Dipshikha

3128 Posts
২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ অন্ত পৰিল জল্পনা-কল্পনা। কিয়নো ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২১ এপ্ৰিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছিল।
Read More
মহানগৰীত কৃত্রিম বানে প্রাণ ল’লে এগৰাকী যুৱতীৰ

মহানগৰীত কৃত্রিম বানে প্রাণ ল’লে এগৰাকী যুৱতীৰ

মহানগৰীত কৃত্রিম বানে প্রাণ ল’লে এগৰাকী যুৱতীৰ। মালিগাঁৱত মেনহলত পৰি মৃত্যু পায়েল নাথ নামৰ এগৰাকী যুৱতীৰ।দেওবাৰে সন্ধিয়া মেনহলত পৰি সন্ধানহীন হৈছিল পায়েল নাথ।সংকটজনক অৱস্থাত পাণ্ডু FRUত ভৰ্তি কৰোৱা হৈছিল পায়েলক।চিক‍িৎসালয়ত মৃত ঘোষণা কৰা হয় ধাৰাপুৰৰ পায়েল নাথক।
Read More
পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ

পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ

মণিপুৰত পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ ।সাধাৰণ নাগৰিকক লক্ষ্য কৰি উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণ।ইম্ফলৰ পৰা উখ্ৰুললৈ গৈ থকা সময়তে এই ঘটনা সংঘটিত হয় ।ঔদ্যোগিক অঞ্চলৰ সমীপত সংঘটিত এই গুলীচালনাৰ ঘটনা।গুলীচালনাত থিতাতে মৃত্যু দুজন লোকৰ ।গুলীবিদ্ধ হৈ এজন অৱসৰপ্ৰাপ্ত জোৱানৰ মৃত্যু ।
Read More
সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ড চূড়ান্ত ৰায় দিলে

সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ড চূড়ান্ত ৰায় দিলে

প্ৰায় ৮ বছৰৰ মূৰকত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ড চূড়ান্ত ৰায় দিলে । আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহয় অভি-নীলৰ পিতৃ ৷এই নৃশংস হত্যাকাণ্ডত আদালতে ২০ জনক দোষী সাব্যস্ত কৰিছে । ২৪ এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰা হ'ব। আদালতৰ এই ৰায়ৰ পিছতে অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে কিছু সকাহ পাইছে ।
Read More
এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২২জন লোক নিহত

এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২২জন লোক নিহত

তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২২জন লোক নিহত হয় । ইয়াৰ উপৰি এই বিস্ফোৰণত গুৰুতৰভাৱে আহত ৬জন বৰ্তমান বিৰুধুনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি আহতসকলৰ চাৰিজনৰ অৱস্থা সংকটজনক । মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।
Read More
প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে

প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী। এই তালিকাত পূৰ্বে প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে। ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স অনুসৰি, ১৬ এপৰিল, ২০২৬ত গৌতম আদানীৰ সম্পত্তি বৃদ্ধি পাইছে ৩.৫৬ বিলিয়ন ডলাৰলৈ। তাৰপাছতে তেওঁৰ মূল সম্পত্তিৰ মূল্য হয়গৈ ৯২.৬ বিলিয়ন ডলাৰলৈ। ইফালে, ৰিলায়েন্সৰ অধ্যক্ষ আম্বানীৰ নেট ৱৰ্থ ৯০.৮ বিলিয়ন ডলাৰ।
Read More
কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ

কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ

কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ।জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ জনালে অনুৰোধ। সামাজিক মাধ্যমযোগে এনেদৰে মৰ্মিতা মিত্ৰক অনুৰোধ জনালে জুবিন গাৰ্গৰ ভগ্নীয়ে।পামী বৰঠাকুৰে সামাজিক মাধ্যমত লগতে লিখিছে-‘জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ'ব লাগিব’।
Read More
তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট

তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট

ৰন্ধন গেছৰ পাছত এইবাৰ তেল ডিপো, তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট। ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষক তথা ডিজেল চালিত বাহনৰ গৰাকীয়ে। তামাৰহাটৰ হাতীধুৰাস্থিত "তামাৰহাট গ্ৰাহক সেৱা কেন্দ্ৰ" নামৰ তেল ডিপো লৈ নিতৌ ডিজেলৰ বাবে আহি উভতি যাবলগীয়া হৈছে গ্ৰাহকসকল। বিশেষকৈ ডিজেল চালিত পাম্প ছেট মেচিনৰ সহায়ত ইৰি ধানৰ খেতি কৰা কৃষকসকলে পৰিছে বিপাঙত। ডিজেল অবিহনে খেতিপথাৰত যোগান ধৰিব পৰা নাই পানীৰ।
Read More
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা।২১ এপ্ৰিলৰ পাছতহে ঘোষণা হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে কৰিছে এই ঘোষণা।পূৰ্বে ১৭ এপ্ৰিলত ফলাফল ঘোষণা হ’ব বুলি ভুৱা খবৰ বিয়পি পৰিছিল।
Read More
পহিলা ব’হাগৰ দিনটোত জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি শ শ অনুৰাগীয়ে

পহিলা ব’হাগৰ দিনটোত জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি শ শ অনুৰাগীয়ে

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উছাহৰ মাজতে আজি 'জুবিন ক্ষেত্ৰ'ত এক ব্যতিক্ৰমী তথা আৱেগিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত যেন আধৰুৱা হৈ পৰিছে এইবাৰৰ বসন্ত উদযাপন । তথাপিও, শিল্পীগৰাকীৰ প্ৰতি থকা অগাধ মৰম আৰু সন্মান প্ৰদৰ্শন কৰি আজি পহিলা ব'হাগৰ দিনটোত জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি শ শ অনুৰাগীয়ে । পুৱাৰে পৰা জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিন ক্ষেত্ৰত শ্ৰদ্ধা নিবেদন কৰিছে ৷ অনুৰাগীসকলে শিল্পীগৰাকীৰ প্ৰতি থকা মৰমৰ চিনস্বৰূপে বিহুৱান, জাপি আদি অৰ্পণ কৰে পহিলা বহাগৰ দিনটোত । উল্লেখ্য যে, জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে কাহানিও অকলশৰীয়া…
Read More