Dipshikha

3305 Posts
পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চহৰখনৰ 'পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ' (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত বুধবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ নৱজাতক পৰিচৰ্যা গোটত (NICU) হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ ৱাৰ্ডটো আগুৰি ধৰে আৰু ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অৱশ্যে জুইৰ প্ৰকোপ অত্যাধিক হোৱাৰ বাবে নৱজাতকসকলক সময়মতে সুৰক্ষিতভাৱে উলিয়াই অনাটো কঠিন হৈ পৰে।
Read More
”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে।অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা, অৰ্থনীতি আৰু জনসংখ্যাতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে, গৃহ মন্ত্ৰালয়ে সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সৈতে মিলি এক চাৰি দফীয়া কৌশল প্ৰস্তুত কৰিছে, যাৰ মূল লক্ষ্য হ'ল অতি কম সময়ৰ ভিতৰত দেশখনক অনুপ্ৰৱেশকাৰী মুক্ত কৰা।পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে মাওবাদী, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু ড্ৰাগছৰ সমস্যাসমূহ কাৰ্যক্ষমভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে আইনীভাৱে ভাৰতলৈ আহি দেশৰ উন্নয়নত অৱদান আগবঢ়ায় তেওঁলোকক আদৰণি জনোৱা হ'ব। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব।
Read More
হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য

হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য

মিঠাতেল, চাউল আৰু পিঁয়াজৰ পাছত শেহতীয়াকৈ ৰাজ্যত চেনিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৷ বৰ্তমান প্ৰতি কিলোগ্ৰাম চেনিৰ পাইকাৰী মূল্য ৬১ টকা ৷ৰাজ্যত অত্যাৱশকীয়া সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম অৱস্থাত পাইকাৰী বজাৰত চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪২ টকা আছিল ৷ কিন্তু বৰ্তমান পাইকাৰী বজাৰতে প্ৰতি কিলোগ্ৰাম চেনিৰ মূল্য ৬১ লৈ বৃদ্ধি পাইছে ।
Read More
ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ! PMAYৰ অধীনত অসমত নতুনকৈ ৩.৮ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বানপীড়িত অঞ্চলৰ বাবেও অতিৰিক্ত PMAY গৃহৰ অনুমোদন। উজনিৰ বানত ক্ষতিগ্ৰস্তৰ ঘৰ নিৰ্মাণ কৰিব কেন্দ্ৰই। PMAYৰ অধীনত অসমত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব কেন্দ্ৰই। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ।
Read More
ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

শুকুৰবাৰে গভীৰ নিশা তেলেংগানাৰ য়াদাদ্ৰী ভংগীৰ জিলাৰ পোচমপল্লী মণ্ডলৰ দোথিগুডেমৰ সমীপত হাজেলো লেব প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ প্ৰস্তুতকৰণ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় ।বিস্ফোৰণৰ ফলত কোম্পানীটোৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ততাতৈয়াকৈ সেই স্থানলৈ গৈ জুই নিয়ন্ত্ৰণলৈ আনে । এখন গাড়ীৰে জুই নুমুওৱাটো অসম্ভৱ হৈ পৰাত অগ্নি নিৰ্বাপক বাহিনীৰ কেবাখনো গাড়ী ব্যৱহাৰ কৰিবলগীয়া হয় ৷ অগ্নিকাণ্ডটোত আহত দুই শ্ৰমিকক নিশাই চিকিৎসাৰ বাবে হায়দৰাবাদলৈ স্থানান্তৰ কৰা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাতে এই দুজন দুৰ্ভগীয়া শ্ৰমিকে মৃত্যুক সাবটি লয় ।
Read More
যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। কেব চালকসকলৰ এই প্ৰতিবাদে ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে, উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। লগতে মেঘালয়ৰ প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে কেব চালকসকলে।একেদৰে, মেঘালয় চৰকাৰে চালকসকলৰ সুৰক্ষাৰ নিশ্চিতি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ ফলত অসম-মেঘালয় সীমান্তত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে।
Read More
দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত বৰাত আলী। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো।কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে ।এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা ডকাইত বৰাত আলীৰ।
Read More
জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।

জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।

য়েমেন আৰু ছোমালিয়াৰ সমীপত জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত হোৱাৰ খবৰ আহিছে। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।এম.টি. চি বু ১ (M.T. Sibu 1) নামৰ এৰিট্ৰিয়াৰ পতাকাযুক্ত এই তেলবাহী জাহাজখন য়েমেনৰ উপকূলৰ পৰা প্ৰায় ৩০মাইল আঁতৰত এডেন উপসাগৰত ৬ জন সশস্ত্ৰ জলদস্যুৱে অপহৰণ কৰে। জাহাজখনত থকা ২০ জনীয়া দলটোৰ ভিতৰত ১৬ গৰাকীয়েই ভাৰতীয়। ডাইৰেক্টৰেট অৱ মেৰিটাইম এডমিনিষ্ট্ৰেছনৰ প্ৰাৰম্ভিক ৰিপৰ্ট অনুসৰি নাবিকসকল বৰ্তমান সুৰক্ষিত অৱস্থাত আছে।
Read More
অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম আৰু মেঘালয়ৰ সংযোগস্থল খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।জানিব পৰা মতে পৰ্যটৰ কোনো বাণিজ্যিক বাহনকে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰতিবাদকাৰী চালক সন্থাই ।খানাপাৰাৰ পৰাই ঘূৰাই পঠোৱা হৈছে বাহনসমূহ । অসমৰ পৰ্যটকক সদ্যহতে শ্বিলং বা মেঘালয় ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈও প্ৰতিবাদকাৰী চালকসকলে আহ্বান জনাইছে । বুধবাৰে শ্বিলঙত সংঘটিত এক ঘটনাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । বহিঃৰাজ্যৰ বহু বাহনত সংগঠনটোৱে আক্ৰমণ কৰে । কেৱল বাহনেই নহয় অসমৰ পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ ৰূপত থকা দুস্কৃতিকাৰীয়ে…
Read More
পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ৷ আজি (২০ আগষ্ট)ৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি আজিৰে পৰা ২২ আগষ্টলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান ৷ মণিপুৰৰ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড আৰু অন্যান্য ব’ৰ্ডৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী, সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এই বন্ধৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব ।
Read More