মানহানিৰ গোচৰত পৱন খেৰাক সকাহ; অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

অসম আৰক্ষীয়ে ৰুজু কৰা এক বিতৰ্কিত গোচৰত অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ নেতা পৱন খেৰা। মঙলবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ খাৰিজ কৰি অগ্ৰিম জামিন প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীক।

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে কংগ্ৰেছ নেতাজনক অগ্ৰিম জামিন প্ৰদান কৰি তেওঁৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰে। আদালতে স্পষ্ট কৰে যে এই সমগ্ৰ গোচৰটোৰ আঁৰত থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ কোনো যুক্তিসংগত কাৰণ নাই।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কৰা এক মন্তব্যক কেন্দ্ৰ কৰিয়েই খেৰাৰ বিৰুদ্ধে মানহানি, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈছিল। এক সংবাদ মেলত কংগ্ৰেছ নেতাজনে অভিযোগ তুলিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত একাধিক বিদেশী পাছপ’ৰ্ট থকাৰ লগতে বিদেশত অঘোষিত সম্পত্তিও আছে। এই সন্দৰ্ভতে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৪ এপ্ৰিলত খেৰাৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল। উচ্চ ন্যায়ালয়ে যুক্তি দিছিল যে অভিযোগত উত্থাপিত নথিপত্ৰসমূহৰ উৎস বিচাৰি উলিয়াবলৈ খেৰাক জিম্মাত লৈ সোধা-পোছা কৰাটো জৰুৰী।

উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত খেৰাৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শায় যে এই গোচৰটো কেৱল নিৰ্বাচনী সময়ৰ ৰাজনৈতিক ভাষণৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ বাবে ব্যৱহৃত সকলো নথি ইতিমধ্যে কৰ্তৃপক্ষৰ হাতত আছে। আনহাতে, অসম চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে সংবাদ মেলত ব্যৱহৃত নথিপত্ৰসমূহ ভুৱা আছিল। অৱশ্যে আদালতে নিৰীক্ষণ কৰে যে নিৰ্বাচনী বতৰত হোৱা এনে অভিযোগ আৰু প্ৰতি-অভিযোগসমূহ প্ৰাথমিক দৃষ্টিত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত যেনহে লাগে।

ব্যক্তিগত স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিচাৰপীঠে নিৰ্দেশ দিয়ে যে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত খেৰাক অগ্ৰিম জামিনত মুকলি কৰি দিব লাগে। আদালতে কয়, “প্ৰাথমিক দৃষ্টিত এই সমগ্ৰ ঘটনাটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰতিদ্বন্দ্বিতাৰ দ্বাৰা প্ৰভাৱিত যেন লাগে, য’ত জিম্মাত লৈ সোধা-পোছা কৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।” ইয়াৰোপৰি আদালতে কয়, “ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ এক মৌলিক অধিকাৰ আৰু ইয়াক খৰ্ব কৰিবলৈ হ’লে এক উচ্চ স্তৰৰ যুক্তিৰ প্ৰয়োজন।”

অৱশেষত আদালতে পৱন খেৰাক তদন্তত সহযোগিতা কৰা আৰু আদালতৰ অনুমতি অবিহনে ভাৰত ত্যাগ নকৰা আদি চৰ্তত জামিন মঞ্জুৰ কৰে। আদালতে লগতে স্পষ্ট কৰি দিয়ে যে এই পৰ্যবেক্ষণসমূহ কেৱল জামিনৰ আবেদনৰ ক্ষেত্ৰতহে সীমিত। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক মহলত এক নতুন তৰ্কৰ সূচনা কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *