Dipshikha

3401 Posts
ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

বিশ্বজুৰি পুনৰ মহামাৰী প্লেগ (Plague) ৰোগৰ আতংকৰ সৃষ্টি হৈছে ৷ ক'ভিড মহামৰীতকৈও অধিক ভয়াৱহ প্লেগ বেমাৰ ৰাছিয়াৰ পৰা বিয়পিছে বুলি বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ৷ যাৰ বাবে ৰাছিয়াৰ ২০০ জনৰো অধিক লোকক কোৱাৰেণ্টাইনত ৰখা বুলি জানিব পৰা গৈছে ৷ সমান্তৰালকৈ ৰাছিয়াৰ কেইবাখনো চিকিৎসালয়ক কোৱাৰেণ্টাইন জ'ন হিচাবে ঘোষণা কৰি বন্ধ কৰি দিছে প্ৰশাসনে ৷ৰাছিয়াত শেহতীয়াকৈ আৰম্ভ হৈছে কোৱাৰেণ্টাইন প্ৰক্ৰিয়া ৷ দেশখনত নতুনকৈ প্ৰৱেশ কৰা নাগৰিকক পৃথককৈ ৰখা হৈছে ৷ বিমান বন্দৰৰ পৰা বা বাছেৰে যোৱা মানুহক পৰিয়ালৰ সৈতে লগ হ'বলৈ দিয়া নাই চিকিৎসকে ৷ ৰাজহুৱা স্থানৰ পৰা যোৱা লোকক পৃথককৈ ৰখা হৈছে ৷ ৰাছিয়াৰ স্থানীয় সংবাদ মাধ্যম TASS-এ দাবী কৰা অনুসৰি,…
Read More
বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কাৰাইখাইতি বজাৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই কাছুমাৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলামে কাৰাইখাইতি বজাৰত দীৰ্ঘদিন ধৰি চিকিৎসকৰ পৰিচয় দি অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছিল। ইয়াৰ উপৰি, তেওঁ অবৈধভাৱে গৰ্ভপাত কৰোৱাৰ কামতো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি, স্বয়ম্ভু চিকিৎসকজনে এখন ফাৰ্মাচীও অবৈধভাৱে চলাই আহিছিল। কাছুমাৰা আৰক্ষীয়ে অভিযান চলাই ৰফিকুল ইছলামৰ ফাৰ্মাচীৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে।ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা ৰফিকুল ইছলামৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।
Read More
পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা বিহাৰৰ যুৱক আৰু এজন প্ৰাক্তন সেনাক গুৱাহাটীত গ্ৰেপ্তাৰ ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷শনিবাৰে মহানগৰীৰ সাতগাঁৱৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম কৰা এজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ স্পেছিয়েল টাক্স ফৰ্চ চমুকৈ এছটিএফে ৷ বিহাৰৰ পূব চম্পাৰণৰ অভিষেক কুমাৰ সিং নাম এজনক গ্ৰেপ্তাৰ কৰিছে এছটিএফে ৷ অভিযোগ অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত সিঙক মহানগৰীৰ সাতগাঁৱ থানা এলেকাৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
Read More
এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ ৷ ভাৰতীয় মহিলা হকী দলৰ অন্যতম স্বৰ্ণজয়ী সদস্য লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক মিজোৰাম চৰকাৰে ২৫ লাখকৈ টকা প্ৰদান কৰিব ৷বিগত ২ অক্টোবৰত জাপানৰ কাকামিগাহাৰাত(Kakamigahara) অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত ভাৰতে চীনক ১-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক অৰ্জন কৰিছিল । মিজোৰামৰ বাবে এই সাফল্য বিশেষ তাৎপৰ্যপূৰ্ণ । লালৰেমচিয়ামি আৰু লালথানতলুৱাংগী হৈছে এছিয়ান গেমছত পদক অৰ্জন কৰা মিজোৰামৰ প্ৰথম দুগৰাকী খেলুৱৈ । দুয়োগৰাকীয়ে স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায় সংযোজন কৰিছে ।ঐতিহাসিক এই সাফল্যৰ স্বীকৃতি হিচাপে মিজোৰাম ৰাজ্যিক ক্ৰীড়া প্ৰৰোচনা আঁচনি(MSSIS)-ৰ অধীনত ৰাজ্য চৰকাৰে লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক ২৫ লাখকৈ টকা প্ৰদান কৰিব…
Read More
কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ ৫ টা— মুঠ ১৩ টা বিধানসভা সমষ্টিৰে গঠিত এই বিশাল লোকসভা সমষ্টিটোত উপ-নিৰ্বাচনৰ তথ্য অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১৯,০২,০০৯ গৰাকী। ইয়াৰে ৯,৫৮,৫৯৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৯,৪৩,৩৬৪ গৰাকী মহিলা ভোটাৰ। জনসংখ্যাৰ গাঁথনি অনুসৰি সমষ্টিটোত ৩৯.৬৫ শতাংশ (৮,৮৭,৩১৪ গৰাকী) হিন্দু ভোটাৰ থকাৰ বিপৰীতে ১১,১৪,৬৯৫ গৰাকী অৰ্থাৎ ৬০.৩৫ শতাংশ সংখ্যালঘু মুছলমান ভোটাৰ আছে।আনহাতে, সমষ্টিটোত মূল যুঁজখন ত্ৰিকোণীয় ৰূপত বিজেপিৰ দেৱাশীষ শৰ্মা, এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ শিৱামণি বৰাৰ মাজত হ’ব বুলি ধাৰণা…
Read More
উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। পৰৱৰ্তী সময়ত বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন হয়।১৭ আগষ্টৰ শুনানিত চৰকাৰী অধিবক্তাই সময় বিচাৰি আবেদন জনোৱাৰ পিছত আদালতে ৫ অক্টোবৰক পৰৱৰ্তী শুনানিৰ দিন হিচাপে ধাৰ্য কৰিছিল।উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে নিম্ন আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই তথ্য-পাতি পৰ্যালোচনা কৰাৰ পিছতেই গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া শুনানিৰ ওপৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ…
Read More
পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ! পৌৰসভা আৰু পৌৰ নিগম এলেকাত নতুন মদৰ দোকান খোলাৰ ক্ষেত্ৰত দূৰত্ববিধিত পৰিৱৰ্তন কৰা হৈছে। নিৰ্দিষ্ট সংৰক্ষিত প্ৰতিষ্ঠানৰ পৰা কমেও ৫০০ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। আনহাতে, পৌৰসভা আৰু পৌৰ নিগমৰ বাহিৰৰ এলেকাত এই দূৰত্ব নিৰ্ধাৰণ কৰা হৈছে ১ কিলোমিটাৰ। পূৰ্বতে এই দূৰত্ব আছিল ১,০০০ ফুট। পশ্চিম বংগ চৰকাৰে জাৰি কৰিছে এই নতুন নিৰ্দেশনা।ৰাজ্যখনত মদ বিক্ৰীৰ লাইচেঞ্চ ব্যৱস্থা আৰু নতুন মদৰ দোকান স্থাপনৰ ক্ষেত্ৰত একাধিক পৰিৱৰ্তন আনিবলৈয়ে পশ্চিম বংগ চৰকাৰৰ আবকাৰী বিভাগে এই সংশোধনী নিৰ্দেশনা জাৰি কৰিছে।বৰ্তমান চলি থকা নিৰ্দিষ্ট শ্ৰেণীৰ বিদেশী মদৰ দোকানৰ স্থানতো আন শ্ৰেণীৰ লাইচেঞ্চৰ অধীনত সকলোধৰণৰ মদ বিক্ৰীৰ অনুমতি দিয়াৰ…
Read More
১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব।দিল্লীত শীতকালত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন ব্যৱস্থা।এই ব্যৱস্থাৰ ফলত শীতকালীন মাহকেইটাত একে সময়তে কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে। দিল্লীত শীতকালত বায়ুৰ গুণগত মান যথেষ্ট অৱনতি ঘটাৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Read More
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ ধমনগাঁৱৰ সমীপত শুকুৰবাৰে মাজনিশা এখন তীব্ৰবেগী ট্ৰাকে এখন বলেৰ’ পিকআপ গাড়ীত খুন্দা মৰাৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কমেও পাঁচজন যুৱক নিহত হোৱাৰ লগতে প্ৰায় ১৫-১৮ জন লোক গুৰুতৰভাৱে আহত হয় ।এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ধমনগাঁও ৰে’লৱেৰ সমীপৰ সমৃদ্ধি এক্সপ্ৰেছৱে'ৰ চেনেল ৯৭ত পুৱা মাজনিশা ১২.৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।সূত্ৰৰ পৰা জানিব পৰা মতে, এখন দুৰ্গা পূজা সমিতিৰ সদস্যসকলে দেৱী দুৰ্গাৰ মূৰ্তি লৈ পিকআপ ভেনেৰে শ্বেগাঁৱৰ পৰা ৱাৰ্ধালৈ গৈ আছিল । ধমনগাঁৱৰ সমীপত পিছফালৰ পৰা ট্ৰাকখনে তেওঁলোকৰ বাহনত খুন্দা মৰাৰ…
Read More
এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

জন্মদিনৰ দিনাই এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিদ্বন্দ্বী বাও ঝিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷কিংবদন্তি মেৰী কমৰ পাছতে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা । স্বৰ্ণজয়ৰ পাছতে লাভলীনাক শুভেচ্ছা আৰু প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ সফলতাক প্ৰশংসা কৰি লিখিছে, ‘‘গ’ল্ডেন গাৰ্ল লাভলীনা ৷ আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে আজি বক্সিঙৰ ৭৫ কেজি শাখাত এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰি আকৌ এবাৰ ভাৰতৰ ত্ৰিৰংগা বিশ্বমঞ্চত গৌৰৱেৰে উৰুৱালে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে । জন্মদিনৰ দিনাই দেশৰ বাবে…
Read More