আম আদমি পাৰ্টী এৰা ৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । সৰ্বত্ৰে বিষয়টোক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ কেজৰিৱালৰ দলটোৱে পালে আন এক আঘাত । ৰাঘৱ চাড্ডাসহ ৭ সাংসদৰ সদস্যপদ খাৰিজৰ বাবে আম আদমি পাৰ্টীয়ে আবেদন কৰিছিল যদিও ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে সাংসদকেইজনক বিজেপিক একত্ৰিত কৰাৰ আনুষ্ঠানিক অনুমতি প্ৰদান কৰিলে । সোমবাৰে এক সূত্ৰই জনোৱা মতে ৰাজ্যসভাই আপৰ ৭ সাংসদৰ বিজেপিত মিলিত হোৱাৰ অনুমতি দিলে । ইয়াৰ লগে লগে ৰাজ্যসভাত বিজেপিৰ শক্তি ১১৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আপৰ শক্তি ৩ লৈ হ্ৰাস পালে ।
ৰাজ্যসভাৰ ৱেবছাইটৰ মতেও ৭ জন সাংসদেই এতিয়া বিজেপিৰ সদস্য তালিকাৰ অংশ । সূত্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ৭ জন সাংসদে একত্ৰীকৰণ হোৱাৰ পিছত তেওঁলোকক বিজেপি সাংসদ হিচাপে স্বীকৃতি দিবলৈ ৰাজ্যসভাৰ অধ্যক্ষক আবেদন জনাইছিল ।
