Paromita

898 Posts
মানহানিৰ গোচৰত পৱন খেৰাক সকাহ; অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

মানহানিৰ গোচৰত পৱন খেৰাক সকাহ; অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

অসম আৰক্ষীয়ে ৰুজু কৰা এক বিতৰ্কিত গোচৰত অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ নেতা পৱন খেৰা। মঙলবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ খাৰিজ কৰি অগ্ৰিম জামিন প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীক। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে কংগ্ৰেছ নেতাজনক অগ্ৰিম জামিন প্ৰদান কৰি তেওঁৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰে। আদালতে স্পষ্ট কৰে যে এই সমগ্ৰ গোচৰটোৰ আঁৰত থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ কোনো যুক্তিসংগত কাৰণ নাই। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কৰা এক মন্তব্যক কেন্দ্ৰ…
Read More
জাল আদালতৰ নথিৰে ১৬ কয়দীৰ পলায়ন; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ডসহ ১৩ জন

জাল আদালতৰ নথিৰে ১৬ কয়দীৰ পলায়ন; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ডসহ ১৩ জন

আদালতৰ ভুৱা চহী আৰু নথিপত্ৰৰে আইনৰ সুৰুঙা বিচাৰি কাৰাগাৰৰ পৰা পলায়ন ১৬ জনতকৈ অধিক কয়দীৰ। মিজোৰামৰ লুংলেই কাৰাগাৰত বন্দী হৈ থকা এই অপৰাধীৰ দলটোৱে যোৱা চাৰি মাহ ধৰি অতি পৰিকল্পিতভাৱে ভুৱা আদালতৰ নিৰ্দেশ ব্যৱহাৰ কৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। লুংলেই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ বিষয়াসকলে একাংশ কয়দীৰ মুক্তিৰ কোনো চৰকাৰী বা ন্যায়িক ৰেকৰ্ড বিচাৰি নোপোৱাত এই সমগ্ৰ জালিয়াতিৰ ঘটনাটো পোহৰলৈ আহে। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অতি নিঃশব্দে এই জালিয়াতি চলি আছিল যদিও যোৱা সপ্তাহলৈকে ই ধৰা পৰা নাছিল। এই সন্দৰ্ভত ২৫ এপ্ৰিলত এক আৰক্ষী গোচৰ ৰুজু কৰাৰ…
Read More
নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বিপৰ্যয়! একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বিপৰ্যয়! একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নিৰ্বাচন শেষ হোৱাৰ লগে লগেই পুনৰ মূল্যবৃদ্ধিৰ জুইয়ে দহিবলৈ আৰম্ভ কৰিছে সাধাৰণ জনতাক। ৪ মে'ৰ ভোটগণনাৰ পূৰ্বেই এইবাৰ একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক তেল কোম্পানীসমূহে মাহৰ প্ৰথম দিনটোতে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত দিল্লীত বৰ্তমান এটা ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩,০৭১.৫০ টকালৈ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেন্ট ক্ৰুডৰ মূল্য বৰ্তমান প্ৰতি বেৰেলত ১২৬ মাৰ্কিন ডলাৰ হৈছেগৈ। ভূ-ৰাজনৈতিক সংঘাতৰ বাবে ইন্ধন যোগান ব্যাহত হোৱাৰ ফলত অপৰিশোধিত তেলৰ মূল্য প্ৰায় ৬০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, যোৱা ১ এপ্ৰিলতো ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত…
Read More
ধাৰাসাৰ বৰষুণত উফন্দি উঠিছে নৈৰ জলপৃষ্ঠ! উত্তৰ-পূবত বানৰ সতৰ্কবাণী জয় আয়োগৰ

ধাৰাসাৰ বৰষুণত উফন্দি উঠিছে নৈৰ জলপৃষ্ঠ! উত্তৰ-পূবত বানৰ সতৰ্কবাণী জয় আয়োগৰ

উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাব্য বান পৰিস্থিতিক লৈ শুকুৰবাৰে এক নতুন সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় জল আয়োগে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অহা ৪ মে’ পৰ্যন্ত অঞ্চলটোত ধাৰাবাহিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১ মে’ৰ পৰা ৬ মে’ৰ ভিতৰত উত্তৰ-পূবৰ প্ৰধান নদী আৰু উপনদীসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগৰ এই সতৰ্কবাণীৰ পাছতে অসমৰ বিভিন্ন জিলাৰ লগতে বৰাক উপত্যকাটো প্ৰশাসনিক তৎপৰতা বৃদ্ধি পাইছে। জল আয়োগৰ তথ্য অনুসৰি শোণিতপুৰ জিলাৰ জীয়াভৰলী নদীৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একেদৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী যোৰহাট, ডিব্ৰুগড়, গোৱালপাৰা, শোণিতপুৰ আৰু ধুবুৰী…
Read More
জবলপুৰত শোকাবহ দুৰ্ঘটনা; বৰগী বান্ধত ক্ৰুইজ ডুবি ৪ জনৰ মৃত্যু, ১২ জন সন্ধানহীন

জবলপুৰত শোকাবহ দুৰ্ঘটনা; বৰগী বান্ধত ক্ৰুইজ ডুবি ৪ জনৰ মৃত্যু, ১২ জন সন্ধানহীন

মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ বৰগী বান্ধত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ জল-দুৰ্ঘটনা। এখন পৰ্যটক ক্ৰুইজ হঠাত্‍ পানীত ওলোটা হৈ পৰাৰ ফলত ৪ গৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। জবলপুৰৰ জিলা আয়ুক্ত ৰাঘৱেন্দ্ৰ সিঙে সংবাদ প্ৰতিষ্ঠান এ এন আইক জনোৱা মতে, এতিয়ালৈকে ১৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। অৱশ্যে এই দুৰ্ঘটনাৰ পাছত বৰ্তমানো ১২ জন যাত্ৰী সন্ধানহীন হৈ আছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে। স্থানীয় প্ৰশাসনে সন্ধানহীন যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বান্ধটোৰ বিশাল জলৰাশিৰ মাজত ডুব যোৱা ক্ৰুইজখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী বাহিনীয়ে বিশেষ সা-সজুলিৰ সহায়…
Read More
কাৰাগাৰৰ পৰা আদালতলৈ পেৰাৰিভালন; তিনি দশকৰ বন্দীত্বৰ অন্ত পেলাই ওকালতি আৰম্ভ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্তৰ

কাৰাগাৰৰ পৰা আদালতলৈ পেৰাৰিভালন; তিনি দশকৰ বন্দীত্বৰ অন্ত পেলাই ওকালতি আৰম্ভ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্তৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত কটোৱা এ জি পেৰাৰিভালনে এতিয়া আৰম্ভ কৰিছে জীৱনৰ এক নতুন ইনিংছ। যিটো আইনী ব্যৱস্থাত এসময়ত তেওঁ অভিযুক্ত আৰু দোষী হিচাপে আছিল, এতিয়া সেই একেই ব্যৱস্থাত এজন অধিবক্তা হিচাপে আত্মপ্ৰকাশ কৰিছে পেৰাৰিভালনে। সোমবাৰে তেওঁ তামিলনাডু আৰু পুডুচেৰীৰ বাৰ কাউন্সিলত আনুষ্ঠানিকভাৱে নাম ভৰ্তি কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ওকালতি কৰাৰ বাবে সাজু হয়। ৫৪ বছৰীয়া পেৰাৰিভালনে এতিয়া কাৰাবন্দীসকলৰ অধিকাৰ আৰু আইনী সুৰক্ষাৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ১৯৯১ চনত মাত্ৰ ১৯ বছৰ বয়সতে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল পেৰাৰিভালন। তেওঁৰ বিৰুদ্ধে বিস্ফোৰণত ব্যৱহৃত বেটাৰী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। টাডা…

অন্ত পৰিল ভোটযুদ্ধৰ! পশ্চিমবংগত সন্ধিয়া ৫ বজালৈ ৯০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

অন্ত পৰিল ভোটযুদ্ধৰ! পশ্চিমবংগত সন্ধিয়া ৫ বজালৈ ৯০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

গণতন্ত্ৰৰ উৎসৱে বুধবাৰে বিয়পাই দিছে এক অভূতপূৰ্ব উছাহ। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিয়লি ৫ বজালৈকে ৰাজ্যখনত প্ৰায় ৯০ শতাংশ ভোটদান সাব্যস্ত কৰে ভোটাৰসকলে। সন্ধিয়া ৬ বজালৈকে বিভিন্ন সমষ্টিত এই ভোটদান প্ৰক্ৰিয়া অব্যাহত থকা পৰিলক্ষিত হয়। ৰাজ্যখনৰ দক্ষিণ অংশত থকা ১৪২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। এই অঞ্চলটো বিশেষকৈ শাসকীয় তৃণমূল কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত। সমগ্ৰ নিৰ্বাচনৰ ফলাফল নিৰ্ণয়ৰ ক্ষেত্ৰত এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। বিশেষকৈ কলকাতা, হাওৰা, উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা, নদিয়া, হুগলী আৰু…
Read More
আধুনিক ভাৰতৰ নতুন প্ৰতীক ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে; উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

আধুনিক ভাৰতৰ নতুন প্ৰতীক ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে; উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উত্তৰ প্ৰদেশৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ ইতিহাসত বুধবাৰে সংযোজিত হ’ল এক সোণালী অধ্যায়। ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰিব পৰা ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে দেশবাসীৰ বাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৩ বছৰ ৫ মাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা এই বিশাল পথছোৱাই মীৰাটৰ পৰা প্ৰয়াগৰাজলৈ যাত্ৰাৰ সময় লক্ষণীয়ভাৱে হ্ৰাস কৰিব। ১২খন জিলাক সামৰি লোৱা এই ছয়লেনযুক্ত এক্সপ্ৰেছৱেটো পৰৱৰ্তী সময়ত আঠলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰিব পৰা হ’ব। প্ৰযুক্তি আৰু সুৰক্ষাৰ দিশৰ পৰা গংগা এক্সপ্ৰেছৱেক আধুনিক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ নিদৰ্শন হিচাপে গণ্য কৰা হৈছে। এই পথত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ দ্বাৰা পৰিচালিত চিচিটিভি কেমেৰা সংস্থাপন…
Read More
সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা জব্দ; জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতৰ কঠোৰ নিৰ্দেশ

সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা জব্দ; জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতৰ কঠোৰ নিৰ্দেশ

আইনী মেৰপাকত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য। প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তৰ মালিকানাধীন 'মহাবীৰ একুৱা' নামৰ প্ৰতিষ্ঠানটো জব্দ কৰাৰ নিৰ্দেশ দিয়ে। বুধবাৰে এক দীঘলীয়া শুনানিৰ অন্তত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আদালতে। সিদ্ধাৰ্থ শৰ্মাৰ সৈতে আৰ্থিক লেনদেনত জড়িত থকা কেইবাজনো ব্যক্তিৰ বেংক একাউণ্টো আদালতৰ নিৰ্দেশত ফ্ৰিজ কৰা হয়। ছয়গাঁৱৰ ঔদ্যোগিক কেন্দ্ৰত থকা মহাবীৰ একুৱাক এতিয়া তদন্তৰ আওতালৈ আনিছে বিশেষ ফাষ্ট ট্ৰেক আদালতে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ত্বৰান্বিত শুনানিৰ বাবে হস্তান্তৰ কৰা এই গোচৰটোত ২৯ এপ্ৰিলত জাৰি কৰে নতুন নিৰ্দেশনা। তদন্তকাৰী সংস্থাই অভিযুক্তৰ সৈতে জড়িত বিত্তীয় লেনদেনৰ…
Read More