Dipshikha

3141 Posts
চাৰিজন ক্ৰিকেট খেলুৱৈ নিলম্বন কৰা হয়

চাৰিজন ক্ৰিকেট খেলুৱৈ নিলম্বন কৰা হয়

অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে ৷ অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিবৃতিৰ প্ৰকাশ কৰিছে এই কথা ৷ ক্ৰিকেট খেলৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক ৷ খেলুৱৈ চাৰিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাতো এজাহাৰ দাখিল কৰিছে অসম ক্ৰিকেট সন্থাই ।চৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰা অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত আৰু উচটনি দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে খেলুৱৈকেইগৰাকীৰ বিৰুদ্ধে ৷
Read More
তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল বিষয়াগৰাকী । এক নিৰ্ভৰযোগ্য তথ্য়ৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত জুনিয়ৰ ৱাৰেণ্ট বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ মোবাইলৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ লগত তথ্য আদান-প্ৰদান কৰিছিল । কিমান দিনৰ পৰা এই তথ্য আদান-প্ৰদান কৰিছিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা…
Read More
পুনৰ বৃদ্ধি ৰিচাৰ্জৰ মূল্য

পুনৰ বৃদ্ধি ৰিচাৰ্জৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য় অনুসৰি ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম।টেলিকম সেৱা প্ৰদানকাৰীয়ে পুনৰ দাম বৃদ্ধিৰ কথা চিন্তা কৰিছে। অৱশ্যে সকলো ৰিচাৰ্জৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা নাযাব। গতিকে কব পাৰি যে,একাংশই এই মূল্যবৃদ্ধিৰ পৰা কিছু পৰিমাণে ৰেহাই লাভ কৰিব।আগন্তুক সপ্তাহৰ পৰা ৰিচাৰ্জৰ নামৰ আপুনি অধিক ধন ভৰিব লাগিব পাৰে।খবৰ অনুসৰি, সকলোবোৰ কোম্পানীৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি নহ’ব পাৰে। কিন্তু জিঅৰ বাহিৰে আন সকলোৱে মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ভোডাফোন-আইডিয়াই বাৰ্ষিক ৰিচাৰ্জৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰি ২০০০ টকা কৰিছে। ৮৪ দিনীয়া ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে। ভাৰতী এয়াৰটেলেও একেই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ সস্তীয়া প্লেনত ১০…
Read More
অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা

অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা

সোমবাৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত চৰকাৰী তথ্যমতে বৰ্তমানলৈ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।হায়ুলিয়াং অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে জনায় যে হায়ুলিয়াঙৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ নিলগত সাগলাগাম পথত এই দুৰ্ঘটনা সংঘটিত হয় । শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ ভেন পাহাৰীয়া পথটোৰ পৰা বহু তললৈ বাগৰি পৰে আৰু বৰ্তমানলৈ ১৪ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । নিহত শ্ৰমিককেইজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷
Read More
জ্বৰ কমাবলৈ ই ব‌ই বেছ উপকাৰী

জ্বৰ কমাবলৈ ই ব‌ই বেছ উপকাৰী

অমৰলতা এবিধ ঔষধি লতা, যাক ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসাত বহু যুগ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। প্ৰাচীন চিকিৎসা শাস্ত্ৰত অমৰলতাক ‘অমৃত’ বা ‘জীৱনদায়ী’ বুলি বিবেচনা কৰা হয়। ইয়াৰ গুণে শৰীৰক শক্তিশালী, ৰোগ প্ৰতিকাৰ শক্তি সমৃদ্ধ আৰু মন-দেহ দুয়োকে সজীৱ কৰি তোলে। অমৰলতা গিলয় হিচাপেও পৰিচিত। অমৰলতা (গুলঞ্চ/গিলয়) এক ঔষধি লতা, যাৰ উপকাৰিতা বহুত, বিশেষকৈ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় (immunity booster), জ্বৰ, বিষ, পিত্ত, বাত আৰু কফৰ দৰে সমস্যাত উপকাৰী, ইয়াৰ পাত, ডাল সকলো ব্যৱহাৰ কৰা হয়, কিন্তু যিকোনো ঔষধি ব্যৱহাৰৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। অমৰলতাৰ মূল উপকাৰিতা:ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।জ্বৰ নিৰাময়: জ্বৰ…
Read More
প’ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ?

প’ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ?

প'ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ? এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আৰক্ষীয়ে ?আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি কয়, "আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাওঁ । য'ত এগৰাকী মহিলাই প'ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হোৱা বুলি অভিযোগ কৰিছে । এই বিষয়টো সন্দৰ্ভত আমি কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ । প'ষ্ট মেলনৰ কনচাৰ্টৰ দিনা আমাৰ যথেষ্ট সংখ্যক আৰক্ষী নিয়োজিত হৈ আছিল । লগতে বুক মাই শ্ব' লাইভৰ ছিকিউৰিটী আছিল । যেতিয়া আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়া দেখিলো সেইদিনা আমাৰ আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই । বুক…
Read More
বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে। বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ চোৰাং চিকাৰীয়ে জাল পতাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা বন বিভাগৰ অন্তৰ্গত বিশ্বনাথ ঘাট ৰেঞ্জ আৰু অপৰাধ অনুসন্ধান ৰেঞ্জে।লগে লগে বন বিভাগৰ দলটোৱে সেই স্থানত অভিযান চলাই আৰু পাঁচটা চোৰাং চিকাৰীক অভিযানকাৰী দলটোৱে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।চোৰাং চিকাৰীৰ দলটোৰ পৰা বন বিভাগৰ অভিযানকাৰী দলটোৱে এটা জীৱন্ত কটন পিগমি গুজ নামৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাই, এখন মাছ মৰা জাল,২ টা মোবাইল ফোন, ১ টা টৰ্চ লাইট আৰু ২ টা বগা বেগ উদ্ধাৰ কৰে।
Read More
ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ২২ গৰাকী লোকৰ মৃত্যু। আন কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। এটা ৭ মহলীয়া অট্টালিকাত লাগে জুই । অট্টালিকাটোৰ প্ৰথম মহলাত মজুত ৰখা বেটাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
Read More
তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ হাবি-বননীৰ বিভিন্ন স্থানত এজোপা কাঁইট গছ প্ৰায়ে দেখা যায়। অনেক ঠাল-ঠেঙুলি থকা এই কাঁইটীয়া গছ জোপা নিজে-নিজে গজি উঠে। বেঙেনা পাতৰ দৰে পাত থকা এই বনৰীয়া গছজোপাৰ নাম ভেকুৰী তিতা। বহুতেই ইয়াক তিতা ভেকুৰী বুলিও কয়। গছজোপাত সৰু-সৰু সেউজীয়া ফল লাগে, যিবোৰ পকিলে ডাঠ হালধীয়া ৰঙৰ হৈ পৰে। ইয়াৰ সোৱাদ তিতা। সোৱাদ তিতা হলেও ভেকুৰী তিতাৰ আছে অগণন স্বাস্থ্য উপকাৰিতা।ভেকুৰী তিতা (Solanum torvum) এক বনৌষধি, যি তিতা হ'লেও বিভিন্ন স্বাস্থ্য উপকাৰিতাৰে পৰিপূৰ্ণ; ই চৰ্মৰোগ, খজুৱতি, পিত্ত ৰোগ, বসন্ত ৰোগ আদিৰ উপশমত, হজম শক্তি বৃদ্ধি, আৰু কিছুমান ক্ষেত্ৰত ডায়বেটিছ বা আন ৰোগৰ বাবেও আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহৃত হয়, যাক আচাৰ বা…
Read More
দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে, ক্ষুব্ধ ৰাইজে দিনৰ ১০ বাজি ৩০ মিনিটৰ পৰা ধলগুৰিত এঘণ্টা সময় পথ অৱৰোধ কৰা পৰিলক্ষিত হয়৷
Read More