ভক্তসকলৰ সুবিধাৰ্থে মা কামাখ্যা দেৱালয় কৰ্তৃপক্ষই বিশেষ দৰ্শনৰ বাবে অনলাইন টিকট ব্যৱস্থা আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
দেৱালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি, বিশেষ দৰ্শনৰ সুবিধা লাভ কৰিবলৈ ইচ্ছুক ভক্তসকলে অনলাইনযোগে ৫০১ টকাৰ টিকট সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে ভক্তসকলে দেৱালয়ৰ নিৰ্ধাৰিত অনলাইন প’ৰ্টেল ব্যৱহাৰ কৰিব লাগিব।
কৰ্তৃপক্ষই জনোৱা মতে, ভক্তসকলে www.mkdonline.in যোগে বিশেষ দৰ্শনৰ টিকট বুকিং কৰিব পাৰিব। এই ব্যৱস্থাৰ ফলত দীৰ্ঘ শাৰী আৰু ভিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে ভক্তসকলক অধিক সুশৃংখলভাৱে দৰ্শনৰ সুযোগ প্ৰদান কৰা সম্ভৱ হ’ব।
বিশেষকৈ উৎসৱ আৰু অধিক ভিৰ হোৱা সময়ছোৱাত এই অনলাইন ব্যৱস্থাই ভক্তসকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই।
মা কামাখ্যা দেৱালয়ে সকলো ভক্তক অনলাইন ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি পূৰ্বেই টিকট সংগ্ৰহ কৰাৰ আহ্বান জনাইছে।
