Dipshikha

3124 Posts
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়…অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব ।’’ -মুখ্যমন্ত্ৰী ৷
Read More
বৃদ্ধি পাব সোণৰ মূল্য

বৃদ্ধি পাব সোণৰ মূল্য

পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্ক দুগুণতকৈও অধিক অৰ্থাৎ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে ৷বিত্ত মন্ত্ৰালয়ে মঙলবাৰে অধিসূচনা জাৰি কৰি কয় যে ১৩ মে’ৰ পৰা এই হাৰ কাৰ্যকৰী হৈছে ৷ ফলস্বৰূপে অনাগত দিনত সোণ-ৰূপৰ দাম অধিক হ’ব পাৰে ৷
Read More
উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়, ইন্ধন ৰাহিৰ উদ্দেশ্যে নিজৰ কনভয় সীমিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ত গাড়ীৰ সংখ্য়া হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৷হায়দৰাবাদত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই গুজৰাট আৰু অসমত তেওঁৰ কনভয়ৰ আকাৰ হ্ৰাস পায় । প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ক্ৰয় নকৰাকৈয়ে যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কনভয়ত ইলেক্ট্ৰিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাইছে ৷
Read More
কোন হব কেৰেলাৰ মুখ্যমন্ত্ৰী

কোন হব কেৰেলাৰ মুখ্যমন্ত্ৰী

এতিয়াও আঁতৰা নাই কেৰালা কংগ্ৰেছৰ জটিলতা ৷ কোন হ'ব কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত যদিও কংগ্ৰেছ মিত্ৰজোঁটে মুঠ ১৪০ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰিছে তথাপিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া বৰ্তমানো নিশ্চিত হোৱা নাই ৷কেৰালা কংগ্ৰেছৰ অস্থিৰতা দূৰ কৰিবলৈ মঙলবাৰে দিল্লীত কংগ্ৰেছ হাইকাণ্ডৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীস্থিত বাসগৃহত ৰাহুল গান্ধীৰ উপস্থিত কেৰালাৰ ৰাজনৈতিক বিষয়টোৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে চীল-মোহৰ মাৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷ ইফালে কেচি বেনুগোপাল আৰু ভিডি সাতীশান মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ৷
Read More
তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন আৰু ৰাজ্যপালৰ অনুমোদনৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ১২ মে'ত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মন্ত্রীসভাই শপত ল'ব ৷ ১২ মে'ৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ৷ আনহাতে উপস্থিত থাকিব এনডিএ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল ৷ তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি, ৰাজ্যৰ সত্রাধিকাৰসকল, বিজেপি আৰু অগপৰ বুথ কমিটীৰ…
Read More
এই খবৰ জানিলে আচৰিত হব আপুনি

এই খবৰ জানিলে আচৰিত হব আপুনি

সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা পোহৰলৈ আহিছে ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, বিভিন্ন বলৱৎকাৰী সংস্থাই তালাচী চলাই নিৰ্বাচনী ভোটগ্ৰহণৰ দিন ৯ এপ্ৰিলৰ পূৰ্বে অসমৰ বিভিন্ন স্থানৰ পৰা মুঠ ১১৭.২৪ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে ৰাজ্যৰ একাধিক নিৰ্বাচনী প্ৰচাৰ এলেকাৰ পৰা ৮২৮২৪৮.৩৩ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল, এই সুৰাৰ বজাৰ মূল্য ২২.৭১ কোটি টকা বুলি জানিব পৰা গৈছে ৷
Read More
সাৱধান দেশবাসী

সাৱধান দেশবাসী

ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক উভতি ধৰি কঠোৰ সমালোচনা কৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰিচালনাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিফলন ঘটাইছে বুলি মন্তব্য কৰে । ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সামাজিক মাধ্যমতো আক্ৰমণ কৰি কঠোৰ সমালোচনা কৰে ৷ সামাজিক মাধ্য়মত প্ৰকাশিত এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে দেশবাসীকহে দোষাৰোপ কৰিছে ৷কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘কালি মোদীজীয়ে দেশবাসীক সম্বোধন কৰি কৈছিল…
Read More
আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা। 'লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য'। 'লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে' । AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ অভিযোগ। 'নির্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কৰা নাই ওৱেছিয়ে'।
Read More
ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন। দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত। ২ যুৱতীক প্ৰহাৰৰো অভিযোগ যুৱকৰ দলটোৰ বিৰুদ্ধে।
Read More
পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ৷ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতাৰ উপস্থিতিত শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ।
Read More