ধুবুৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ তিনি স্কুলীয়া ছাত্ৰী; চিন্তিত পৰিয়ালৰ আৰক্ষীক এজাহাৰ

স্কুললৈ বুলি ওলাই যোৱা তিনিগৰাকী কিশোৰীৰ ৰহস্যজনক অন্তৰ্ধানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীৰ ফকীৰগঞ্জত। জিলাখনৰ বালাটাৰী গাঁৱৰ পৰা পোহৰলৈ অহা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰীকেইগৰাকীৰ পৰিয়ালক। সোমবাৰে পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰাই কোনো শুংসূত্ৰ পোৱা হোৱা নাই এই তিনি কিশোৰীৰ।

নিৰুদ্দিষ্ট ছাত্ৰীকেইগৰাকীক মকমুদা খাতুন, শ্বাহনাজ পাৰবিন আৰু চুমাইয়া খাতুন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে দুগৰাকী অষ্টম শ্ৰেণীৰ আৰু আনগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। তেওঁলোকে তিনিখন পৃথক শিক্ষানুষ্ঠানত অধ্যয়ন কৰে। একেটা দিনতে পৃথক পৃথক বিদ্যালয়ৰ ছাত্ৰী কেইগৰাকী একেলগে সন্ধানহীন হোৱা ঘটনাই আৰক্ষীকো চিন্তাত পেলাইছে।

ছাত্ৰীকেইগৰাকী নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে ফকীৰগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰটোৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কি পৰিস্থিতিত কিশোৰীকেইগৰাকী নিৰুদ্দেশ হ’বলগীয়া হ’ল, সেই সন্দৰ্ভত অনুসন্ধান অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ দলে।

প্ৰশাসনে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা বিচাৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিৰুদ্দিষ্ট ছাত্ৰীকেইগৰাকীৰ পৰিয়ালেও সহায়ৰ বাবে কাতৰ আবেদন জনাইছে। কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পালে ৮৬৩৮৩৩২৮৬৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *