29
Aug
নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে…
