অন্ত পৰিল ভোটযুদ্ধৰ! পশ্চিমবংগত সন্ধিয়া ৫ বজালৈ ৯০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

গণতন্ত্ৰৰ উৎসৱে বুধবাৰে বিয়পাই দিছে এক অভূতপূৰ্ব উছাহ। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিয়লি ৫ বজালৈকে ৰাজ্যখনত প্ৰায় ৯০ শতাংশ ভোটদান সাব্যস্ত কৰে ভোটাৰসকলে। সন্ধিয়া ৬ বজালৈকে বিভিন্ন সমষ্টিত এই ভোটদান প্ৰক্ৰিয়া অব্যাহত থকা পৰিলক্ষিত হয়।

ৰাজ্যখনৰ দক্ষিণ অংশত থকা ১৪২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। এই অঞ্চলটো বিশেষকৈ শাসকীয় তৃণমূল কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত। সমগ্ৰ নিৰ্বাচনৰ ফলাফল নিৰ্ণয়ৰ ক্ষেত্ৰত এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।

বিশেষকৈ কলকাতা, হাওৰা, উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা, নদিয়া, হুগলী আৰু পূৰ্ব বৰ্ধমানৰ দৰে গুৰুত্বপূৰ্ণ জিলাসমূহত আজি ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই জিলাসমূহ বৰ্তমানৰ শাসকীয় দলটোৰ মূল ভেটি হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ জনাদেশেই নিৰ্ণয় কৰিব আগন্তুক চৰকাৰৰ ভাগ্য।

উত্তৰ বংগত শক্তিশালী স্থিতি লাভ কৰা ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ দক্ষিণ বংগৰ তৃণমূলৰ দুৰ্গ ভেদিবলৈ সক্ষম হ’ব নে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখি চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিব, তাক লৈ এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হৈছে। জনতাৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ৰাজনৈতিক সমীকৰণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *