ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত

আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিক লৈ এতিয়াও আলোচনা অব্যাহত ৰাখিছে । কিন্তু এতিয়াও যুদ্ধবিৰতিক লৈ কোনো সিদ্ধান্ত হোৱা নাই । তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণে আমেৰিকাৰ সৈতে চুক্তিত সন্মতি নিদিয়ালৈকে হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধ অব্যাহত থাকিব ।

এই ঘোষণাৰ পিছতে বৃহস্পতিবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ মাৰ্কিন ডলাৰৰ ওপৰত বৃদ্ধি পাইছে । বুধবাৰে সংবাদ সংস্থা এক্সিঅ’ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই অৱৰোধক ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰাৰ মূল আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *