Paromita

898 Posts
ইভিএমৰ বিজেপিৰ বুটামৰ ওপৰত টেপ লগোৱাৰ অভিযোগ! ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পশ্চিমবংগ

ইভিএমৰ বিজেপিৰ বুটামৰ ওপৰত টেপ লগোৱাৰ অভিযোগ! ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পশ্চিমবংগ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পোহৰলৈ অহা এক গুৰুতৰ অনিয়মে এতিয়া উত্তপ্ত কৰি তুলিছে ৰাজ্যখনৰ ৰাজনীতি। ইভিএম মেচিনত বিজেপি প্ৰাৰ্থীৰ বুটাম টেপেৰে অৱৰুদ্ধ কৰাৰ অভিযোগে ডায়মণ্ড হাৰবাৰৰ ফাল্টা সমষ্টিত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। এই ঘটনাৰ পাছতে সৰৱ হৈ পৰা নিৰ্বাচন আয়োগে ঘোষণা কৰে যে যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰত এনে কাৰিকৰী অনিয়মৰ প্ৰমাণ পোৱা যাব, সেইবোৰ বুথত আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব। বিজেপি নেতা অমিত মালব্যই ফাল্টাৰ হৰিণডাঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৭০ নং আৰু ১৮৯ নং বুথত বিজেপিৰ বিকল্পটো টেপেৰে ঢাকি দিয়াৰ অভিযোগ উত্থাপন কৰে। এই কাৰ্য্যক 'ডায়মণ্ড হাৰবাৰ মডেল' বুলি অভিহিত কৰি মালব্যই কয়, "তৃণমূল কংগ্ৰেছে অপৰাধী চক্ৰৰ জৰিয়তে…
Read More
ঘৃণাভাষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; এফআইআৰ দাখিলৰ বাবে আৰক্ষীক নিৰ্দেশ

ঘৃণাভাষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; এফআইআৰ দাখিলৰ বাবে আৰক্ষীক নিৰ্দেশ

ঘৃণামূলক ভাষণ আৰু উৰাবাতৰিয়ে সমাজৰ ধৰ্মনিৰপেক্ষতা তথা ভাতৃত্ববোধ প্ৰতি মুহূৰ্ততে বিনষ্ট কৰে। দেশত অব্যাহত থকা ঘৃণাভাষণৰ গোচৰ সন্দৰ্ভত বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰক এই সামাজিক ব্যাধি ৰোধ কৰিবলৈ বিশেষ আইন প্ৰণয়নৰ দিশটো বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়ে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠখনে। আদালতে স্পষ্ট কৰে যে ঘৃণাভাষণৰ গোচৰত দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ কোনো পূৰ্বানুমতিৰ প্ৰয়োজন নাই। আদালতে ২০১৮ চনৰ তহচিন পুনাৱালা গোচৰৰ পূৰ্বৰ ৰায় সোঁৱৰাই দি আৰক্ষীক এক কঠোৰ নিৰ্দেশ দিয়ে। বিচাৰপীঠে কয়, 'ঘৃণাভাষণৰ অভিযোগ লাভ কৰাৰ লগে লগে কোনো পলম নকৰাকৈ এফআইআৰ পঞ্জীয়ন কৰিব লাগিব।' আদালতে উল্লেখ কৰে যে আইনৰ অভাৱত নহয়,…
Read More
মেঘালয়ৰ হনিমুন মাৰ্ডাৰ কেচ; স্বামীহন্তা সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ আদালতৰ

মেঘালয়ৰ হনিমুন মাৰ্ডাৰ কেচ; স্বামীহন্তা সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ আদালতৰ

জামিন পালে সোণম ৰঘুবংশীয়ে! মেঘালয়ত মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰা সোণম ৰঘুবংশীক শ্বিলঙৰ এখন আদালতে প্ৰদান কৰে জামিন। ভাড়াতীয়া হত্যাকাৰীৰ জৰিয়তে নিজৰ নৱবিবাহিত স্বামী ৰাজাক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম বৰ্তমান শ্বিলঙৰ কাৰাগাৰত বন্দী হৈ আছে। সমগ্ৰ দেশ কঁপাই যোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ জামিন সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান অপেক্ষা কৰিছে আৰক্ষী। প্ৰণিধানযোগ্য যে যোৱা বছৰৰ ২০ মে'ত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশী আৰু সোণমে হনিমুনৰ বাবে মেঘালয়লৈ ভ্ৰমণ কৰিছিল। ২৩ মে'ত নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টে'ৰ পৰা ওলাই যোৱাৰ পাছৰে পৰাই সন্ধানহীন হৈ পৰিছিল এই দম্পতীটো। পৰৱৰ্তী সময়ত ২ জুনত চেৰাপুঞ্জীৰ ৱেই ছডং জলপ্ৰপাতৰ সমীপৰ…
Read More
বংগৰ ফুটবল প্ৰেমক প্ৰভাৱিক কৰিবলৈ মোদীৰ অভিনৱ কৌশল! গেংটকত দুভৰিৰ যাদু প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

বংগৰ ফুটবল প্ৰেমক প্ৰভাৱিক কৰিবলৈ মোদীৰ অভিনৱ কৌশল! গেংটকত দুভৰিৰ যাদু প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ছিকিম ৰাজ্য গঠনৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে ৰাজ্যখনৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে গেংটকৰ এখন খেলপথাৰত এজাক কিশোৰ-কিশোৰীৰ সৈতে অৱতীৰ্ণ হয় ফুটবল খেলত। গেংটকৰ মনোৰম পুৱাত স্থানীয় বন্ধুসকলৰ সৈতে ফুটবল খেলাৰ এই বিশেষ মুহূৰ্তৰ আলোকচিত্ৰসমূহ তেওঁ নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ৰাজ্যখনৰ বাবে চাৰি হাজাৰ কোটি টকাৰ উন্নয়নমূলক আঁচনি ঘোষণা কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰীৰ এই ক্ৰীড়াসুলভ পদক্ষেপে এতিয়া সৰ্বত্ৰে তীব্ৰ চৰ্চা লাভ কৰিছে। গুৰুত্বপূৰ্ণ যে, চুবুৰীয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ফুটবল খেলৰ এই ছবিসমূহ ৰাজহুৱা কৰিছে প্ৰধানমন্ত্ৰীয়ে। বংগৰ সাতখন জিলাৰ ১৪২ খন…
Read More
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত বৰ্ষৰ ফলাফল; ছাত্ৰক চেৰ পেলাই সাফল্য ছাত্ৰীৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত বৰ্ষৰ ফলাফল; ছাত্ৰক চেৰ পেলাই সাফল্য ছাত্ৰীৰ

ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আজি পুৱা ১০:৩০ বজাৰ লগে লগে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে মুকলি কৰিলে উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এতিয়া পৰিষদৰ আনুষ্ঠানিক ৱেবছাইটত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল লাভ কৰিছে। ঘোষিত এই ফলাফলত আটাইকেইটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীৰ সফলতাৰ হাৰ অধিক পৰিলক্ষিত হয়। বিশেষভাৱে মন কৰিবলগীয়া যে শিক্ষা বোৰ্ডে এইবাৰ কোনো শীৰ্ষস্থানপ্ৰাপ্ত বা টপাৰৰ তালিকা ৰাজহুৱা কৰা নাই। কলা শাখাত এইবাৰ সৰ্বমুঠ ২,৪১,১২৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫৪,৭৫৫ গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰাৰ বিপৰীতে মুঠ উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ। এই শাখাত ৮১.৯৬ শতাংশ উত্তীৰ্ণ হাৰেৰে ছাত্ৰতকৈ আগবাঢ়ি আছে ছাত্ৰীসকল। জিলাসমূহৰ ভিতৰত…
Read More
ধুবুৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ তিনি স্কুলীয়া ছাত্ৰী; চিন্তিত পৰিয়ালৰ আৰক্ষীক এজাহাৰ

ধুবুৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ তিনি স্কুলীয়া ছাত্ৰী; চিন্তিত পৰিয়ালৰ আৰক্ষীক এজাহাৰ

স্কুললৈ বুলি ওলাই যোৱা তিনিগৰাকী কিশোৰীৰ ৰহস্যজনক অন্তৰ্ধানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীৰ ফকীৰগঞ্জত। জিলাখনৰ বালাটাৰী গাঁৱৰ পৰা পোহৰলৈ অহা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰীকেইগৰাকীৰ পৰিয়ালক। সোমবাৰে পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰাই কোনো শুংসূত্ৰ পোৱা হোৱা নাই এই তিনি কিশোৰীৰ। নিৰুদ্দিষ্ট ছাত্ৰীকেইগৰাকীক মকমুদা খাতুন, শ্বাহনাজ পাৰবিন আৰু চুমাইয়া খাতুন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে দুগৰাকী অষ্টম শ্ৰেণীৰ আৰু আনগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। তেওঁলোকে তিনিখন পৃথক শিক্ষানুষ্ঠানত অধ্যয়ন কৰে। একেটা দিনতে পৃথক পৃথক বিদ্যালয়ৰ ছাত্ৰী কেইগৰাকী একেলগে সন্ধানহীন হোৱা ঘটনাই আৰক্ষীকো চিন্তাত পেলাইছে। ছাত্ৰীকেইগৰাকী নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে ফকীৰগঞ্জ আৰক্ষী থানাত এখন…
Read More
কাংপোকপিত টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ চেষ্টা; মণিপুৰ আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত

কাংপোকপিত টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ চেষ্টা; মণিপুৰ আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত

মণিপুৰৰ কাংপোকপি জিলাৰ দাইলি গাঁৱত এটা টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ অপচেষ্টা চলোৱা তিনিজন দুৰ্বৃত্তক সোমবাৰে গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে। কাংপোকপি আৰক্ষী থানাত ৰুজু হোৱা এখন এজাহাৰৰ ভিত্তিত চলোৱা তদন্তৰ পাছতেই আৰক্ষীয়ে কৰায়ত্ত কৰে অভিযুক্তকেইজনক। গ্ৰেপ্তাৰ হোৱা লোককেইজনক মাংমিনহাও লটজেম, চাতগৌলাল চিতলৌ আৰু চেইগুনলাল লহাংঘাল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জিলাখনৰ এটা টায়াৰ মেৰামতি কৰা কাৰখানাৰ ওপৰত আক্ৰমণ চলাইছিল এই দুৰ্বৃত্তৰ দলটোৱে। সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে মণিপুৰ আৰক্ষীয়ে এই সফল অভিযানৰ তথ্য ৰাজহুৱা কৰে। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা তিনিওজন অভিযুক্তক অধিক সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাবাহিনীয়ে তালাচী অভিযান আৰু তহল…
Read More
এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

মানুহ আৰু বান্দৰৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাত হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। লোকালয়ত প্ৰৱেশ কৰা বান্দৰসমূহক সুৰক্ষিতভাৱে ধৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিলে প্ৰতিটো বান্দৰৰ বিপৰীতে ৬০০ টকাকৈ পাৰিতোষিক প্ৰদান কৰিব চৰকাৰে। ৰাজ্যখনৰ ৰাজহ আৰু বন বিভাগে ২২ এপ্ৰিলত জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাযোগে এই নতুন নিয়মৰ কথা ঘোষণা কৰে। প্ৰণিধানযোগ্য যে বনভূমি সংকুচিত হোৱাৰ ফলত শেহতীয়াকৈ ৰেচাচ মেকাক আৰু হনুমান লেংগুৰৰ দৰে বান্দৰে খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শস্যৰ ক্ষতি হোৱাৰ লগতে সা-সম্পত্তি আৰু মানুহৰ নিৰাপত্তাও বিঘ্নিত হৈছে। বান্দৰ ধৰাৰ ক্ষেত্ৰত থকা বিপদ আৰু ইয়াৰ প্ৰক্ৰিয়াটোৰ জটিলতালৈ লক্ষ্য ৰাখি জনপ্ৰতিনিধিসকলে…
Read More
মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তৰমুজ খোৱাটোৱেই কাল হ’ল মুম্বাইৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ বাবে। মহানগৰীখনৰ পাইধুনী অঞ্চলত সংঘটিত এই সন্দেহজনক খাদ্যত বিষক্ৰিয়াৰ ঘটনাত ৪০ বছৰীয়া স্বামী, ৩৫ বছৰীয়া পত্নী আৰু তেওঁলোকৰ ১৬ আৰু ১৩ বছৰীয়া দুই কন্যাৰ মৃত্যু ঘটে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ২৫ এপ্ৰিলৰ নিশা পৰিয়ালটোৱে আত্মীয়ৰ সৈতে বিৰিয়ানী খোৱাৰ পাছত গভীৰ নিশা তৰমুজ ভক্ষণ কৰিছিল। মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২৬ এপ্ৰিলৰ পুৱা প্ৰায় ৫:৩০ বজাৰ পৰা চাৰিওগৰাকী সদস্যৰ বমি আৰু ডায়েৰিয়াৰ দৰে গুৰুতৰ লক্ষণ দেখা দিয়ে। লগে লগে তেওঁলোকক জে জে হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে আটাইকেইজনৰে মৃত্যু ঘটে। মৃতদেহকেইটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ…
Read More
বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

গেৰুৱা শিবিৰত যোগদান কৰাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ দল আম আদমী পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। দলটোৰ আভ্যন্তৰীণ পৰিৱেশ বৰ্তমান অত্যন্ত বিষাক্ত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে এতিয়াৰ বিজেপি সাংসদগৰাকীয়ে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে আৰম্ভণিতে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমান ৰক্ষা কৰিব পৰা নাই বুলিও তেওঁ কঠোৰ সমালোচনা কৰে। ৰাঘৱ চাড্ডাই কয়, "মই মোৰ যৌৱনৰ ১৫টা বছৰ এই দলটো গঢ়িবলৈ উচৰ্গা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ আম আদমী পাৰ্টিয়ে নিজৰ পুৰণি স্বৰূপ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে।" সংসদৰ মজিয়াত দলৰ সদস্যসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ বাধা দিয়া হৈছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ দলটো ত্যাগ কৰা…
Read More