Dipshikha

3401 Posts
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।লোককেইজনক অসমৰ বিভিন্ন প্রান্তৰ পৰা আনি আৱদ্ধ কৰি ৰাখিছিল।এজেণ্টৰ জৰিয়তে লালচান্দ আলীয়ে আনিছিল লোককেইজনক।
Read More
৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অহা ২ অক্টোবৰৰ পৰা সমগ্ৰ তামিলনাডুত মহিলা আৰু লিংগপ্ৰাৰ্থী (ট্রান্সজেণ্ডাৰ) সকলৰ বাবে এক বিশেষ বিনামূলীয়া বাছ যাত্ৰাৰ সম্প্ৰসাৰিত প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে, যাৰ নাম দিয়া হৈছে ‘ভেট্ৰি পয়ণম’ (Vettri Payanam)। প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত তামিলনাডু চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে এক ডাঙৰ উপহাৰ ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল, সুলভ আৰু সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক…
Read More
অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২২ টা বাংলাদেশীক মঙলবাৰে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অসম আৰক্ষীয়ে লগতে মানকাচৰৰ পৰা ৬ টা অনুপ্ৰৱেশকাৰী আটক কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা নিশ্চিত কৰিছে ৷সামাজিক মাধ্যম এক্সত মঙলবাৰে নিশা কৰা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক কৰিছে ।"
Read More
চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ প্ৰাপ্য সাহায্য নিদিয়াৰ অভিযোগ তুলি শ শ বানপীড়িত ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। লগতে এই গণ বিক্ষোভ কাৰ্যসূচীত কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ লগতে চিজেপিৰ তিনিগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।নিজৰ ঘৰ-বাৰী, খেতি-বাতি ধ্বংস হোৱাৰ পিছতো চৰকাৰৰ কৃপাদৃষ্টি নোপোৱাত হাহাকাৰ কৰা এইসকল লোকে প্ৰতিবাদ স্থলীত উপস্থিত হৈ চৰকাৰ বিৰোধী উত্তাল শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে।
Read More
কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু

কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু

কেৰালামৰ ইডুক্কি জিলাৰ ভাট্টাভাদাৰ কোট্টাকাম্বুৰত দেওবাৰে ব্যাপক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ভয়াবহ প্ৰাকৃতিক দুৰ্যোগত কমেও ছয়জন লোক নিহত হোৱাৰ বিপৰীতে পৰ্যটককে ধৰি আন কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে আজি অৰ্থাৎ সোমবাৰে কোট্টায়ম, ইডুক্কি, এৰ্নাকুলাম, থ্ৰিছুৰ, মালাপ্পুৰম, পলাক্কাডকে ধৰি ছয়খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে ঘণ্টাত ৪০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে প্ৰচণ্ড বতাহ বলিব বুলিও সকীয়াই দিছে ।বিশেষকৈ পাহাৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ তীব্ৰতৰ হৈ থকাৰ বাবে জনসাধাৰণক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভি ডি সাথীছানে বিষয়াসকলক পৰিস্থিতি নিৰীক্ষণ…
Read More
মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত অভিযান চলাই চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা দলে । অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।জানিব পৰা মতে, দেওবাৰে চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা যুটীয়া দলে ইম্ফল পশ্চিম জিলাৰ ছাজিৰক অভিযান চলায় এটা চিএমডি, পাঁচটা ৯ মিমি পিষ্টল, এটা পিএডি আৰু আঠটা ছিংগল বেৰেল গান উদ্ধাৰ কৰে । ইয়াৰ উপৰি অভিযানকাৰী দলটোৱে এটা হেণ্ড গ্ৰেনেড, ৪৬ জাঁই বিভিন্ন ধৰণৰ সজীৱ গুলী, ছটা টিএছএম আৰু এটা ৱায়াৰলেছ হেণ্ডছেট উদ্ধাৰ কৰে ।গ্ৰেপ্তাৰ কৰা দুই লোকৰ পৰা অভিযানকাৰী দলটোৱে ২.৩ কিলোগ্ৰাম ওজনৰ ১০টা পেকেট নিচাজাতীয় সামগ্ৰীসহ AS01DT-7707 নম্বৰৰ এখন…
Read More
মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে

মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে

মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পিচতেই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ।ম্বাইৰ কোষ্টেল ৰোডত এখন তীব্ৰবেগী বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনক ইতিমধ্যে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱা ৫:২০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ।এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰবেগী বিলাসী বাহনখন চূৰ্চুমৈ হৈ পৰে । নগৰ কৰ্তৃপক্ষই কয় যে এই দুৰ্ঘটনাটো তীব্ৰ গতিৰ বাবে সংঘটিত হৈছে ।মৃত তিনিজনৰ ভিতৰত দুজনক চিনাক্ত কৰা হৈছে । এই দুজন হৈছে সঞ্জয় গাজল…
Read More
ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু খেলুৱৈ নাইমেন ৱাংছুৱে

ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু খেলুৱৈ নাইমেন ৱাংছুৱে

২০২৬ চনৰ ‘আইচি-নাগোয়া এছিয়ান গেমছ’ ত কাইলৈ ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে। 'স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া' (SAI)-ৰ সময়সূচী অনুসৰি ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ০৫:৩০ বজাত এই খেল অনুষ্ঠিত হ'ব। জাপানৰ 'আইচি প্ৰিফেকচাৰেল মাৰ্শ্বেল আৰ্টছ হল (Aichi Prefectural Martial Arts Hall) ত অনুষ্ঠিত হ'ব।
Read More
এটা মছজিদত বিস্ফোৰণ

এটা মছজিদত বিস্ফোৰণ

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ কোহাট জিলাত শুকুৰবাৰে এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১৫ জনকৈ লোক নিহত আৰু ৫০ জনৰো অধিক লোক আহত হৈছে।শুকুৰবাৰৰ নামাজৰ সময়ৰ আশে-পাশে এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ মতে, বিস্ফোৰণত মছজিদটোৰ বাহিৰৰ অংশ ক্ষতিগ্ৰস্ত হয় আৰু এটা দেৱাল খহি পৰে। কোহাটৰ এখন চৰকাৰী চিকিৎসালয়ৰ বিষয়া তাহিৰ আলী শ্বাহে জনোৱা মতে, চিকিৎসালয়খনলৈ ১৫টা মৃতদেহ আৰু ৫০ৰো অধিক আহত লোকক অনা হৈছে। আহতসকলৰ মাজত কেইজনমান আৰক্ষী কৰ্মী। বৰ্তমান চিকিৎসালয়খনত ২৫ জন লোকৰ চিকিৎসা চলি আছে।
Read More
জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ

জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ

জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ । গীত-নৃত্য, চিত্ৰশিল্পৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীলৈ মৰম । শিপিনীয়ে একেৰাতিতে বৈ আনিলে জুবিন গাৰ্গৰ গীত ।আকাশ-বতাহ মুখৰিত হৈ পৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি আৰু জুবিন বন্দনাৰে ।অনুৰাগীসকলে চকুৰ পানীৰে প্রিয় শিল্পীগৰাকীৰ শেষ শয়ন স্থানত অৰ্পণ কৰে শ্ৰদ্ধাঞ্জলি । অসমীয়া বোৱা-কটা শিল্পৰে শিৱসাগৰ নামতি দিকচু মাউট গাঁৱৰ জীয়ৰী বিউটি গগৈয়ে জুবিন অনুৰাগৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা নিজৰ অকৃত্ৰিম প্ৰেম আৰু শ্ৰদ্ধাৰ নিদৰ্শন স্বৰূপে তেওঁ তাঁতশালত বোৱাই উলিয়াইছে জুবিন গাৰ্গৰ কালজয়ী গীত 'মই নথকাৰ অনুভৱ'ৰ কলি সম্বলিত এক বিশেষ গামোচা ।বিউটি গগৈয়ে নিজ হাতে তৈয়াৰ কৰা এই গামোচাখন…
Read More