Dipshikha

3204 Posts
ভাৰত ভ্ৰমণৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ নতুন দিল্লী পাবহি জাপানৰ প্ৰধানমন্ত্ৰী

ভাৰত ভ্ৰমণৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ নতুন দিল্লী পাবহি জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটীলৈ নাহিলেও ভাৰত ভ্ৰমণৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ বুধবাৰে নতুন দিল্লী পাবহি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি। পূৰ্বৰ নিৰ্ধাৰিত ভ্ৰমণসূচী অনুসৰি বিশেষ বিমানেৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী বুধবাৰৰ সন্ধিয়া ৭-০০ বজাত উপস্থিত হ’বহি ৰাজধানী নতুন দিল্লীত।৫০ জনৰো অধিক প্ৰতিনিধি দলসহ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক কঢ়িয়াই অনা বিমানখন নতুন দিল্লীৰ পালাম বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিব। তাতেই তেওঁক উষ্ম আদৰণী জনোৱা হ’ব। ২ জুলাইত ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ সন্মানৰ্থে আয়োজন কৰা হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ।
Read More
ৰোগীৰ হাহাকাৰৰ মাজতে কিছু সকাহ

ৰোগীৰ হাহাকাৰৰ মাজতে কিছু সকাহ

শশ ৰোগীৰ হাহাকাৰৰ মাজতে কিছু সকাহ।তিনি মাহলৈ বৃদ্ধি আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ডায়েলাইছিছৰ বিনামূলীয়া সুবিধা ।১ জুলাইৰ পৰা ৩০ ছেপ্টম্বৰলৈ বৃদ্ধি এই সুবিধা।অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে জাননী।
Read More
আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ

আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ

আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱে এতিয়া লাভ কৰিব জন্মগত নাগৰিকত্ব।পিতৃ মাতৃ অনুপ্ৰৱেশকাৰী বা অস্থায়ী ভিছা লৈ থাকিলেও সন্তানে পাব অধিকাৰ।ৰাষ্ট্ৰপতিৰ দায়িত্ব লাভ কৰিয়েই নাগৰিকত্ব নিয়মৰ বিৰোধিতা কৰিছিল ডনাল্ড ট্ৰাম্পে।উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে বিমুখ কৰিলে ডনাল্ড ট্ৰাম্পক ।
Read More
৭২ লাখ কোটি টকালৈ বৃদ্ধি ভাৰতৰ বিদেশী ঋণৰ বোজা

৭২ লাখ কোটি টকালৈ বৃদ্ধি ভাৰতৰ বিদেশী ঋণৰ বোজা

৭২ লাখ কোটি টকালৈ বৃদ্ধি ভাৰতৰ বিদেশী ঋণৰ বোজা।২০২৬ৰ মাৰ্চ পর্যন্ত ভাৰতৰ মুঠ বিদেশী ঋণৰ পৰিমাণ ৭৩৬.৫ বিলিয়ন ।আমেৰিকান ডলাৰৰ পৰা বৃদ্ধি হৈ ৭৬২.৮ বিলিয়ন আমেৰিকান ডলাৰ হৈছেগৈ।ভাৰতীয় টকাৰ হিচাপত দেশৰ ওপৰত এতিয়া ঋণৰ বোজা ৭২ লাখ কোটি টকা অতিক্ৰম কৰিছে।উৎস ৰিজার্ভ বেংক অব ইণ্ডিয়া।
Read More
তিৰুমালা শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত নিজৰ চুলি দান অনন্ত আম্বানীৰ

তিৰুমালা শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত নিজৰ চুলি দান অনন্ত আম্বানীৰ

ঈশ্বৰৰ দুৱাৰত ধন-সম্পদ, ক্ষমতা বা প্ৰতিপত্তিৰ কোনো পৃথক পৰিচয় নাথাকে, থাকে কেৱল বিশ্বাস, ভক্তি আৰু আত্মসমৰ্পণ। সেই চিৰন্তন সত্যক পুনৰ এবাৰ সজীৱ কৰিলে বিশ্বৰ অন্যতম ধনী উদ্যোগপতি অনন্ত আম্বানীয়ে।ৰবিবাৰে তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিশ্ববিখ্যাত তিৰুমালা শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত নিজৰ চুলি দান কৰি শতিকাজুৰি চলি অহা পৰম্পৰাক সন্মান জনোৱাৰ লগতে সমাজসেৱা, পৰিৱেশ সংৰক্ষণ আৰু পশু কল্যাণৰ বাবে উল্লেখযোগ্য পদক্ষেপ ঘোষণা কৰি আধ্যাত্মিকতা আৰু দায়বদ্ধতাৰো এক অনন্য দৃষ্টান্ত দাঙি ধৰে।ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ পিছতে অনন্ত আম্বানীয়ে তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)লৈ প্ৰায় ২৭.৫ কোটি টকাৰ ২৫খন ইলেক্ট্ৰিক বাছ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই বাছসমূহে প্ৰতিদিনে তিৰুমালালৈ অহা-যোৱা কৰা অসংখ্য তীৰ্থযাত্ৰীৰ যাতায়াত অধিক…
Read More
প্ৰথমটো বানৰ প্ৰভাৱত ৰাজ্য

প্ৰথমটো বানৰ প্ৰভাৱত ৰাজ্য

প্ৰথমটো বানৰ প্ৰভাৱত ৰাজ্য ৷ দিল্লীৰ পৰা ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সাম্ভাৱ্য সকলো সহায়ৰ আশ্বাস ৷মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰে । পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসনৰ ব্যৱস্থাৰ বিষয়ে তেওঁ গৃহমন্ত্ৰী শ্বাহক অৱগত কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো সহায় আৰু সমৰ্থনৰ আশ্বাস দিয়া বুলি অৱগত কৰে ।ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ প্ৰথমটো বানে ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে । অসমৰ ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰত থকা এখন ৰেল দলং…
Read More
চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ

চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ

চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ ৷ চিমেন নদীৰ ওপৰত থকা ৰে'লৱে দলঙৰ খুঁটা খহাই নিলে সোঁতে, ৰে'ল সেৱা ব্যাহত ৷হঠাৎ ফেনে ফুটুকাৰে চিমেন নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বালিখুটি, হৰিনাথপুৰ হাজং, হৰিনাথপুৰ বেংগলী, হৰিনাথপুৰ খেৰনীবস্তি, জামালপুৰ, গটপট্টা, ছাগলীকটা, জামালপুৰ আৰু লক্ষিমীপাৰা আদি প্ৰায় ১০ খনৰো অধিক গাঁও বানত বুৰ গৈছে ৷চিমেন নদীৰ ওপৰত থকা ৰে'লৱে দলঙৰ এটা খুঁটা খহাই নিয়াৰ ফলত দলঙখনৰ এটা অংশ ভাগি পৰে ৷ ফলত দেওবাৰে মুৰ্কংচেলেক অভিমুখী বা গুৱাহাটী অভিমুখি সকলোবোৰ ৰে'ল সেৱা বাতিল কৰিবলগীয়া হৈছে ৷ এই কথা জানিবলৈ দিছে ৰে'ল বিভাগৰ কৰ্তৃপক্ষই ৷
Read More
ধৰ্মীয় ৰীতি-নীতিৰে পুৰীত অনুষ্ঠিত পবিত্ৰ দেৱস্নান পূৰ্ণিমা যাত্ৰা

ধৰ্মীয় ৰীতি-নীতিৰে পুৰীত অনুষ্ঠিত পবিত্ৰ দেৱস্নান পূৰ্ণিমা যাত্ৰা

ধৰ্মীয় ৰীতি-নীতিৰে পুৰীত অনুষ্ঠিত পবিত্ৰ দেৱস্নান পূৰ্ণিমা যাত্ৰা ৷ বৈদিক গীত, শংখ ধ্বনিৰে মুখৰিত পুৰী ৷প্ৰচলিত ৰীতি নীতি অনুসৰি পুৰীৰ জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ স্নান যাত্ৰা আয়োজন কৰা হয় ৷ বৈদিক গীত, শংখ ধ্বনি ধৰ্মীয় ৰীতি-নীতিৰে ‘পাহাণ্ডী’ এক শোভাযাত্ৰ বাহিৰ কৰে ৷ এই শোভাযাত্ৰাতে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু সুদৰ্শনক গৰ্ভগৃহৰ পৰা স্নান মণ্ডপলৈ লৈ যোৱা হয় ।
Read More
এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল ৷ ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ পাছৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আক্ৰমণ হৈছে ৷ খবৰ অনুসৰি ইৰাণে প্ৰথমে ছিংগাপুৰৰ পতাকা থকা এখন বাণিজ্যিক মালবাহী জাহাজ হৰমুজ জলদ্বীপত আক্ৰমণ কৰিছিল । ইয়াৰ ফলত আমেৰিকা ক্ষুব্ধ হৈ পৰে আৰু ইৰাণক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) জনোৱা মতে, ২৫ জুনত ইৰাণে এম/ভি এভাৰ লাভলীক (Ever Lovely) ড্ৰোণেৰে ওৱান ৱে আক্ৰমণ কৰিছিল ৷ তাৰ পাছত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থানৰ লগতে উপকূলীয় ৰাডাৰ স্থানকো লক্ষ্য কৰি আক্ৰমণ চলাইছিল । শেহতীয়াকৈ ওমান উপকূলৰ সমীপৰ হৰমুজ জলদ্বীপৰ পৰা ওলাই আহি থকা অৱস্থাতে এখন জাহাজক ইৰাণে আক্ৰমণ…
Read More
সামাজিক মাধ্যমত ভাইৰেল অখিল গগৈৰ এটা ভিডিও

সামাজিক মাধ্যমত ভাইৰেল অখিল গগৈৰ এটা ভিডিও

অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অখিল গগৈৰ শেহতীয়াকৈ আন এক ভিডিঅ’ৱে এইবাৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। বতৰৰ ফল খাবলৈ গৈ অখিল গগৈ উঠিল এজোপা লেতেকু গছত। বয়স হ’লেও অতি সহজতে হাফ পেন্ট আৰু টিচাৰ্ট পিন্ধি অখিল গগৈ উঠিল এজোপা লেতেকু গছত। তাৰ পাছত গছৰ এটা ঠালিত বহি অখিল গগৈয়ে গছ ভৰি লাগি থকা লেতেকু ছিঙি খাই থকা দৃশ্য আৱদ্ধ কৰা হৈছিল কেমেৰাত। গছত উঠি লেতেকু খোৱা সেই ভিডিঅ’ অখিল গগৈয়ে আপলোড কৰিছিল তেওঁৰ ফেচবুক প্ৰফাইলত।কোনেৱে অখিল গগৈৰ গছ বগোৱা এই দৃশ্যটো দেখি শৈশৱলৈ ঘূৰি গৈছে। শৈশৱত এনেদৰে লেতেকু গছত বগাই লেতেকু খোলা স্মৃতি ৰোমন্থন কৰিবলৈ অৱকাশ পাইছে। লেতেকু গছ…
Read More