05
May
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰসমূহত কোনো ধৰণৰ খেলিমেলি বা অনিয়মৰ সুযোগ নাই। বংগৰ সদ্য ঘোষিত বিধানসভা নিৰ্বাচনত ইভিএম টেম্পাৰিঙৰ অভিযোগ প্ৰসংগত মঙলবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালে। নিৰ্বাচনী ফলাফলক লৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জীয়ে উত্থাপন কৰা ষড়যন্ত্ৰৰ অভিযোগ আয়োগে খাৰিজ কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আগৰৱালে কয় যে গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে পৰিচালনা কৰা হৈছিল। উল্লেখ্য যে, যোৱা ২৯ এপ্ৰিলত নিৰ্বাচন শেষ হোৱাৰ পাছৰে পৰা তৃণমূল নেত্ৰীগৰাকীয়ে ইভিএমৰ সুৰক্ষাক লৈ সংশয় প্ৰকাশ কৰি আহিছিল। নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাজ কৰা বুলি তেওঁ দাবী কৰিছিল। ইফালে, কালি ফলাফল ঘোষণা হোৱাৰ পাছতো প্ৰায় ১০০ খন আসনত…
