Dipshikha

3128 Posts
ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত

ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত

আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত ৰাখিছে । কিন্তু এতিয়াও যুদ্ধবিৰতিক লৈ কোনো সিদ্ধান্ত হোৱা নাই । তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণে আমেৰিকাৰ সৈতে চুক্তিত সন্মতি নিদিয়ালৈকে হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব । এই ঘোষণাৰ পিছতে বৃহস্পতিবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ মাৰ্কিন ডলাৰৰ ওপৰত বৃদ্ধি পাইছে । বুধবাৰে সংবাদ সংস্থা এক্সিঅ'ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই অৱৰোধক ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰাৰ মূল আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ।
Read More
ঢেকীয়া শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঢেকীয়া শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঢেকীয়া শাক (Fiddlehead Fern) অসমৰ এক অতি জনপ্ৰিয়, সোৱাদযুক্ত আৰু পুষ্টিকৰ বনৰীয়া শাক, যি প্ৰটিন, ভিটামিন A, C, E, এন্টিঅক্সিডেন্ট, কেলচিয়াম আৰু আইৰণেৰে ভৰপূৰ। ই ডায়েবেটিছ নিয়ন্ত্ৰণ, দৃষ্টিশক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ, উচ্চ ৰক্তচাপ হ্ৰাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও, ই যকৃতৰ বাবে উপকাৰী, পেলুনাশক আৰু শৰীৰত বিকিৰণ ৰোধক (Anti-radiation) গুণসম্পন্ন। ঢেকীয়া শাকৰ প্ৰধান উপকাৰিতা:পুষ্টিগুণ: ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থকা বাবে তেজহীনতা বা এনিমিয়া ৰোগীৰ বাবে খুবেই উপকাৰী।ডায়েবেটিছ নিয়ন্ত্ৰণ: ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ঢেকীয়াই সহায় কৰে।দৃষ্টিশক্তি: ভিটামিন এ আৰু বিটা-কেৰোটিন থকা বাবে ই দৃষ্টিশক্তি বৃদ্ধি কৰাত আৰু চকুৰ সমস্যা দূৰ কৰাত সহায় কৰে।হাড়ৰ গঠন:…
Read More
আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

অসমত আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।গুৱাহাটী আৰু বৰাক উপত্যকাত হ'ব পাৰে প্রচণ্ড ধুমুহা-বৰষুণ।কাছাৰ,হাইলাকান্দি, শ্রীভূমিৰ বিভিন্ন ঠাইত বজ্রপাত, ধুমুহাৰ সম্ভাৱনা।
Read More
ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ।
Read More
সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক।
Read More
ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত হোৱা কাৰ্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ কিহৰ বাবে ভাতৃয়ে এনে কৰিবলৈ বাধ্য হ’ল সেই কথাই সংবাদ শিৰোনাম দখল কৰিছে ৷ এই কাহিনী ওড়িশাৰ ৷ ওড়িশাত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ অৱশ্য়ে তেতিয়াৰ কাহিনী আৰু এতিয়াৰ কাহিনীৰ মাজত পাৰ্থক্য আছে ৷ ৰাজ্যখনৰ কালাহাণ্ডীৰ পিছত কেওনঝাৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷বেংকৰ কামত অতিষ্ঠ হৈ জিতু মুণ্ডা নামৰ লোকজনে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ কিছুমাহ পূৰ্বে জিতু মুণ্ডাৰ ভগ্নী কালাৰা মুণ্ডাৰ মৃত্যু ঘটিছিল ৷ নীতি অনুসৰি জিতুৰ ভগ্নীক কবৰস্থ কৰা হৈছিল ৷ তাৰ পিছত সকলো ঠিকে-ঠাকেই চলিছিল যদিও বেংকত জমা…
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

নিশা কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিমিষতে নৈত খহি পৰিল এখন পকী দলং। নৈত জপিয়াই প্রাণ ৰক্ষা কেইবাজনো লোকৰ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল হাৰং নৈৰ ওপৰত থকা ৰংঘৰ-ভাঙ্গাৰপাৰ সংযোগী এই পকী দলংখন। এই দলংখনৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল স্থানীয় ৰাইজে। এই দলংখন খহি পৰাৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তৰ বাবে কোনো বিকল্প ব্যৱস্থা নথকাত স্থানীয় ৰাইজে এই জৰাজীৰ্ণ দলংখনেৰে অহা-যোৱা অব্যাহত ৰাখিছিল।
Read More
ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ

ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ

ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ। ব্যক্তিগতভাৱে বা অধিবক্তাৰ জৰিয়তেও সুৰা কেলেংকাৰীৰ গোচৰত অংশ নোলোৱাৰ সিদ্ধান্ত।ন্যায়াধীশ স্বর্ণকান্ত শৰ্মাৰ পৰা ন্যায় লাভৰ আশা চুৰমাৰ হোৱা বুলি পত্ৰ লিখে কেজৰিৱালে।
Read More
৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল

৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল

আম আদমি পাৰ্টী এৰা ৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । সৰ্বত্ৰে বিষয়টোক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ কেজৰিৱালৰ দলটোৱে পালে আন এক আঘাত । ৰাঘৱ চাড্ডাসহ ৭ সাংসদৰ সদস্যপদ খাৰিজৰ বাবে আম আদমি পাৰ্টীয়ে আবেদন কৰিছিল যদিও ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে সাংসদকেইজনক বিজেপিক একত্ৰিত কৰাৰ আনুষ্ঠানিক অনুমতি প্ৰদান কৰিলে । সোমবাৰে এক সূত্ৰই জনোৱা মতে ৰাজ্যসভাই আপৰ ৭ সাংসদৰ বিজেপিত মিলিত হোৱাৰ অনুমতি দিলে । ইয়াৰ লগে লগে ৰাজ্যসভাত বিজেপিৰ শক্তি ১১৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আপৰ শক্তি ৩ লৈ হ্ৰাস পালে । ৰাজ্যসভাৰ ৱেবছাইটৰ মতেও ৭ জন সাংসদেই এতিয়া বিজেপিৰ সদস্য তালিকাৰ অংশ…
Read More
সাৱধান!বতৰে লব কালৰূপ

সাৱধান!বতৰে লব কালৰূপ

অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷মেঘালয়ৰ অধিকাংশ ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ বহু ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, মিজোৰামৰ কেইবাটাও ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে তাপমাত্ৰা সালসলনি হোৱাৰ সম্ভাৱনা আছে ।
Read More