিপুৰ ৰিভল্যুশ্বনেৰী আৰ্মী’ৰ দুটা সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থী দুটা ক্ৰমে ইম্ফল পূব জিলাৰ নিংথৌজাম বিকী সিং ওৰফে মুনাল আৰু ইম্ফল পশ্চিম জিলাৰ নিংথৌজাম ঈশ্বৰচন্দ্ৰ সিং ওৰফে লৈয়া বুলি চিনাক্ত কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ জিম্মাৰ পৰা তিনিটা ম’বাইল ফোন, এখন আধাৰ কাৰ্ড আৰু এখন দুচকীয়া বাহন জব্দ কৰে।
একেটা দিনৰে আন এক অভিযানত চুৰাচান্দপুৰ জিলাৰ এডেন্থাৰ ৰেংকাই গাঁৱৰ পৰা জেহোভা ৰাজা দত্ত নামৰ ২৪ বছৰীয়া আন এজন উগ্ৰপন্থীক নিজ বাসগৃহৰ পৰা কৰায়ত্ত কৰে সুৰক্ষা বাহিনীয়ে। এই অভিযানকালত উগ্ৰপন্থীটোৰ পৰা এটা ইনছাছ ৰাইফল, ৪ টা মেগাজিন, ৩৬ ৰাউণ্ড সজীৱ গুলী, এটা সামৰিক বা চৰকাৰী বুলেটপ্ৰুফ জেকেট আৰু ম’বাইল ফোন উদ্ধাৰ কৰা হয়।
ইয়াৰ পূৰ্বে যোৱা ২২ মে’ত চুৰাচান্দপুৰ জিলাৰে ঙাথাল এলেকাৰ পৰা ‘ইউনাইটেড কুকি নেচনেল আৰ্মী’ৰ দুটা কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। ধৃত উগ্ৰপন্থী দুটা ক্ৰমে থংপী গুইটে আৰু শোকহোমাং বাইটে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ জিম্মাৰ পৰা এটা এ কে-৪৭ ৰাইফল, এটা ৯ মিলিমিটাৰ পিস্তল, ৩১ ৰাউণ্ড সজীৱ গুলী আৰু দুটাকৈ হেণ্ড গ্ৰেনেক্ড উদ্ধাৰ কৰে নিৰাপত্তা সংস্থাসমূহে। বৰ্তমান অধিক তথ্য লাভৰ বাবে নিৰাপত্তা সংস্থাসমূহে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
