নেপালৰ পৰিস্থিতিৰ ফলত বিহাৰৰ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।টেলিফোনিক বাৰ্তালাপত শ্বাহে বিহাৰ চৰকাৰক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা যিকোনো সম্ভাব্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ।গৃহমন্ত্ৰীগৰাকীয়ে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু প্ৰয়োজন হ’লে ৰাজ্যিক কৰ্তৃপক্ষক সহায় আগবঢ়াবলৈ এনডিআৰএফ বাহিনীক সাজু কৰি ৰখা হৈছে ।নেপালত হোৱা প্ৰচণ্ড বৰষুণ আৰু হিমবাহ বিস্ফোৰণৰ ফলত জলস্তৰত প্ৰভাৱ পৰাৰ বাবে বিহাৰৰ কিছু অংশত বানৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে এই কথা প্ৰকাশ কৰে ।
বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ
