Dipshikha

3401 Posts
ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট এটিএছৰ সৈতে চলোৱা যৌথ অভিযানত আৰব সাগৰত জব্দ কৰে বৃহৎসংখ্যক ড্ৰাগছ । ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু হেৰ’ইন জব্দ কৰা হয় । এই ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ হাজাৰ কোটিতকৈ অধিক বুলি জানিব পৰা গৈছে ।ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, ২৫ ছেপ্টেম্বৰত লাক্ষাদ্বীপৰ সমীপত চলোৱা অভিযানত নাওখন পৰিচালনা কৰা পাঁচজন পাকিস্তানী নাগৰিকক আটক কৰা হয় ।
Read More
আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ডঃ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব । সামগ্ৰিকভাৱে এইখন ষ্টেডিয়ামত তৃতীয়খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই একোখনকৈ মেচ খেলিছিল ।নেহৰু ষ্টেডিয়ামত ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । বৰ্ষাপাৰাত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ'ব ভাৰত ।
Read More
নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ?

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ?

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ? কাৰণ ৬৮ টা বৰফ আবৃত হ্ৰদক অতি বিপদজনক বুলি চিনাক্ত কৰিছে চৰকাৰে ৷ যিকোনো মুহূৰ্ততে ৬৮ টা বৰফ আবৃত হ্ৰদৰ যিকোনো এটা বিস্ফোৰণ হৈ ভয়ংকৰ বান সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰিছে চৰকাৰে ৷সেয়ে দুৰ্যোগৰ পূৰ্বে ৰাইজক আগতীয়াকৈ কেনেকৈ সতৰ্কবাণী দিব পাৰিব তাৰ বাবে কৰ্তৃপক্ষই কাম কৰি আছে বুলিও উল্লেখ কৰিছে জন্মু-কাশ্মীৰ চৰকাৰে ৷
Read More
এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে ৷
Read More
নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীৰ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য ৷আৰক্ষী বিষয়া দেউৰীয়ে কয়,"সপ্তাহত দুই-তিনিদিন সেই হোমষ্টে খনলৈ দুয়ো গৈছিল ৷ উক্ত ঘটনাৰ দিনা দুয়োজনে সুৰা সেৱন কৰিছিল ৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়া নিমিষাক হত্যা কৰা হৈছিল ৷"ইফালে নিমিষাৰ মাতৃয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ সন্দৰ্ভটো তদন্ত চলিব বুলি উল্লেখ কৰি তেওঁ কয়,"যিহেতুকে নিশা ২.০২ বজাত নিমিষাই মাকলৈ ফোন কৰি কৈছিল যে, 'সিহঁতে মোক বুকুত গোৰ মাৰিছে' বুলি ৷ সিহঁত কোন এই বিষয়ে তদন্ত চলি আছে আৰু হোমষ্টেখনৰ কৰ্মচাৰীকো সোধা-পোচ কৰা হৈছে ৷ নিমিষাৰ শৰীৰৰ ভিন্ন স্থানত আঘাত আছিল ৷ মুখেৰে তেজ ওলাই…
Read More
ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।
Read More
১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইনী গাঁথনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।শিশু আৰু কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ নতুনকৈ গুৰুত্ব লাভ কৰিছে আইনী নিয়ন্ত্ৰণৰ বিষয়টোৱে। আদালতৰ নিৰ্দেশ অনুসৰি, ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত আইনী কাঠামো প্ৰস্তুত কৰাৰ বিষয়টো বিবেচনা কৰিব লাগিব।“১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে আইনী গাঁথনি প্ৰস্তুত কৰাৰ নিৰ্দেশ।”এই বিষয়ত আগন্তুক আইনী ব্যৱস্থা, ইয়াৰ পৰিসৰ আৰু কাৰ্যকৰী কৰাৰ পদ্ধতি সম্পৰ্কে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ…
Read More
২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

বিশ্বজুৰি কৰ্কট ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে। ২০৫০ চনৰ ভিতৰত বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা বৰ্তমানৰ তুলনাত প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিয়ে আগন্তুক দিনত বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ সন্মুখত এক গুৰুতৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই কৰ্কট ৰোগক বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি ইয়াৰ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। বিশেষজ্ঞসকলৰ মতে, বাৰ্ধক্য, অস্বাস্থ্যকৰ জীৱনশৈলী, ধূমপান, মেদবহুলতা আৰু পৰিৱেশগত প্ৰভাৱ আদি বিভিন্ন কাৰকে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰোগ প্ৰতিৰোধৰ লগতে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটোও অত্যন্ত…
Read More
এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে ৷জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ভাৰতৰ হৈ আন এটা পদক নিশ্চিত কৰিছে । অৱশ্যে স্বৰ্ণ পদকৰ ওপৰতে লাভলীনাৰ দৃষ্টি থাকিব । লাভলীনাই বিগত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল । ছুঙে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও লাভলীনাই শক্তিশালীভাৱে ৰাউণ্ডটো শেষ কৰে আৰু পাঁচোজন বিচাৰকে লাভলীনাৰ পক্ষত সিদ্ধান্ত দিয়ে ।
Read More
আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

বৃহস্পতিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে বিগত ৭২ ঘণ্টাত দেশখনত বৰ্তমানলৈকে প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে ।আনহাতে, দেওবাৰে বতৰ বিজ্ঞানীয়ে দেশখনত সতৰ্কতা জাৰি কৰিছে ৷ ইফালে প্ৰশাসনে পুৱা মধ্য নেপালৰ নাৰায়ণী নদীৰ পাৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে সতৰ্কবাণী জাৰি কৰে ৷ যিহেতু নাৰায়নী নদীৰ জলস্তৰ প্ৰায় ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ইফালে বৰ্তমানো দেশখনৰ ভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত ব্যাঘাত হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ একেদৰে বাগলুং জিলাৰ নিশিখোলা গাঁৱত দেওবাৰে পুৱা সংঘটিত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি স্থানীয়…
Read More