28
Sep
অসমৰ ডিব্ৰুগড়ৰ পৰা মালবাহী জাহাজে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে চুবুৰীয়া বাংলাদেশলৈ মিথানল সৰবৰাহ কৰিবলৈ সাজু হৈছে বুলি এগৰাকী বিষয়াই জনায় । অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই দাবী কৰে যে ইয়াৰ দ্বাৰা স্বাধীনতাৰ পিছত পূবৰ চহৰৰ পৰা জলপথেৰে ৰপ্তানি পথ পুনৰাম্ভ হ’ব ।ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখন জাহাজ অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে বাংলাদেশলৈ মিথানল ৰপ্তানি কৰিবলৈ লিজত লৈছে । মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰা ৰাজ্য চৰকাৰৰ অসম পেট্ৰ’-কেমিকেলছ লিমিটেড, পূব অসমৰ তৈলক্ষেত্ৰত থকা প্ৰাকৃতিক গেছৰ বিশাল মজুত ব্যৱহাৰৰ বাবে গঠন কৰা হৈছিল ।শনিবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়, ‘‘আন এটা সপোন বাস্তৱায়নৰ বাটত । ইংৰাজ গুচি যোৱাৰ পিছৰে পৰা স্বাধীন…
