ছৌদি আৰৱত ভয়ংকৰ আক্ৰমণ

ছৌদি আৰৱত ভয়ংকৰ আক্ৰমণ! হুথী মিলিচীয়াৰ আক্ৰমণত আহত ১১ জন লোক। আহতৰ তালিকাত আছে দুগৰাকী ভাৰতীয় নাগৰিকো।

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদৰ কিং আব্দুল্লা ফাইনেন্সিয়েল চিটিৰ এটা টাৱাৰক লক্ষ্য কৰি মঙলবাৰে আক্ৰমণ চলায় য়েমেনৰ হুথী মিলিচীয়াই।

এই আক্ৰমণত মুঠ ১১ জন লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে ছৌদি আৰৱৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে।

আহতসকলৰ ভিতৰত আছে দুজন ছৌদি নাগৰিক, দুজন ভাৰতীয়, তিনিজন নেপালী আৰু চাৰিজন ইজিপ্তৰ নাগৰিক।

ইফালে, ছৌদি আৰৱত থকা ভাৰতীয় দূতাবাসেও দুজন ভাৰতীয় নাগৰিক আহত হোৱাৰ কথা নিশ্চিত কৰিছে।

ঘটনাৰ পিছতেই তৎপৰ হৈ পৰে ছৌদি আৰৱৰ প্ৰশাসন। পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা হৈছে প্ৰয়োজনীয় ব্যৱস্থা।

এই আক্ৰমণৰ ঘটনাই এতিয়া ছৌদি আৰৱত থকা বিদেশী নাগৰিকসকলৰ নিৰাপত্তাক লৈ সৃষ্টি কৰিছে উদ্বেগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *