আগষ্ট মাহত ত্ৰিশূলী-ভোটে কোশি নদীত অহা আকস্মিক বানত নিখোঁজ হোৱা লোকসকলক মৃত বুলি ধৰি লোৱা আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰক্ৰিয়া নেপাল চৰকাৰে আৰম্ভ কৰিছে ।এই প্ৰক্ৰিয়াৰ বাবে ২১৩ জন নিখোঁজ ভাৰতীয় নাগৰিকক চিনাক্ত কৰা হৈছে বুলি কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে বুধবাৰে জনাইছে ।লগতে এই তালিকাত থকা তথ্যসমূহৰ ওপৰত কোনো আপত্তি, নাম সংযোজন, বিয়োজন বা সংশোধন কৰিবলগীয়া থাকিলে সেয়া জনাবলৈ আহ্বান জনোৱা হৈছে ।এতিয়াও সন্ধানহীন হৈ থকা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক অহা ২ ডিচেম্বৰৰ পূৰ্বে তেওঁলোকৰ ওজৰ-আপত্তি বা প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ দাখিল কৰিবলৈ দূতাবাসে অনুৰোধ জনাইছে ।দূতাবাসে লগতে জনাইছে যে মতামত আৰু সংশোধনী গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নেপাল চৰকাৰে তালিকাখন চূড়ান্ত কৰিব আৰু আনুষ্ঠানিকভাৱে মৃত্যুৰ ঘোষণা-পত্ৰ জাৰি কৰিব ।
নেপালৰ বানত নিখোঁজ ২১৩ ভাৰতীয়ক মৃত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ
