Dipshikha

3401 Posts
বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধান হৈ আছে ৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ।চীনত থকা ভাৰতীয় দূতাবাসে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তত আকস্মিক বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ ডি এন এৰ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় নাগৰিকৰ ডি এন এ নমুনা লোৱা সন্দৰ্ভত চীন কৰ্তৃপক্ষৰ পৰা নিশ্চিত হোৱাৰ পিছত বেইজিঙত থকা ভাৰতীয়…
Read More
মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে শিল্পীগৰাকীৰ ৷দিল্লীত মণিপুৰৰ প্ৰখ্যাত গীটাৰিষ্টক হত্যা। নিহত সংগীত শিল্পীজন ৫৪ বছৰীয়া চোংথাম বিক্ৰম। দক্ষিণ-পূব কিলোকাৰী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিল্পীজনৰ ঘৰৰ সন্মুখত ডেলিভাৰী কৰ্মীৰে সংঘাত হৈছিল ধাবাৰ কৰ্মচাৰীৰ। ঘটনাত বাধা দিবলৈ গৈছিল চোংথাম বিক্ৰম। চিকিৎসালয়ত মৃত্যুক সাৱটি লয় চোংথাম বিক্ৰমে।৭ ছেপ্টেম্বৰত সংঘটিত এই ঘটনা সন্দৰ্ভত ছানলাইট কলনী আৰক্ষী থানাই ফোনকল লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত এজন নাবালকসহ কেইবাজনো লোকক…
Read More
অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতনৰ সমীপৰ অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে আৱদ্ধ হৈ থকা ব্যক্তিক বিচাৰি উলিয়াবলৈ ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷দেওবাৰৰ মাজনিশা চলোৱা অভিযানত আৰু এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, আৰু অন্যান্য সংস্থাসমূহৰ দলসমূহে এই স্থানত গধুৰ ধ্বংসাৱশেষ পৰিষ্কাৰৰ বাবে কাম কৰি আছে ।
Read More
গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত

গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত

বৰষুণ দিলেই ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগে গুৱাহাটীৰ পাহাৰত বসবাস কৰা আৰু পাহাৰৰ নামনিত বসবাস কৰা লোক ৷ কিয়নো নেৰেনেপেৰা বৰষুণ দিলেই ভূমিস্খলনৰ আকাংশই আতংকিত কৰি তোলে মহানগৰীৰ পাহাৰৰ বাসিন্দা আৰু পাহাৰৰ নামনিত বাস কৰা লোকসকলক ।যধে-মধে পাহাৰ কটা, বনাঞ্চল ধ্বংসৰ ফলত মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহ ক্ৰমাৎ অধিক বিপজ্জনক হৈ পৰিছে । যাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ইয়াৰে ভূমিস্খলন প্ৰৱণতা অঞ্চলসমূহৰ শীৰ্ষত আছে খাৰঘুলি অঞ্চল । খাৰঘুলি অঞ্চলৰ ৭৭ টাকৈ স্থান ভূমিস্খলনৰ সম্ভাৱনা আছে ৷একেদৰেই নুনমাটি অঞ্চলত…
Read More
কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব চৰকাৰে

কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব চৰকাৰে

অহা 8 ছেপ্টেম্বৰত অসমবাসীয়ে পালন কৰিব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শততম জন্মদিন ৷ ইতিমধ্যে বিগত বৰ্ষৰ পৰাই অসম চৰকাৰৰ উদ্যোগত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন হৈ আহিছে ৷ সুধাকণ্ঠৰ গৰিমা কেৱল অসমতেই সীমাবদ্ধ নাছিল ৷ ভাৰতৰ ভিন্ন প্ৰান্ত আনকি বহিঃৰাষ্ট্ৰতো আছিল তেওঁৰ সমাদৰ ৷কলকাতাত এখন ঘৰো আছিল সুধাকণ্ঠৰ ৷ তেওঁ কেবাবছৰো সেই ঘৰত বসবাস কৰিছিল ৷ সেইসময়ত বংগৰ প্ৰখ্যাত সংগীত শিল্পীৰ বাবে সেই ঘৰখন আছিল এক অন্যতম আড্ডাস্থলী ৷ কিন্তু সুধাকণ্ঠৰ অবৰ্তমানত সেই ঘৰখন পৰিত্যক্তপ্ৰায় হৈ পৰে ৷অসম চৰকাৰৰ এটা দলে দেওবাৰে কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো পৰিদৰ্শন কৰে ৷ তেওঁৰ স্মৃতি জীয়াই…
Read More
বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ

বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ

বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ ৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাত বিষাক্ত সুৰা সেৱন কৰি ১৬ জন লোকৰ মৃত্যু ঘটে ৷ বিপৰীতে প্ৰায় ৩৫ জন লোক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে ৷ দেওবাৰে এই খবৰ পোহৰলৈ আহিছে ৷চিকিৎসাধীন একাংশৰ অৱস্থা সংকটজনক ৷ তেওঁলোকক ইতিমধ্যে বুণ্ডেলখণ্ড চিকিৎসা মহাবিদ্যালয় আৰু সাগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱাৰ ভাগত এই খবৰ পোহৰলৈ অহাৰ লগতে বিষয়টোৰ তদন্ত অব্যাহত থকা বুলি জিলা আয়ুক্ত প্ৰতিভা পালে জানিবলৈ দিয়ে ৷
Read More
ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR ৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰথমটো ইমেজিং উপগ্ৰহ কক্ষপথত সফল উৎক্ষেপণৰ প্ৰশংসা কৰি কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । শুকুৰবাৰে পুৱা জি এছ এল ভি ৰকেটত ২৩০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ…
Read More
মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে'টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।অচিনাকি দুষ্কৃতিকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে অপৰাধীৰ পৰিচয় আৰু উদ্দেশ্য এতিয়াও জানিব পৰা পৰা হোৱা নাই । ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান চলায় ।
Read More
নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ ২শ্ৰমিকক।দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ উদ্ধাৰকৰ্মীয়ে।নেপালৰ ৮ জিলাত বোকামাটি-পলস, ধ্বংসস্তুপৰ মাজত চলিছে অভিযান।ধ্বংসস্তুপৰ মাজত মৃতদেহৰ সন্ধান ভাৰতকে ধৰি অন্য দেশৰ উদ্ধাৰকাৰীৰ।ত্রিশূলীৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ পাছতে উৎফুল্লিত উদ্ধাৰকাৰীৰ দল।
Read More
১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত। স্থানীয় বাসিন্দা আৰু সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ দাবী, মাদ্ৰাছাৰ কাষত মাটিৰ প্ৰয়োজন হোৱাৰ বাবে মন্দিৰটো ভাঙি পেলোৱা হৈছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক 'গৰ্হণীয় আৰু উচ্ছেদ কাৰ্য' বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে গৰহণা দিছে।উল্লেখ্য যে,মন্দিৰ ভঙা ঘটনাত নিষিদ্ধ কট্টৰপন্থী সংগঠন তেহৰিক ই লাব্বাইক পাকিস্তানৰ সদস্যসকল জড়িত বুলি অভিযোগ স্থানীয়সকলৰ। মন্দিৰ ভাঙি পেলোৱাৰ পাছত মন্দিৰৰ চূড়াত থকা ধাতৱ অংশ, ইটা-সহ অন্যান্য সামগ্ৰীও দ্ৰুত আঁতৰাই পেলোৱা হৈছে বুলি দাবী তেওঁলোকৰ। মন্দিৰৰ কাষৰ মাটিত এভাকুই ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডে এখন মাদ্ৰাছা তৈয়াৰৰ বাবে লিজত দিছিল। কিন্তু কেইবছৰ ভাড়া নিদিয়াত লিজ বাতিল হৈ যায়। তাৰপিছতেই মন্দিৰৰ মাটি…
Read More