ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত বৰ্ষৰ ফলাফল; ছাত্ৰক চেৰ পেলাই সাফল্য ছাত্ৰীৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আজি পুৱা ১০:৩০ বজাৰ লগে লগে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে মুকলি কৰিলে উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এতিয়া পৰিষদৰ আনুষ্ঠানিক ৱেবছাইটত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল লাভ কৰিছে। ঘোষিত এই ফলাফলত আটাইকেইটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীৰ সফলতাৰ হাৰ অধিক পৰিলক্ষিত হয়। বিশেষভাৱে মন কৰিবলগীয়া যে শিক্ষা বোৰ্ডে এইবাৰ কোনো শীৰ্ষস্থানপ্ৰাপ্ত বা টপাৰৰ তালিকা ৰাজহুৱা কৰা নাই।

কলা শাখাত এইবাৰ সৰ্বমুঠ ২,৪১,১২৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫৪,৭৫৫ গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰাৰ বিপৰীতে মুঠ উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ। এই শাখাত ৮১.৯৬ শতাংশ উত্তীৰ্ণ হাৰেৰে ছাত্ৰতকৈ আগবাঢ়ি আছে ছাত্ৰীসকল। জিলাসমূহৰ ভিতৰত ৯৪.২৯ শতাংশ সফলতাৰে বাক্সাই শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ বিপৰীতে কাছাৰ জিলাৰ ফলাফল আটাইতকৈ হতাশাজনক।

বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণ হৈছে ৮৯.৭৯ শতাংশ পৰীক্ষাৰ্থী। মুঠ ৬০,৬৬৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৪,০৭৯ গৰাকীয়ে প্ৰথম বিভাগত সফলতা অৰ্জন কৰে। তামুলপুৰ জিলাই ৯৮.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। এই শাখাতো ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯০.৮০ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ হাৰ ৮৯.০১ শতাংশ।

ইফালে, বাণিজ্য শাখাত ১৯,৪৬৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১৫,৭৯৬ গৰাকী। এই শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ। মাজুলী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাণিজ্য শাখাত ১০০ শতাংশ সফলতা অৰ্জন কৰি এক অভিলেখ সৃষ্টি কৰে। বৃত্তিমূলক শাখাতো ছাত্ৰীসকল ৭৬.৭৪ শতাংশ উত্তীৰ্ণ হাৰেৰে ছাত্ৰতকৈ আগত আছে।

উল্লেখ্য যে, যিসকল পৰীক্ষাৰ্থীৰ ফলাফল স্থগিত হৈ আছে, তেওঁলোকে ৩০ দিনৰ ভিতৰত নিজৰ শিক্ষানুষ্ঠানৰ জৰিয়তে আবেদন কৰিব লাগিব। শিক্ষা বোৰ্ডে জনোৱা অনুসৰি ২০২৭ চনত পুনৰ পৰীক্ষা দিয়াৰ বাবে কম্পাৰ্টমেণ্টেল আৰু বেটাৰমেণ্ট শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কেৱল এটা সুযোগহে প্ৰদান কৰা হ’ব। কোনো পৰীক্ষাৰ্থীয়ে উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰিলে ফলাফল ঘোষণাৰ দুই দিনৰ পাছৰ পৰা ১৫ দিনৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব পাৰিব।

পুনৰীক্ষণৰ বাবে প্ৰতিটো বিষয়ত ৫০০ টকাকৈ মাচুল নিৰ্ধাৰণ কৰিছে বোৰ্ডে। আবেদনকাৰীসকলে নিজৰ উত্তৰ বহীৰ স্কেন কপিও ইমেইলৰ জৰিয়তে লাভ কৰিব। সংশোধনৰ পাছত যদি নম্বৰ হ্ৰাস পায়, তেন্তে সেই নম্বৰকে চূড়ান্ত হিচাপে গণ্য কৰা হ’ব বুলিও পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *