Dipshikha

3401 Posts
হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা । এক ব্যাপক কূটাঘাতমূলক পৰিকল্পনা ব্যৰ্থ কৰে নিৰাপত্তা বাহিনীয়ে । যাৰ বাবে বহু লোকৰ হতাহতৰ সম্ভাৱনা প্ৰতিহত কৰিব পৰা যায় ।মণিপুৰৰ কামজং জিলাত ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত স্থাপন কৰা ২৭টা ইম্প্ৰভাইজড বিস্ফোৰক (আই ই ডি) উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা এই আইইডিকেইটা ভাৰতীয় সেনাৰ বোমা নিষ্কাশনকাৰী দলে শ্বাংখালোক-পিলং ষ্ট্ৰেচত নিষ্ক্ৰিয় কৰে ।পাহাৰীয়া পথৰ জোপোহাৰ মাজত এই আইইডিকেইটা লুকুৱাই ৰখা হৈছিল বুলি বিষয়াসকলে জনায় । এই অভিযানত স্নিফাৰ ডগো নিয়োগ কৰা হৈছিল ।
Read More
পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক

পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক । মঙলবাৰ আৰু বুধবাৰে আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ ৫৭ জন বাংলাদেশীক আটক কৰা হয় ।বিগত দুদিনত আৰক্ষীয়ে দুটা পৃথকে পৃথকে চলোৱা অভিযানত মহিলা আৰু শিশুকে ধৰি বাংলাদেশৰ ১৮ জন লোকক আটক কৰিছিল । বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই কামাখ্যা জংচনত ৫৭ জন বাংলাদেশী নাগৰিকক আটক কৰে । ব্ৰহ্মপুত্র মেইলেৰে দিল্লীৰ পৰা আহিছিল দলটো । কাশ্মীৰৰ পৰা দিল্লী হৈ বাংলাদেশী নাগৰিকৰ দলটো গুৱাহাটীলৈ আহি ধৰা পৰে ।
Read More
ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু

ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু

ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু হয় । দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতেই পূব ইউক্ৰেইনত যাত্ৰীৰে ঠাহ খাই থকা বাছ এখনত বোমা নিক্ষেপ কৰাত এই যাত্ৰীকেইগৰাকীয়ে প্ৰাণ হেৰুৱায় ।বৃহস্পতিবাৰে ইউক্ৰেইন কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে । এই বিস্ফোৰণৰ পিছতে চহৰখনত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে । উল্লেখ্য যে ইউক্ৰেইনৰ ডনেস্কৰ যুদ্ধবিধ্বস্ত ক্ৰমাটৰ্স্ক চহৰৰ বাছ আস্থানৰ কাষত পুৱাই চলা এই আক্ৰমণৰ ফলত স্থানীয় জনসাধাৰণ শংকিত হৈ পৰে ।
Read More
ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা

ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা

ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা ৷ ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে এইবেলি দেশখনৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ ভাৰতীয় পাইলট মাচ্চাৰক আগবঢ়োৱা হ’ব বুলি বৃহস্পতিবাৰে এক ঘোষণা কৰে ৷ ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাই বিমান এফজেড ১০৭৩ত সহ-পাইলটে কৰা আক্ৰমণৰ পিছত মাচ্চাৰে অসাধাৰণ সাহস প্ৰদৰ্শন কৰি প্ৰায় ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল ৷ তাৰ সুবাদতে কেপ্টেইন মাচ্চাৰলৈ এই বঁটা আগবঢ়োৱা হ’ব ৷
Read More
গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক ৷ আৰক্ষীৰ জালত শিশু, মহিলাসহ অবৈধ বাংলাদেশী নাগৰিক ৷অবৈধ বাংলাদেশী নাগৰিকক আশ্ৰয় দিছে পল্টনবজাৰৰ একাংশ হোটেল কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে এই কথা ৷ঘটনা অনুসৰি আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে ৷লোকসকল বাংলাদেশৰ ঢাকা, বগুৰা, ৰাজবাৰী, নড়াইল আৰু জামালপুৰ জিলাৰ বাসিন্দা ৷ ৫ অক্টোবৰত অসমত প্ৰৱেশ কৰি দলটোৱে টকৌবাৰীৰ ‘হোটেল ভিণ্টেজ’ত আশ্ৰয় লৈ আছিল, যাতে ট্ৰেইনেৰে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব পাৰে ৷"ইফালে আৰক্ষীয়ে আটক কৰা এগৰাকী বাংলাদেশী মহিলাৰ পৰা এখন বৈধ আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে, য’ত গুজৰাটৰ…
Read More
বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত

বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত

ইনষ্টাগ্ৰামৰ জৰিয়তে অভিজাত শ্ৰেণীৰ লোকক টাৰ্গেট কৰা বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত যোৰহাট আৰক্ষীৰ । যুৱতী, মহিলাসহ তিনি যুৱকক গ্ৰেপ্তাৰ ।এই চক্ৰটোৱে তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এজন মেনেজাৰক প্রেমৰ জালত পেলাই পৰৱর্তী সময়ত ব্লেকমেইলিং কৰি লাখে লাখে টকা সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে ।সুন্দৰী যুৱতীগৰাকীৰ সৈতে ইনষ্টাগ্ৰামত তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এগৰাকী বেংক মেনেজাৰ চিনাকি হৈছিল। ইয়াৰ পিছতে মেনেজাৰজনক বিবাহিত মহিলাগৰাকীয়ে যোৰহাটত লগ কৰিবলৈ মাতিছিল । আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে বিগত আগষ্ট মাহত যোৰহাটৰ অজন্তা হলৰ সমীপৰ এটা ভাড়া ঘৰত দুয়ো নৈশ যাপন কৰিছিল।ঠিক তেনে সময়তে দুয়োয়ে অন্তৰংগ মুহূৰ্ত কটোৱা সেই কোঠাটোত পৰিকল্পিতভাৱে দুজন যুৱকে প্রৱেশ কৰিছিল । দুয়োয়ে পূৰ্ব পৰিকল্পিতভাৱে…
Read More
দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা

দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা

দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা ৷ দিল্লীৰ সীমাপুৰীৰ ঈদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচ মহলীয়া অট্টালিকা বুধবাৰে ভাঙি পৰে। ইয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।খবৰ অনুসৰি একাংশ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ততাতৈয়াকৈ আহতসকলক ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে । ইয়াৰে এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । তাৰোপৰি ৪জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।বিয়লি প্ৰায় ৩-১৫ বজাত অট্টালিকাটো ভাঙি পৰাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰিছিল । লগে লগে ঘটনাস্থলীত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ…
Read More
নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নানা পাটেকাৰৰ মৃত্যুত বলিউডৰ লগতে ৰাজনৈতিক জগততো শোকৰ ছা পৰিছে ৷ মণিপাল হাস্পতালে তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে ৷গোৱাৰ মণিপাল হাস্পতালে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে অভিনেতাজনক গোৱাৰ ড’না প’লাৰ ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হয় ৷ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা নানা নামেৰে পৰিচিত বিশ্বনাথ পাটেকাৰ হিন্দী আৰু মাৰাঠী চিনেমাৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে পৰিগণিত হয় । চলচিত্ৰৰ উপৰিও নানা বিভিন্ন সামাজিক কামৰ লগত জড়িত হোৱাৰ বাবেও পৰিচিত আছিল । ১৯৭৮ চনত ‘গমন’ ছবিৰ…
Read More
১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা দেশৰ বিভিন্ন পৰ্যায়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ সোমবাৰে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতৃত্বই ৷সোমবাৰে সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিসকল সৈতে হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ নেতৃত্বই ৷
Read More
ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে প্ৰস্তুতিৰ কাম। পূজা মণ্ডপ সজাই-পৰাই তোলাৰ লগতে আলোকসজ্জা আৰু অন্যান্য কামতো ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল।সমান্তৰালভাৱে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰো। দিন-ৰাতি একাকাৰ কৰি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। মাটি, খেৰ আৰু অন্যান্য সামগ্ৰীৰে নিপুণ হাতেৰে প্ৰতিমাক ৰূপ দিয়াৰ কাম এতিয়া পূৰ্ণগতিত চলিছে।প্ৰতিমাৰ আকাৰ আৰু নক্সা অনুসৰি শিল্পীসকলে দিনে-নিশাই কাম কৰি আছে। প্ৰথমে মাটিৰে প্ৰতিমাৰ গাঁথনি প্ৰস্তুত কৰাৰ পিছত ধাপে ধাপে মাটিৰ প্ৰলেপ, শুকোৱা, ৰং কৰা আৰু অলংকাৰ সংযোজনৰ কাম সম্পন্ন কৰা হৈছে।দুৰ্গা পূজাৰ আগমনৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি…
Read More