কাৰাগাৰৰ পৰা আদালতলৈ পেৰাৰিভালন; তিনি দশকৰ বন্দীত্বৰ অন্ত পেলাই ওকালতি আৰম্ভ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্তৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত কটোৱা এ জি পেৰাৰিভালনে এতিয়া আৰম্ভ কৰিছে জীৱনৰ এক নতুন ইনিংছ। যিটো আইনী ব্যৱস্থাত এসময়ত তেওঁ অভিযুক্ত আৰু দোষী হিচাপে আছিল, এতিয়া সেই একেই ব্যৱস্থাত এজন অধিবক্তা হিচাপে আত্মপ্ৰকাশ কৰিছে পেৰাৰিভালনে। সোমবাৰে তেওঁ তামিলনাডু আৰু পুডুচেৰীৰ বাৰ কাউন্সিলত আনুষ্ঠানিকভাৱে নাম ভৰ্তি কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ওকালতি কৰাৰ বাবে সাজু হয়। ৫৪ বছৰীয়া পেৰাৰিভালনে এতিয়া কাৰাবন্দীসকলৰ অধিকাৰ আৰু আইনী সুৰক্ষাৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰিছে।

১৯৯১ চনত মাত্ৰ ১৯ বছৰ বয়সতে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল পেৰাৰিভালন। তেওঁৰ বিৰুদ্ধে বিস্ফোৰণত ব্যৱহৃত বেটাৰী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। টাডা আদালতত বিচাৰৰ সন্মুখীন হোৱা পেৰাৰিভালনক ১৯৯৮ চনত মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল, যি ৰায় ১৯৯৯ চনত উচ্চতম ন্যায়ালয়েও বাহাল ৰাখিছিল। অৱশ্যে দয়াৰ আবেদন নিষ্পত্তিৰ ক্ষেত্ৰত ১১ বছৰীয়া বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত ২০১৪ চনত উচ্চতম ন্যায়ালয়ে তেওঁৰ মৃত্যুদণ্ডৰ নিৰ্দেশ আজীৱন কাৰাদণ্ডলৈ ৰূপান্তৰ কৰে।

কাৰাগাৰত থকা সময়ছোৱাতে পেৰাৰিভালনে নিজৰ শিক্ষা অব্যাহত ৰাখি কম্পিউটাৰ এপ্লিকেচন আৰু সাহিত্যৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত ২০২২ চনৰ মে’ মাহত সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি উচ্চতম ন্যায়ালয়ে তেওঁক কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ দিয়ে। মুক্তিৰ পাছতে তেওঁ আইনৰ শিক্ষা সম্পূৰ্ণ কৰে আৰু এতিয়া এজন অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

কাৰাগাৰৰ তিতা অভিজ্ঞতাৰ ভিত্তিত পেৰাৰিভালনে এতিয়া বিনাদোষত বন্দী হৈ থকা লোকসকলৰ বাবে আইনী যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। বিশেষকৈ বিচাৰাধীন কয়দীৰ অধিকাৰ আৰু উপযুক্ত আইনী সাহায্য নোপোৱা বন্দীলৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে তেওঁৰ মূল লক্ষ্য বুলিও তেওঁ সদৰী কৰে। আইনী যুঁজৰ দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ পাছত পেৰাৰিভালনৰ এই নতুন যাত্ৰাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *