Dipshikha

3125 Posts
পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ৷ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতাৰ উপস্থিতিত শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ।
Read More
দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ'ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত) ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চৰকাৰে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত)ক পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি দিছে ৷ তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাম কৰিব । আনুষ্ঠানিক বিবৃতি অনুসৰি বৰ্তমানৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ৩০ মে’ত কাৰ্যকাল সম্পূৰ্ণ কৰিব ।লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
Read More
পবা বনাঞ্চলক কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ?

পবা বনাঞ্চলক কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ?

১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে, বৰ্তমান প্ৰায় ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে । পবা সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্য হিচাপে পৰিচিত এই বনাঞ্চলখনৰ কাষতে আছে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ মুখ্য ভূমিৰূপে বিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভায়াৰণ্য আৰু উত্তৰ পূবফালে আছে অৰুণাচল প্ৰদেশৰ ডি-ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য ।কবু চাপৰিলৈ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডি-ইৰিং বনাঞ্চল আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে পুনৰ ঘূৰি আহি আনন্দত গীত গাই বাহ সজাত ব্যস্ত গছৰ ডালে ডালে ৷ মুঠৰ ওপৰত এসময়ৰ মানুহৰেৰে ভৰি থকা কবু চাপৰি পৰিণত হৈছে বিভিন্ন বণ্যপ্ৰাণীৰ আৱাসভূমিলৈ ৷কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে…
Read More
গ্ৰীণ টিৰ উপকাৰী গুণ

গ্ৰীণ টিৰ উপকাৰী গুণ

গ্ৰীণ টি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যিটো ইয়াৰ উচ্চ এণ্টিঅক্সিডেন্ট (পলিফেনল) গুণৰ বাবে জনাজাত। নিয়মিত গ্ৰীণ টি সেৱনে ওজন কমোৱা, হৃদৰোগৰ আশংকা হ্ৰাস, মেটাবলিজম বৃদ্ধি আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। প্রতিদিনে ২-৩ কাপ গ্ৰীণ টি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।গ্ৰীণ টি সেৱনৰ ১০ টা প্ৰধান উপকাৰিতা তলত দিয়া হ’ল: ১. ওজন হ্ৰাসত সহায়ক: গ্ৰীণ টিয়ে মেটাবলিজম বৃদ্ধি কৰি আৰু চৰ্বি দহন (fat oxidation) প্ৰক্ৰিয়া দ্ৰুত কৰি ওজন কমোৱাত সহায় কৰে। ২. হৃদৰোগৰ আশংকা কমায়: ই বেয়া কোলেষ্টেৰল (LDL) হ্ৰাস কৰে আৰু ভাল কোলেষ্টেৰল (HDL) বৃদ্ধি কৰে, যিয়ে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা কমায়। ৩. এণ্টিঅক্সিডেন্টৰ উৎস:…
Read More
হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

"হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ৷ তেওঁ কৈছে তেওঁ হেনো মোৰ বিৰুদ্ধে মিটিং কৰা নাই ৷ তেওঁ মোৰ বিৰুদ্ধে দস্তুৰমত মিটিং কৰিছে ৷"—বিধানসভা নিৰ্বাচনত শিৱসাগৰত অখিল গগৈয়ে বিজয় সাব্যস্ত কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা কেতবোৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কাজিৰঙাৰ দুৰ্গাপুৰ গাঁওস্থিত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত সংবাদমাধ্যমৰ আগত গগৈয়ে ফটো প্ৰদৰ্শন কৰি কয়, "শিৱসাগৰত যদি কেম্পেইন নকৰিলে বুলি কৈছে তেন্তে মই ফটো দুখন দেখুৱাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই ! মোৰ বিৰুদ্ধে দুখন ডাঙৰ ডাঙৰ মিটিং কৰিছে । ১৫ মাৰ্চৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে এখন ডাঙৰ মিটিং…
Read More
আজি অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি

আজি অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি

অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স একাউণ্টৰ ডিছপ্লে’ পিকচাৰ পৰিৱৰ্তন কৰিছে। নিজৰ ফটোৰ পৰিৱৰ্তে মোদীয়ে ডিছপ্লে’ পিকচাৰত লগাইছে ‘অপাৰেচন সিন্দূৰ’ লিখা থকা এখন ফটো, য’ত আছে এখন জাতীয় পতাকা। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সংকল্প পুনৰ ব্যক্ত কৰি লিখিছে, ‘‘সন্ত্ৰাসবাদক পৰাজিত কৰিবলৈ আৰু ইয়াৰ সহায়ক পৰিৱেশক ধ্বংস কৰিবলৈ আমি আমাৰ সংকল্পত পূৰ্বৰ দৰেই অটল আছো।’’
Read More
মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। পুৱা ৮ বজাৰ পিছত খোল খালে মন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে সুন্দৰ ৰূপত সজাই তোলা হয় কেদাৰনাথ মন্দিৰ। অসমৰ জাঁপি আৰু প্ৰায় ৫১ কুইণ্টল ফুলৰ সহায়ত সজাই তোলা হয় বাবাৰ ধাম। মুকলিৰ সময়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত থাকে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে প্ৰাৰ্থনা কৰে। কেদাৰনাথ ধামত এই সময়ত প্ৰচণ্ড ঠাণ্ডাৰ মাজতো উপস্থিত হৈছে হাজাৰ হাজাৰ ভক্ত। এতিয়া ২২ এপ্ৰিলৰ পৰা অহা ৬ মাহলৈ কেদাৰনাথ ধামৰ দুৱাৰ খোলা থাকিব।
Read More
পশ্চিম বংগত হাই এলাৰ্ট জাৰি

পশ্চিম বংগত হাই এলাৰ্ট জাৰি

পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে ৷ এই হত্যাকাণ্ডৰ ফলত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায় । উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোলতালা অঞ্চলৰ দোহৰিয়াত বিজেপি নেতা তথা বিধায়ক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰথক মটৰ চাইকেলেৰে অহা আক্ৰমণকাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । পশ্চিম বংগত বিজেপিয়ে ঐতিহাসিক বিজয় নিশ্চিত কৰাৰ পাছতে…
Read More
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰ অঞ্চলৰ চাৰি মহলীয়া অট্টালিকাত দেওবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩:৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে আৰু লগে লগে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ৷ অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । যথেষ্ট প্ৰচেষ্টাৰ অন্তত পুৱা প্ৰায় ৬:২৫ বজাত জুই নিয়ন্ত্ৰণ কৰা হয় যদিও উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে ।
Read More
সাৱধান মহানগৰবাসী

সাৱধান মহানগৰবাসী

২০২৬ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্র এটা দিন বাকী । ৪ মে'ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । সাজু নিৰ্বাচন আয়োগকে ধৰি জিলা প্ৰশাসন । ভোটগণনাৰ দিনাটোক লৈ কামৰূপ মহানগৰ জিলা প্রশাসনে শনিবাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা । গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেন্টাৰক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে । কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ষ্ট্ৰং ৰূম হৈছে মণিৰাম দেৱান ট্ৰেড চেন্টাৰ । নিৰ্দেশনা অনুসৰি, ষ্ট্ৰং ৰূম বা মণিৰাম দেৱান ট্ৰেড চেন্টাৰ চৌহদৰ পৰা ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ভোটগণনাৰ দিনা নিৰ্দিষ্ট এলেকাত কোনো ধৰণৰ আতচবাজি, বিজয়ী সমদল,…
Read More