অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান

অসমৰ বৌদ্ধিক জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি ইহসংসাৰৰ পৰা চিৰবিদায় ল’লে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নিত্য বৰাই। যোৱা প্ৰায় ছমাহ ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা ৮৩ বছৰীয়া বৰাই বুধবাৰে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটী আৰু পৰৱৰ্তী সময়ত যোৰহাটত চিকিৎসাধীন হৈ থকা অৱস্থাতে বুধবাৰে বিয়লি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে ২.৩০ বজাত তেওঁক মৃত ঘোষণা কৰে।

অসমৰ সাংবাদিকতা আৰু সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী প্ৰবীণ সম্পাদকৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। যোৰহাটৰ এ জি নাৰ্চিং হোমৰ আই চি ইউত চিকিৎসাধীন হৈ থকা বৰাৰ বিয়োগৰ সন্দৰ্ভত তেওঁৰ জোঁৱায়েক কয়, “যোৱা তিনিদিন ধৰি তেওঁৰ স্বাস্থ্য অতি সংকটজনক আছিল। উশাহ-নিশাহ লোৱাত কষ্ট পাই থকা অৱস্থাতে বিয়লি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।” শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এক ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰা বৰাই ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত গুৰুত্বপূৰ্ণ সম্পাদকীয় দায়িত্ব পালন কৰিছিল।

যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলে বিশিষ্ট সাংবাদিকগৰাকীক চিকিৎসালয় চৌহদতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। একাধিক গ্ৰন্থৰ ৰচয়িতা তথা দক্ষ সমালোচক হিচাপে পৰিচিত বৰাৰ নশ্বৰ দেহ যোৰহাটৰ পৰা গুৱাহাটীলৈ অনাৰ পাছত আজি নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *