ঘৃণাভাষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; এফআইআৰ দাখিলৰ বাবে আৰক্ষীক নিৰ্দেশ

ঘৃণামূলক ভাষণ আৰু উৰাবাতৰিয়ে সমাজৰ ধৰ্মনিৰপেক্ষতা তথা ভাতৃত্ববোধ প্ৰতি মুহূৰ্ততে বিনষ্ট কৰে। দেশত অব্যাহত থকা ঘৃণাভাষণৰ গোচৰ সন্দৰ্ভত বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰক এই সামাজিক ব্যাধি ৰোধ কৰিবলৈ বিশেষ আইন প্ৰণয়নৰ দিশটো বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়ে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠখনে। আদালতে স্পষ্ট কৰে যে ঘৃণাভাষণৰ গোচৰত দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ কোনো পূৰ্বানুমতিৰ প্ৰয়োজন নাই।

আদালতে ২০১৮ চনৰ তহচিন পুনাৱালা গোচৰৰ পূৰ্বৰ ৰায় সোঁৱৰাই দি আৰক্ষীক এক কঠোৰ নিৰ্দেশ দিয়ে। বিচাৰপীঠে কয়, ‘ঘৃণাভাষণৰ অভিযোগ লাভ কৰাৰ লগে লগে কোনো পলম নকৰাকৈ এফআইআৰ পঞ্জীয়ন কৰিব লাগিব।’ আদালতে উল্লেখ কৰে যে আইনৰ অভাৱত নহয়, বৰঞ্চ বৰ্তমানৰ আইনসমূহৰ দুৰ্বল প্ৰয়োগৰ বাবেই এনে অপৰাধে সমাজত ৰক্তপাত চলাই আছে। বিচাৰপীঠৰ হৈ ন্যায়াধীশ নাথে কয়, “আদালতে সংসদৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰে যদিও পূৰ্বৰ ভাৰতীয় দণ্ডবিধি বা বৰ্তমানৰ ভাৰতীয় ন্যায় সংহিতাত এনে অপৰাধীক শাস্তি দিবলৈ পৰ্যাপ্ত ব্যৱস্থা আছে।”

প্ৰণিধানযোগ্য যে ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬, ২৯৯ আৰু ৩০২ৰ দৰে ধাৰাসমূহৰ জৰিয়তে ঘৃণাভাষণৰ দৰে অপৰাধসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি। যদি কোনো স্থানীয় আৰক্ষী থানাই ঘৃণাভাষণৰ অভিযোগ গ্ৰহণ নকৰে, তেন্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অনুসৰি এজন অভিযোগকাৰীয়ে ডাকযোগেও আৰক্ষী অধীক্ষকলৈ তথ্য প্ৰেৰণ কৰিব পাৰে। বিচাৰপীঠৰ মতে, তদন্ত প্ৰক্ৰিয়াটো যাতে মুক্ত আৰু নিকা হয়, তাৰ বাবে আমাৰ দেশৰ আইনসমূহক সঠিকভাৱে সজাই তোলা হৈছে।

সাংবাদিক কুৰবান আলীসহ কেইবাগৰাকী ব্যক্তিয়ে ঘৃণাভাষণৰ বাবে এক সুকীয়া আইন বিচাৰি উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰিছিল। আদালতে বুধবাৰৰ ৰায়দানত স্পষ্ট কৰে যে ন্যায়ালয়ে কেৱল আইনৰ ব্যাখ্যাহে কৰিব পাৰে, কিন্তু সংসদৰ হৈ আইন তৈয়াৰ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ মতে, ‘বৰ্তমানৰ আইনসমূহৰ নিৰপেক্ষ প্ৰয়োগ নিশ্চিত কৰাটো এতিয়া চৰকাৰ আৰু আইন প্ৰণয়নকাৰী সংস্থাসমূহৰ দায়িত্ব।’

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *