ঘাইপথত গৰু-ম’হৰ বাবে দুৰ্ঘটনা ৰোধৰ নতুন চিন্তা উচ্চতম ন্যায়ালয়ৰ!

ৰাষ্ট্ৰীয় ঘাইপথত গৰু-ম’হৰ বিচৰণৰ ফলত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ চিন্তা কৰিছে উচ্চতম ন্যায়ালয়ে।

পথ আৰু ঘাইপথত ঘূৰি ফুৰা গৰু-ম’হৰ ফলত হোৱা দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে এই সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI-ক এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় শীৰ্ষ আদালতে।

ঘাইপথত গৰু-ম’হৰ বিচৰণ ৰোধ কৰাৰ লগতে দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰিবলৈ টোল প্লাজাৰ সমীপত গৰুৰ আশ্ৰয় শিবিৰ নিৰ্মাণৰ সম্ভাৱনীয়তা অন্বেষণ কৰিবলৈ NHAI-ক কয় উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত অবাধে বিচৰণ কৰা পশুধনৰ বাবে প্ৰায়ে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এনে দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহতও হয় বহুজন।

এতিয়া উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পিছত NHAI-এ কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *