ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত হোৱা কাৰ্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ কিহৰ বাবে ভাতৃয়ে এনে কৰিবলৈ বাধ্য হ’ল সেই কথাই সংবাদ শিৰোনাম দখল কৰিছে ৷

এই কাহিনী ওড়িশাৰ ৷ ওড়িশাত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ অৱশ্য়ে তেতিয়াৰ কাহিনী আৰু এতিয়াৰ কাহিনীৰ মাজত পাৰ্থক্য আছে ৷ ৰাজ্যখনৰ কালাহাণ্ডীৰ পিছত কেওনঝাৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷বেংকৰ কামত অতিষ্ঠ হৈ জিতু মুণ্ডা নামৰ লোকজনে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ কিছুমাহ পূৰ্বে জিতু মুণ্ডাৰ ভগ্নী কালাৰা মুণ্ডাৰ মৃত্যু ঘটিছিল ৷ নীতি অনুসৰি জিতুৰ ভগ্নীক কবৰস্থ কৰা হৈছিল ৷ তাৰ পিছত সকলো ঠিকে-ঠাকেই চলিছিল যদিও বেংকত জমা ৰখা টকা উলিয়াবলৈ গৈহে বিপাঙত পৰে লোকজন ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *