Dipshikha

3401 Posts
বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে

বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে

উজনি অসমৰ প্ৰলয়ংকাৰী বানত সহায়ৰ হাত আগবঢ়াই বিশেষভাৱে চৰ্চালৈ অহা এ আই ইউ ডি এফৰ সভাপতি তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুর্যোগপূর্ণ পৰিস্থিতিলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে ৷ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিলে বদৰুদ্দিন আজমলে ৫০ জনীয়া স্বেচ্ছাসেৱকৰ এটা দলৰ সৈতে নেপাললৈ গৈ উদ্ধাৰ, সাহায্য আৰু মানৱীয় সেৱাত অংশগ্ৰহণ কৰিবলৈ সাজু আছে ৷ মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে বিধায়ক বদৰুদ্দিন আজমলে এই কথা সদৰী কৰে ৷
Read More
ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ

ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ

ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ । মঙলবাৰে নিশা সংঘটি আক্ৰমণত এটা শিশুকে ধৰি কমেও ১১ জন লোকৰ মৃত্যু হয় । ইয়াৰ পিছতে টেহৰানে সমগ্ৰ অঞ্চলটোৰ আমেৰিকান ঘাটিসমূহত মিছাইল আৰু ড্ৰ’নেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ লগে লগে মধ্যপ্ৰাচ্যত ছমাহতকৈ অধিক সময় ধৰি চলি থকা দুই-এটা যুদ্ধৰ মাজতে পুনৰ শত্ৰুতাই মূৰ দাঙি উঠিছে ।বুধবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে দক্ষিণ-পশ্চিম প্ৰদেশ খুজেস্তানত তিনিটা স্থানত আমেৰিকাৰ আক্ৰমণত কমেও ৭ জন লোকৰ মৃত্যু হৈছে ।ভাৰতীয় সময় মতে, মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই “হৰমুজ প্ৰণালীৰ ওচৰত” ইৰাণৰ লক্ষ্যত আক্ৰমণ চলাইছে । তেওঁ কয়,…
Read More
আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,১৫-২০ হাজাৰ নতুন যুৱক যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম আৰক্ষী সাহস আৰু ত্যাগৰ প্ৰতীক। যোৱা ৫ বছৰত অসম আৰক্ষীয়ে শান্তি-শৃংখলা অটুট ৰাখিছে। ৰাইজৰ সেৱা কৰিবলৈ আৰক্ষীয়ে সাহস, ধৈৰ্য অটটু ৰাখিব লাগে। ৰাজ্যৰ সীমা সমস্যা দূৰ কৰিবলৈ সাহসৰ পৰীক্ষা দিব লাগিব। আৰক্ষীয়ে ৰাজ্যৰ পৰা চাইবাৰকে ধৰি বহু অপৰাধ নিয়ন্ত্ৰণ কৰিছে। বৰ্তমান ৰাজ্যত অপৰাধৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।
Read More
পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰচাৰ কৰে। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা ৰীলত প্রধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰয়োজন নাথাকিলে সোণো কিনা উচিত নহয়। আমি যিমানেই স্বদেশীৰ ওপৰত গুৰুত্ব দিম, সিমানেই আত্মনিৰ্ভৰতাৰ ওপৰত জোৰ দিম। মোৰ দৃঢ় বিশ্বাস, ভাৰত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰিব, তেতিয়া আমি আমাৰ যুৱ প্ৰজন্মৰ হাতত এখন উন্নত ভাৰত তুলি দিব পাৰিম।”
Read More
বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

মাহটোৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেল বিপণন সংস্থাসমূহে পুনৰ ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। ৯.৫০ টকাকৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৫ কিলোগ্ৰামৰ নন-ডমেষ্টিক চিলিণ্ডাৰৰ দামো ২ টকা বৃদ্ধি কৰি ৭৬২ টকাৰ পৰা ৭৬৪ টকা কৰা হৈছে। অৱশ্যে সাধাৰণ ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰ আৰু XTRALITE-ৰ দাম অপৰিৱৰ্তিত আছে। কমাৰ্চিয়েল চিলিণ্ডাৰ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়। স্বস্তিৰ কথা এয়াই যে, ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
Read More
ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
Read More
পুনৰ উত্তপ্ত মণিপুৰ

পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ কাংপোকপি জিলাত সোমবাৰে পুৱা সশস্ত্ৰ নগা বিদ্ৰোহীৰ আক্ৰমণত তিনি অসামৰিক লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়।আজি পুৱা প্ৰায় ৮ বজাত প্ৰায় ৫০জন সশস্ত্ৰ বিদ্ৰোহীয়ে কাংপোকপি জিলাৰ টেইখাং গাঁৱত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে। আক্ৰমণৰ সময়ত গাঁওখনৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয় বুলিও অভিযোগ উঠিছে। গুলীচালনাৰ ফলত আতংকিত গাঁওবাসীয়ে প্ৰাণৰক্ষাৰ বাবে অঞ্চলটোৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।এই আক্ৰমণত নিহত হোৱা তিনিজন লোক হৈছে টিংনেইচিন (৪০), টংপাও লহুভুমৰ পত্নী; হইনেইং লহুজেম (২১), থাংগৌলেন লহুজেমৰ পত্নী; আৰু লামটিনথাং লহুজেম (৩৬), ছেইলুন লহুজেমৰ পুত্ৰ। আনহাতে, আক্ৰমণত চাৰিজন লোক গুৰুতৰভাৱে আহতসকল হৈছে—নেমনেইচং লহুজেম (৫০), ছেইলুন লহুজেম (৭০), ডেইলহিং…
Read More
মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

বিশ্বজুৰি অনিশ্চয়তা, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেলৰ সংকটৰ মাজতো দেশৰ GDP বৃদ্ধিক এক বৃহৎ সফলতা বুলি অভিহিত কৰিলে মোদীয়ে।দেশৰ GDPৰ এই বৃদ্ধিক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনীতিয়ে প্ৰত্যাশাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। উৎপাদন, সেৱা আৰু বিনিয়োগ খণ্ডৰ উৎকৃষ্ট কাম-কাজে খনি খণ্ডৰ দুৰ্বলতা আৰু কৃষি খণ্ডৰ তুলনামূলকভাৱে কম বৃদ্ধিৰ প্ৰভাৱ চম্ভালি লোৱাৰ বাবে অৰ্থনীতিয়ে ৭.৮ শতাংশ হাৰত বৃদ্ধি লাভ কৰিছে।শেহতীয়া GDP পৰিসংখ্যাৰ প্ৰতিক্ৰিয়াত মোদীয়ে এই সফলতাৰ কৃতিত্ব ভাৰতীয়সকলৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমক দিয়ে। তেওঁ কয় যে কঠিন গোলকীয় পৰিস্থিতিৰ মাজতো এই পৰিসংখ্যাই ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ…
Read More
৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উজবেকিস্তান আৰু কিৰ্গিজস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। ২৯ৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰী থাকিব উজবেকিস্তানত। বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি বিষয়ত হ’ব দ্বিপাক্ষিক বৈঠক। ইয়াৰ পাছতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানত থাকিব মোদী। SCO সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা।
Read More
শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ক। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ভাৰতীয় মাছমৰীয়াকেইজনক প্ৰেৰণ কৰিলে স্বদেশলৈ।
Read More