Dipshikha

3401 Posts
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু । আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱাৰ ফলত ৰামানুজৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে ।GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে । পত্নীক হত্যা কৰাৰ গোচৰত ৰামানুজ হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল । সোমবাৰে ৰামানুজক আদালতত হাজিৰ কৰোৱাৰ কথা আছিল । এই সন্দৰ্ভত খুব সোনকালেই আৰক্ষীয়ে সবিশেষ প্ৰকাশ কৰিব ৷গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত ৬ ছেপ্তেম্বৰৰ নিশা ৰিয়া তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল । ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছিল । ৬ ছেপ্তেম্বৰৰ নিশাই লোমহৰ্ষক…
Read More
উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

মণিপুৰৰ টামেংলং আৰু ন’নী জিলাত দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী মহিলাসহ প্ৰায় চাৰিজন লোক নিহত হয় ৷ মুখ্যমন্ত্রী ৱাই খেমচাঁদ সিঙে এই হত্যাকাণ্ডক লৈ গভীৰ শোক প্রকাশ কৰাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷আৰক্ষীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৪ বজাত টামেংলঙত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ ঘণ্টাৰ পিছত আন এটা আক্ৰমণত আন দুজন লোকৰ মৃত্যু হয় ।আৰক্ষীয়ে জনোৱা মতে, ইম্ফলৰ পৰা জিৰিবাম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত টোলেন কুকি গাঁৱৰ এটা ঘৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ চলায় । এই আক্ৰমণত লিংগাংগাই চিংছিট নিহত হোৱাৰ বিপৰীতে তেওঁৰ স্বামী ছেইনাই চিংছিট আৰু কনিষ্ঠ পুত্ৰ আহত হয়…
Read More
নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

হঠাৎ হোৱা বানৰ বাবে নেপালৰ ভিন্ন স্থান ধ্বংসস্তুপত পৰিণত হৈছিল ৷ যাৰ বাবে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ৷ জানিব পৰা মতে, নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে ৷ য’ত ছয়জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷সুৰংগটোত থকা মাটি-শিল আদি আঁতৰাৱলৈ এক্সকেভেটৰ লগতে অন্যান কাৰিকৰি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৷ দলটোৱে বৰ্তমানলৈকে প্ৰায় ৭০ মিটাৰ গভীৰতালৈ বোকা-পানী আঁতৰাবলৈ সক্ষম হৈছে ৷উল্লেখ্য যে, সুৰংগটোৰ ভিতৰত প্ৰায় ১০০ জন শ্ৰমিক আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে ৷ ইফালে সুৰংগৰ ভিতৰত উদ্ধাৰকাৰী দলে ছয়জন শ্ৰমিকৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি ওলোৱা বাতৰিৰ কোনো নিশ্চিত…
Read More
মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অষ্টমবাৰলৈ মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।ডুবাইত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ।খেলখনত শ্বেফালী বাৰ্মা আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাই উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পাছতে শ্ৰীচৰণী আৰু দীপ্তি শৰ্মাই চমৎকাৰী বলিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।
Read More
ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন আত্মসাৎ। স্বপন বিশ্বাস নামৰ লোকজনৰ পৰা কেইবা হাজাৰ টকা আত্মসাৎ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ।
Read More
আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত।
Read More
ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বিদেশী ঘোষণা কৰা দুই মহিলাৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ।বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে পৰিয়ালক অৱগত নকৰাকৈয়ে তথা তেওঁলোকক আইনী সহায় ল'বলৈ অনুমতি নিদিয়াকৈয়ে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ।দুই পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কল্যান ৰায় চূৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে ৩ ছেপ্তেম্বৰত মমতাজ বেগম আৰু জাহানাৰা বেগমক ওভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে ।
Read More
বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

পুনৰ বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ ৷ উন্মাদ একাংশ লোকে নৃশংসভাবে হত্যা কৰিলে দুই হিন্দু লোকক ৷ জানিব পৰা মতে দেশখনৰ ভিন্ন প্ৰান্তত পুনৰ হিন্দু বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে ৷ যাৰ ফলত দেশখনত এগৰাকী মহিলাসহ এজন পুৰুষক নিৰ্মমভাবে হত্যা কৰিছে ৷দেশখনৰ নগাঁও জিলাৰ মহাদেৱপুৰ উপজিলাৰ মহাদেৱপুৰ নামৰ ঠাইত আলিফ চন্দ্ৰা দত্ত নামৰ জুৱেলাৰী দোকানীজনক হত্যা কৰে দুৰ্বৃত্তই ৷ স্থানীয় সাংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি আনুসৰি, সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত আলিফ চন্দ্ৰা দত্তই মহাদেৱপুৰ বজাৰত থকা নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিল ৷তেনেতে একাংশ লোকে দত্তক ঘৰৰ সমীপতে আগভেটি ধৰে আৰু দত্তক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে…
Read More
ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে নিজকে বিচাৰি পায় ৷ জীৱন সংগ্ৰাম, চহা গাঁৱলীয়া সমাজ, প্ৰেম, যৌৱন, উৎসৱ, পাহাৰ-ভৈয়ামৰ একাত, সংগ্ৰাম আদি জাতীয় জীৱনৰ প্ৰতিটো কথাতে যেন সোমাই আছে সেই মহান ব্যক্তিজনৰ সৃষ্টিৰাজিত ৷জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে-…
Read More
‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ'ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets, No apology… ৰিয়াক হত্যা কৰি বহুত ভালহে লাগিছে। তাইক কাটিলোঁ, জে’লৰ পৰা ওলালে তাইৰ চুগাৰ ডেডীটোকো কাটিম।’’
Read More