27
Apr
উত্তৰ ভাৰতত অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজতে দেওবাৰে এক ব্যতিক্ৰমী পৰম্পৰাগত বিধান আগবঢ়াই চৰ্চালৈ আহে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিছোৰত এটা নতুন তহচিল ভৱন উদ্বোধন কৰি ৰাইজক সম্বোধন কৰাৰ সময়তে পকেটত এটা পিঁয়াজ ৰাখিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে। গৰমৰ প্ৰকোপৰ পৰা বাচি থাকিবলৈ এয়া এক সহজ আৰু ফলপ্ৰসূ উপায় বুলি তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰে। নিৰ্বাচনী যুঁজৰ সমান্তৰালভাৱে গৰমৰ বিৰুদ্ধে যুঁজিবলৈ পিঁয়াজৰ গুৰুত্ব বুজাবলৈ গৈ সিন্ধিয়াই কয়, "মই দেখিবলৈ ডেকা হ’ব পাৰোঁ, কিন্তু মোৰ আত্মা যথেষ্ট পুৰণি। আপুনি আপোনাৰ পকেটত এটা পিঁয়াজ ৰাখক, গৰমে আপোনাৰ একো কৰিব নোৱাৰে।" আনকি নিজৰ জেপৰ পৰা এটা পিঁয়াজ উলিয়াই ৰাইজক দেখুৱাই তেওঁ…
