অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰভাৱে অভিযান চলাই আহিছে । বুধবাৰে পুৱতি নিশা মুঠ ৩৮ গৰাকী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে । অৱশ্যে কোনটো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে এই লোকসকলক বিতাড়ন কৰা হৈছে, সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰা নাই । পূৰ্বৰ তথ্য অনুসৰি, চলিত নৱেম্বৰ মাহৰ আৰম্ভণিতেও শ্ৰীভূমি আৰক্ষীয়ে ২৮ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰিছিল ।
অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান
