Dipshikha

3401 Posts
পুনৰ অনুষ্ঠিত হৈছে নিৰ্বাচন

পুনৰ অনুষ্ঠিত হৈছে নিৰ্বাচন

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ১৫ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইভিএমৰ সৈতে খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে উক্ত ভোটকেন্দ্ৰবোৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল । আয়োগৰ তথ্য অনুসৰি দক্ষিণ ২৪ পৰগনাত পশ্চিম মগৰাহাট বিধানসভা সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ ভোটদান চলিছে ।
Read More
এবিধ উপকাৰী শাক

এবিধ উপকাৰী শাক

লাই শাক (Mustard Greens) ভিটামিন A, C, K, আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এক পুষ্টিকৰ শীতকালীন শাক। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, হজম শক্তি উন্নত কৰে, হৃদৰোগৰ আশংকা কমায় আৰু চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। তদুপৰি, NKTV অনুসৰি, লাই শাকে ভোক বঢ়োৱাত আৰু কফ বা কাহ উপশম কৰাত সহায় কৰে।লাই শাকৰ প্ৰধান উপকাৰিতা সমূহ:ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: লাই শাকত থকা ভিটামিন C আৰু এণ্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।হজম শক্তি আৰু পেট পৰিষ্কাৰ: এই শাকত প্ৰচুৰ পৰিমাণে আঁহ (Fiber) থাকে, যিয়ে হজম প্ৰক্ৰিয়া উন্নত কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।হৃদযন্ত্ৰৰ বাবে উপকাৰী: লাই শাকে তেজত বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰি হৃদৰোগৰ আশংকা কমায়।চকুৰ…
Read More
ভয়ংকৰ দুৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনা

বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জন লোকে। বুধবাৰৰ নিশা ৰাজস্থানৰ আলৱাৰ জিলাৰ লক্ষ্মণগড় থানাৰ অন্তৰ্গত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত চলন্ত অৱস্থাত এখন গাড়ীত জুই লগাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটি শিশুও আছে। গাড়ীখনৰ চালকজনে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও চালকজনৰ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। এই সন্দৰ্ভত আৰক্ষী বিষয়া কৈলাশ জিন্দালৰ ভাষ্য অনুসৰি, দিল্লীৰ ফালৰ পৰা কোটা অভিমুখে আহি থকা গাড়ীখনত নিশা প্ৰায় ১ বজাত হঠাতে জুই লাগে। জুই ইমান ক্ষিপ্ৰতাৰে বিয়পি পৰিছিল যে ভিতৰত থকা যাত্ৰীসকলে বাহিৰলৈ ওলাই অহাৰ কোনো সুযোগেই…
Read More
ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত

ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত

আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত ৰাখিছে । কিন্তু এতিয়াও যুদ্ধবিৰতিক লৈ কোনো সিদ্ধান্ত হোৱা নাই । তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণে আমেৰিকাৰ সৈতে চুক্তিত সন্মতি নিদিয়ালৈকে হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব । এই ঘোষণাৰ পিছতে বৃহস্পতিবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ মাৰ্কিন ডলাৰৰ ওপৰত বৃদ্ধি পাইছে । বুধবাৰে সংবাদ সংস্থা এক্সিঅ'ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই অৱৰোধক ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰাৰ মূল আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ।
Read More
ঢেকীয়া শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঢেকীয়া শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঢেকীয়া শাক (Fiddlehead Fern) অসমৰ এক অতি জনপ্ৰিয়, সোৱাদযুক্ত আৰু পুষ্টিকৰ বনৰীয়া শাক, যি প্ৰটিন, ভিটামিন A, C, E, এন্টিঅক্সিডেন্ট, কেলচিয়াম আৰু আইৰণেৰে ভৰপূৰ। ই ডায়েবেটিছ নিয়ন্ত্ৰণ, দৃষ্টিশক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ, উচ্চ ৰক্তচাপ হ্ৰাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও, ই যকৃতৰ বাবে উপকাৰী, পেলুনাশক আৰু শৰীৰত বিকিৰণ ৰোধক (Anti-radiation) গুণসম্পন্ন। ঢেকীয়া শাকৰ প্ৰধান উপকাৰিতা:পুষ্টিগুণ: ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থকা বাবে তেজহীনতা বা এনিমিয়া ৰোগীৰ বাবে খুবেই উপকাৰী।ডায়েবেটিছ নিয়ন্ত্ৰণ: ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ঢেকীয়াই সহায় কৰে।দৃষ্টিশক্তি: ভিটামিন এ আৰু বিটা-কেৰোটিন থকা বাবে ই দৃষ্টিশক্তি বৃদ্ধি কৰাত আৰু চকুৰ সমস্যা দূৰ কৰাত সহায় কৰে।হাড়ৰ গঠন:…
Read More
আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

অসমত আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।গুৱাহাটী আৰু বৰাক উপত্যকাত হ'ব পাৰে প্রচণ্ড ধুমুহা-বৰষুণ।কাছাৰ,হাইলাকান্দি, শ্রীভূমিৰ বিভিন্ন ঠাইত বজ্রপাত, ধুমুহাৰ সম্ভাৱনা।
Read More
ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ।
Read More
সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক।
Read More
ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত হোৱা কাৰ্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ কিহৰ বাবে ভাতৃয়ে এনে কৰিবলৈ বাধ্য হ’ল সেই কথাই সংবাদ শিৰোনাম দখল কৰিছে ৷ এই কাহিনী ওড়িশাৰ ৷ ওড়িশাত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ অৱশ্য়ে তেতিয়াৰ কাহিনী আৰু এতিয়াৰ কাহিনীৰ মাজত পাৰ্থক্য আছে ৷ ৰাজ্যখনৰ কালাহাণ্ডীৰ পিছত কেওনঝাৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷বেংকৰ কামত অতিষ্ঠ হৈ জিতু মুণ্ডা নামৰ লোকজনে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ কিছুমাহ পূৰ্বে জিতু মুণ্ডাৰ ভগ্নী কালাৰা মুণ্ডাৰ মৃত্যু ঘটিছিল ৷ নীতি অনুসৰি জিতুৰ ভগ্নীক কবৰস্থ কৰা হৈছিল ৷ তাৰ পিছত সকলো ঠিকে-ঠাকেই চলিছিল যদিও বেংকত জমা…
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

নিশা কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিমিষতে নৈত খহি পৰিল এখন পকী দলং। নৈত জপিয়াই প্রাণ ৰক্ষা কেইবাজনো লোকৰ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল হাৰং নৈৰ ওপৰত থকা ৰংঘৰ-ভাঙ্গাৰপাৰ সংযোগী এই পকী দলংখন। এই দলংখনৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল স্থানীয় ৰাইজে। এই দলংখন খহি পৰাৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তৰ বাবে কোনো বিকল্প ব্যৱস্থা নথকাত স্থানীয় ৰাইজে এই জৰাজীৰ্ণ দলংখনেৰে অহা-যোৱা অব্যাহত ৰাখিছিল।
Read More