Dipshikha

3128 Posts
ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড

ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড

ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড ।তৈল আৱৰ্জনা ক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ডজুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো।অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন।অন্য প্ৰান্তলৈও জুই সম্প্ৰসাৰণ হোৱাত আতংক ।
Read More
কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ

কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ

ভাগ্য ভাল আছিল কাৰণেই হয়তো কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ। সংবাদদাতাসকলৰ সৈতে ট্ৰাম্পে আয়োজন কৰা ডিনাৰ পাৰ্টিৰ সময়তে ধাৰাসাৰ গুলীবৰ্ষণত কপিঁ উঠে ৱাশ্বিংটনৰ এখন হোটেল। আমেৰিকাৰ হোৱাইট হাউচো আয়োজন কৰা এই অনুষ্ঠানটোত ট্ৰাম্পৰ লগতে উপস্থিত আছিল উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স। দুৰ্বৃত্তই প্ৰায় ৬জাঁই গুলীবৰ্ষণ কৰে। কিন্তু এই ঘটনাত কাৰো একো হানি-বিঘিনি হোৱা নাই। ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীতে আক্ৰমণকাৰীক গুলীয়াই নিধন কৰে। উল্লেখ্য যে, ডিনাৰৰ বাবে হোটেলখনলৈ গৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ৱাশ্বিংটনৰ হিল্টন হোটেলত সংঘটিত হৈছে এই ঘটনা হোটেলখনৰ পৰা সুৰক্ষিতভাৱে ট্ৰাম্প-জে ডি ভান্সক উদ্ধাৰ কৰা হৈছে।
Read More
ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

শনিবাৰে নিশা গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ যায় ৩গৰাকীকৈ যুৱতীৰ। গুৱাহাটীৰ মঠঘৰীয়াৰ গেইট হস্পাতালৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত নিহত দুগৰাকী যুৱতীৰ তথ্য পোহৰলৈ আহিছে।নিহত ৩গৰাকী যুৱতীৰ ভিতৰত এগৰাকী হৈছে পূজা সাহা আৰু আনগৰাকী হৈছে আকাংক্ষা শইকীয়া। আকাংক্ষা শইকীয়া হৈছে গুৱাহাটীৰ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। তেওঁৰ ঘৰ সোণাৰিৰ সাপেখাটিত বুলি জানিব পৰা গৈছে।
Read More
উৰণৰ সময়তে বিমানত লাগিল জুই।

উৰণৰ সময়তে বিমানত লাগিল জুই।

উৰণৰ সময়তে বিমানত লাগিল জুই। বিমানত থকা ২২৮ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ। অগ্নিকাণ্ডত আহত ৬জনকৈ যাত্রী। SWISS বিমানত ভয়ংকৰ কাণ্ড। ছুইজাৰলেণ্ডলৈ যোৱাৰ সময়তে এইঅঘটন।
Read More
অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত

অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত

নগাঁও আদালতে সোমবাৰে বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছত আজি ন্যায়ালত শাস্তি ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে।অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে এই ঘটনাত মৃত্যুদণ্ড প্ৰযোজ্য নহয় আৰু যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সম্ভাৱনা অধিক। তেওঁ লগতে জনায় যে, শাস্তি যিয়েই নহওক, উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব।
Read More
গ্ৰেপ্তাৰ হব পাৰে পৱন খেৰা

গ্ৰেপ্তাৰ হব পাৰে পৱন খেৰা

আজি গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ পাৰ্থিৱজ‍্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন। ২৪ এপ্ৰিল ২০২৬ৰ শুকুৰবাৰে পুৱা ১০-৩০ বজাত এই ৰায়দান আদালতৰ। উল্লেখ কৰা প্ৰয়োজন যে, পৱন খেড়াৰ বিৰুদ্ধে অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ৩ খন দেশৰ পাছপ’ৰ্ট থকাৰ মহা অভিযোগ অনাৰ পাছত মুখ‍্যমন্ত্ৰীৰ পত্নীয়ে অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰিছিল।
Read More
কাবুলি বুটৰ উপকাৰী গুণ

কাবুলি বুটৰ উপকাৰী গুণ

কাবুলি বুটত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে ৷ উচ্চ আঁহৰ বস্তুবোৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ তদুপৰি, আঁহে মেদবহুলতা হ্ৰাস কৰে আৰু শিৰাবোৰত জমা হোৱা প্লেক হ্ৰাস কৰাত সহায় কৰে ৷ ফাইবাৰে শিৰাবোৰৰ অৱৰোধ বোৰ খুলিবলৈ সহায় কৰে, যি ৰক্ত সঞ্চালন উন্নত কৰে ৷ এনে পৰিস্থিতিত, কাবুলি বুটে উচ্চ ৰক্তচাপৰ সমস্যাত যথেষ্ট সকাহ প্ৰদান কৰে ৷কাবুলি বুট (Chickpeas) হৈছে প্ৰটিন, আঁহ (Fiber), ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ এক পুষ্টিকৰ খাদ্য। ই হজম শক্তি বৃদ্ধি, ওজন হ্ৰাস, হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন আৰু খনিজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হাড়…
Read More
ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক। বিজেপি প্ৰাৰ্থী ৰেখা পাত্ৰৰ হৈ ধন বিলোৱাৰ অভিযোগ নাথৰ বিৰুদ্ধে।পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ধন বিলোৱাৰ অভিযোগত আটক কৰে বিজেপি প্ৰাৰ্থীগৰাকীক।
Read More
উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।
Read More
ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ' প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক'লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ জাহাজ দুখন কব্জা কৰে ইৰানে। অনুমতি অবিহনে জাহাজকেইখনে হৰমুজ অতিক্ৰম কৰাৰ অভিযোগ। জাহাজ দুখন ৰখাবলৈ নির্দেশ দিছিল IRGC-এ। এই নির্দেশ অমান্য কৰাৰ বাবে গুলীচালনা কৰেIRGC-এ ।
Read More