প্ৰাণৰ শিল্পীৰ জন্মদিনৰ শুভক্ষণত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে চৰকাৰে ১৫ কোটি টকাৰ অনুমোদন জনায় ।মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে ।প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ শুভক্ষণত এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিন ক্ষেত্ৰৰ মাজেৰে জুবিনক অনুভৱ কৰিব । তেওঁৰ সৃষ্টিৰাজিৰ সৈতে চিনাকি হ’ব আৰু সেই সৃষ্টিৰ সুবাস বুকুত সামৰি আগুৱাই যাব ।একেদৰে জুবিন ক্ষেত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়েও ইতিমধ্যে প্ৰকল্পটোৰ ব্লুপ্ৰিণ্ট বা খচৰা চৰকাৰক দাখিল কৰিছে । অনুমোদন লাভৰ পাছত ইয়াৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে প্ৰকল্পটোৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈছে ।
জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে পুঁজি আবণ্টন চৰকাৰৰ
