কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ

ভাগ্য ভাল আছিল কাৰণেই হয়তো কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ। সংবাদদাতাসকলৰ সৈতে ট্ৰাম্পে আয়োজন কৰা ডিনাৰ পাৰ্টিৰ সময়তে ধাৰাসাৰ গুলীবৰ্ষণত কপিঁ উঠে ৱাশ্বিংটনৰ এখন হোটেল। আমেৰিকাৰ হোৱাইট হাউচো আয়োজন কৰা এই অনুষ্ঠানটোত ট্ৰাম্পৰ লগতে উপস্থিত আছিল উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স।

দুৰ্বৃত্তই প্ৰায় ৬জাঁই গুলীবৰ্ষণ কৰে। কিন্তু এই ঘটনাত কাৰো একো হানি-বিঘিনি হোৱা নাই। ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীতে আক্ৰমণকাৰীক গুলীয়াই নিধন কৰে। উল্লেখ্য যে, ডিনাৰৰ বাবে হোটেলখনলৈ গৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ৱাশ্বিংটনৰ হিল্টন হোটেলত সংঘটিত হৈছে এই ঘটনা হোটেলখনৰ পৰা সুৰক্ষিতভাৱে ট্ৰাম্প-জে ডি ভান্সক উদ্ধাৰ কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *