আইচিআইচিআই লাইফ চিগনেশ্বাৰ পেঞ্চন-এ পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে প্ৰদান কৰিছে ৬০% পৰ্যন্ত পুঁজিৰ সুবিধা

অৱসৰৰ পৰিকল্পনা কৰা আৰু পৰিয়ালৰ বাবে আৰ্থিক উত্তৰাধিকাৰ এৰি যাব বিচৰা ব্যক্তিসকলে আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ বজাৰ-সংলগ্ন পেঞ্চন আঁচনি আইচিআইচিআই লাইফ চিগনেচাৰ পেঞ্চন-ৰ কথা বিবেচনা কৰিব পাৰে, যিয়ে বিনিয়োগৰ নমনীয়তা, অৱসৰকালীন আয় আৰু সম্পদ হস্তান্তৰৰ সুবিধা প্ৰদান কৰে। এই আঁচনিখনে গ্ৰাহকসকলক ৯০ বছৰ বয়সলৈকে ভেষ্টিং এজ-ৰ সৈতে ১০০% পৰ্যন্ত ইকুইটি বজাৰৰ বিনিয়োগকে ধৰি একাধিক ফাণ্ডৰ বিকল্পৰ জৰিয়তে অৱসৰকালীন পুঁজি গঢ়ি তুলিবলৈ অনুমতি দিয়ে। ভেষ্টিঙৰ সময়ত পলিচীধাৰকসকলে প্ৰযোজ্য কৰ বিধান অনুসৰি সঞ্চিত পুঁজিৰ ৬০% পৰ্যন্ত কৰমুক্ত এককালীন ধন হিচাপে উলিয়াব পাৰে, আনহাতে বাকী থকা ধনৰাশি প্ৰচলিত হাৰত আজীৱন আয় প্ৰদান কৰা এন্যুইটি ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ মুখ্য প্ৰডাক্ট বিষয়া বিকাশ গুপ্তাই এই বিষয় কয় যে, “অৱসৰ আৰু উত্তৰাধিকাৰৰ পৰিকল্পনা এটাৰ পিছত এটাকৈ আহে। সমান্তৰালভাৱে এই আৰ্থিক পৰিকল্পনাবোৰ জটিল হ’ব পাৰে আৰু ইয়াত কৰ সম্পৰ্কীয় দিশো জড়িত থাকিব পাৰে। এই দুয়োটা সমস্যা সমাধান কৰাৰ বাবেই আইচিআইচিআই লাইফ চিগনেশ্বাৰ পেঞ্চন প্ৰস্তুত কৰা হৈছে।”
গ্ৰাহকসকলে নিৰ্ধাৰিত চৰ্তাৱলী সাপেক্ষে পাঁচ বছৰীয়া লক-ইন সময়ছোৱাৰ পিছত ফাণ্ডৰ মূল্যৰ ২৫% পৰ্যন্ত আংশিকভাৱে উলিয়াব পাৰে। মৃত্যুজনিত লাভালাভ হৈছে মুঠ প্ৰদান কৰা প্ৰিমিয়ামৰ ১০৫% অথবা ফাণ্ডৰ মূল্যৰ ভিতৰত যি বেছি হয় সেয়াই হয়। ফেমিলী চিকিউৰ বিকল্পৰ অধীনত মুখ্য বীমাকৃত ব্যক্তিজনৰ মৃত্যুৰ পিছত ভৱিষ্যতৰ প্ৰিমিয়ামসমূহ ৰেহাই দিয়া হয় আৰু দ্বিতীয়গৰাকী বীমাকৃত ব্যক্তিৰ বাবে পলিচী চলি থাকে। এই আঁচনিখনে নমনীয় প্ৰিমিয়াম পৰিশোধ আৰু পলিচীৰ ম্যাদৰ বিকল্প, একাধিক মনোনীত ব্যক্তি আৰু নিৰ্দিষ্ট লাভালাভ ভাগ-বতৰাৰ অনুপাতৰ সুবিধা প্ৰদান কৰে। ইয়াৰ ইউআইএন হৈছে 105L194V05।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *