ৰাজ্যত আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থাক অধিক কঠোৰ কৰাৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ কোনো ব্যক্তিক ৰাজ্য চৰকাৰৰ বিশেষ অনুমতি অবিহনে আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, কোনো জিলা আয়ুক্তই নিজাববীয়াকৈ ১৮ বছৰৰ ঊৰ্ধ্বৰ আবেদনকাৰীক আধাৰ কাৰ্ডৰ অনুমোদন দিব নোৱাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পূৰ্ব অনুমতি বাধ্যতামূলক কৰা হৈছে।
চৰকাৰৰ মতে, অবৈধ অনুপ্ৰৱেশ আৰু বিশেষকৈ বাংলাদেশৰ পৰা হোৱা সম্ভাব্য প্ৰব্ৰজন নিয়ন্ত্ৰণৰ লক্ষ্যৰে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আধাৰ কাৰ্ডৰ অপব্যৱহাৰ ৰোধ কৰি প্ৰকৃত নাগৰিকক চিনাক্ত কৰাৰ ক্ষেত্ৰত এই সিদ্ধান্তে সহায় কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
কেবিনেট বৈঠকত গৃহীত এই সিদ্ধান্তৰ ফলত ৰাজ্যত আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াত এক বৃহৎ পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে এই সিদ্ধান্তক লৈ বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে।
চৰকাৰে স্পষ্টকৈ জনাইছে যে নাগৰিকত্ব আৰু পৰিচয় সম্পৰ্কীয় বিষয়সমূহত অধিক স্বচ্ছতা আৰু কঠোৰতা নিশ্চিত কৰিবলৈ আগন্তুক দিনত আৰু কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব।
