Dipshikha

3128 Posts
আজি মানুহ বিহু

আজি মানুহ বিহু

আজি মানুহ বিহু । অসমীয়াৰ জাতীয় স্বাভিমানৰ এই উৎসৱক লৈ ৰাজ্য়জুৰি উখল-মাখল পৰিৱেশ । চৌদিশে ঢোল, পেঁপাৰ শব্দত প্ৰাণৱন্ত হৈ পৰিছে ধৰিত্ৰী । বসন্তৰ বতৰা লৈ আৰম্ভ হোৱা ৰঙালীতেই উৰ্বৰা হ'বলৈ যেন সাজু হৈছে ধৰিত্ৰী । সাতদিনীয়াকৈ পালন কৰা ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন । পৰম্পৰা অনুসৰিয়েই এই বিশেষ দিনটো 'মানুহ বিহু' হিচাপে পালন কৰা হয় ।
Read More
বিহাৰ বাসীয়ে লাভ কৰিলে নতুন সম্ৰাট

বিহাৰ বাসীয়ে লাভ কৰিলে নতুন সম্ৰাট

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধৰীয়ে বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । পাটনাৰ লোকভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । সম্ৰাট চৌধৰীৰ উপৰিও জনতা দলৰ (ইউনাইটেড) চমুকৈ জেডিইউৰ দুজন জ্যেষ্ঠ নেতা বিজয় চৌধুৰী আৰু বিজেন্দ্ৰ প্ৰসাদ যাদৱে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে আৰু তেওঁলোকে উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ ইয়াৰ লগে লগে বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । নীতিশ কুমাৰৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল সম্ৰাট চৌধৰী । ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে নীতিশ কুমাৰে । ইয়াৰ পিছতে বুধবাৰে বিজেপিৰ বিধায়িনী দলৰ…
Read More
চত্তীশগড়ৰ এটা শক্তিকেন্দ্রত বিস্ফোৰণ

চত্তীশগড়ৰ এটা শক্তিকেন্দ্রত বিস্ফোৰণ

চত্তীশগড়ৰ এটা শক্তিকেন্দ্রত বিস্ফোৰণ। শক্তিকেন্দ্রটোৰ বইলাৰ বিস্ফোৰণত নিহত ১০জন কৰ্মচাৰী। ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন কেইবাজনো লোক। বেদান্ত গ্রুপৰ আছিল এই শক্তিকেন্দ্রটো।
Read More
আশা ভোচলে আৰু নাই

আশা ভোচলে আৰু নাই

আশা ভোচলে আৰু নাই। দেওবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। শনিবাৰে নিশা মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতালত কৰোৱা হৈছিল ভৰ্তি। শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাত ভৰ্তি কৰোৱা হৈছিল তেওঁক। অসমীয়া ছবিতো কণ্ঠ নিগৰাইছিল তেওঁ।
Read More
আলফা (স্বাঃ)ৰ ৭গৰাকী লিংকমেনক আটক

আলফা (স্বাঃ)ৰ ৭গৰাকী লিংকমেনক আটক

তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।অভিযানত আলফা (স্বাঃ)ৰ ৭গৰাকী লিংকমেনক আটক।আটক বৰডুমচাৰ বাৰ্লিন নেওগ, পেঙেৰীৰ মিঠু গোহাঁই।পেঙেৰীৰ লীলাধৰ মৰাণ, কাকপথাৰৰ বিকাশ ডেকা, অৰুণাচলৰ শিৱা দেৱ।লগতে আটক পাৰিতোষ দেৱ আৰু মাকুমৰ মানৱ দেৱক।আলফা (স্বাঃ)ৰ নামত ধনদাবী কৰিছিল লিংকমেনকেইজনে।
Read More
স্বামীহাৰা মহিলাক চৰকাৰী আঁচনি কৰ্তনৰ ভাবুকি প্ৰদান

স্বামীহাৰা মহিলাক চৰকাৰী আঁচনি কৰ্তনৰ ভাবুকি প্ৰদান

কংগ্ৰেছৰ পুলিং এজেন্ট হোৱাৰ দোষত স্বামীহাৰা মহিলাক চৰকাৰী আঁচনি কৰ্তনৰ ভাবুকি প্ৰদান কৰিছে একাংশ বিজেপিয়ে। নগাঁৱৰ ৰাইডঙীয়াত বিধৱা মহিলাক নিশা ফোন যোগে ভাবুকি প্ৰদান কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত।নগাঁৱৰ বৰ ৰাইডঙীয়াৰ পপী হাজৰিকা নামৰ মহিলা গৰাকীয়ে হৈ যোৱা বিধান সভা নিৰ্বাচনত কংগ্রেছ দলৰ হৈ কৰিছিল পুলিং এজেন্ট ।স্বামীহাৰা মহিলা গৰাকীয়ে পেটৰ তাড়নাত কৰিছিল পুলিং এজেন্ট। সেইয়াই যে সহ্য নহ'ল অঞ্চলটোৰ বিজেপিৰ পালি নেতাৰ ।এগৰাকী বিধৱা অসহায় মহিলাক এনে দৰে ফোন যোগে ভাবুকি দিয়া কাৰ্য্যক গৰিহনা দিছে সচেতন মহলে ।
Read More
শুকান নাৰিকল খালে পুৰুষৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে

শুকান নাৰিকল খালে পুৰুষৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে

শুকান নাৰিকল খালে পুৰুষৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে ৷ জনাই দিও যে, শুকান নাৰিকলত প্ৰায় ৬৬০ কিলো কেলৰি থাকে ৷ ইয়াত প্ৰায় ৬৪.৫ গ্ৰাম চৰ্বি আৰু প্ৰায় ৬.৮৮ গ্ৰাম প্ৰ’টিন থাকে ৷ ইয়াৰ উপৰিও ইয়াত ১৬ গ্ৰাম আঁহ থাকে, যিটো হজমৰ বাবে অত্যন্ত উপকাৰী ৷ তদুপৰি শুকান নাৰিকলত মেংগানিজ, আইৰণ, পটাছিয়াম, আৰু ভিটামিন B6, ভিটামিন ই, ফ’লেট, ৰাইব’ফ্লেভিন আদি পোৱা যায় ৷ এই পুষ্টিকৰ উপাদানসমূহে পুৰুষৰ স্বাস্থ্যত বিভিন্ন ধৰণে অৰিহণা যোগায়, য’ত আছে । শুকান নাৰিকলত থকা মেংগানিজ আৰু পটাছিয়ামে ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা কৰি হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ ৰক্তচাপ পৰিচালনা কৰাৰ লগতে ৰক্তবাহী নলীৰ স্বাস্থ্যৰ বাবেও…
Read More
ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।প্ৰথম চাৰিটা স্থান দখল কৰিছে এইসকলে---প্ৰথম স্থান দখল কৰিছে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতন জ্যোতিৰ্ময় দাসে।দ্বিতীয় স্থান দখল কৰিছে হাৱাজানৰ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞাই।তৃতীয় স্থান দখল কৰিছে ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ জিয়া ফাৰাহ ইছলামে।চতুৰ্থ স্থান দখল কৰিছে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখটাৰে। ৰাজ্যজুৰি উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। ৰাজ্যজুৰি সৰ্বমুঠ ২,৮১,৭০১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । লিঙ্গ অনুসৰি, পুৰুষ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ ৬৭.৭৮ শতাংশ । আৰু মহিলা পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ ৬৩.৯৬ শতাংশ। প্ৰথম বিভাগত ৮৫,১৮৯ জন। দ্বিতীয় বিভাগত ১,৫০,১৬৭ জন । আৰু তৃতীয় বিভাগত ৪৬,৩৪৫ জন উত্তীৰ্ণ হয়। লগতে ৩,৯৮৩ জনে distinction, ১৩,৬৮১…
Read More
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।নিৰ্বাচন শেষ হোৱাৰ পিছতে অভিযান আৰক্ষীৰ।লুৰীণজ্যোতিৰ পৰিয়াল আৰক্ষীৰ আতিশয্যৰ বলি হোৱাৰ অভিযোগ।
Read More
বিপদত কুংকী চৌধুৰী

বিপদত কুংকী চৌধুৰী

বিপদত পৰিব নেকি কুংকী চৌধুৰী । কুংকী চৌধুৰীৰ ৪সহযোগীক আটক আৰক্ষীৰ। BJPকৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক ৪ যুৱকক। কুংকী চৌধুৰীৰ পলিটিকেল মেনেজমেন্ট পৰিচালনা কৰিছিল টীমটোৱে। মেনেজমেন্ট টীমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ। নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ।
Read More