19
Sep
জুবিনৰ কায়িক অনুপস্থিতিৰ এবছৰ, সামাজিক মাধ্যমত শোক প্ৰকাশ নেটিজেনৰ ৷ পিছে বুকুত এসাগৰ বেদনা লৈয়ে মনোৰঞ্জন জগতৰ তাৰকাসকল সাহস হৈ থিয় দিছে অসমীয়াৰ বাবে ৷নদ-নদী, হাবি-বননি, জীৱ-জন্তু, চৰাই-চিৰিকতি, প্ৰকৃতিসৃষ্ট যেনিয়েই অসমীয়াৰ চকু যায়, তাতেই সকলোৱে জুবিনক বিচাৰি পায় ৷মানুহজন আঁতৰি গ’ল যদিও সকলোৱে তেওঁৰ উপস্থিতি অনুভৱ কৰে ৷ অসমৰ আকাশে-বতাহে এটা নাম চিৰবিদ্যমান-জুবিন গাৰ্গ ৷আজিও অনুৰাগীয়ে ফেচবুক, ইনষ্টাগ্ৰামত লিখে, "ঘূৰি আহক না জুবিন দা ৷" জুবিন গাৰ্গৰ এবছৰীয়া অনুপস্থিতিত তেওঁৰ অতিকে ভাল বন্ধু তথা অসমীয়া ছবি জগতৰ আগশাৰীৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ক’লে এটি গুৰুত্বপূৰ্ণ কথা ৷ তেওঁ সামাজিক মাধ্যমত জুবিন সৈতে তেওঁৰ দুখন ফটো শ্বেয়াৰ কৰিছে ৷ শিৰোনামত লিখিছে,…
