বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জন লোকে। বুধবাৰৰ নিশা ৰাজস্থানৰ আলৱাৰ জিলাৰ লক্ষ্মণগড় থানাৰ অন্তৰ্গত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত চলন্ত অৱস্থাত এখন গাড়ীত জুই লগাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়।
উল্লেখযোগ্য যে, নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটি শিশুও আছে। গাড়ীখনৰ চালকজনে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও চালকজনৰ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। এই সন্দৰ্ভত আৰক্ষী বিষয়া কৈলাশ জিন্দালৰ ভাষ্য অনুসৰি, দিল্লীৰ ফালৰ পৰা কোটা অভিমুখে আহি থকা গাড়ীখনত নিশা প্ৰায় ১ বজাত হঠাতে জুই লাগে। জুই ইমান ক্ষিপ্ৰতাৰে বিয়পি পৰিছিল যে ভিতৰত থকা যাত্ৰীসকলে বাহিৰলৈ ওলাই অহাৰ কোনো সুযোগেই পোৱা নাছিল।
